ETV Bharat / politics

কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনৰ মন্থন অগপ-বিজেপিৰ: বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থীৰ জয়ত উৎফুল্লিত মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই বিজয় ধ্বজা বিজেপি মিত্ৰজোঁটৰ । ২ জিলা পৰিষদ, ৯ আঞ্চলিক পঞ্চায়ত দখল ।

Panchayat Elections 2025
বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক দিপ্লুৰঞ্জন শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 2:59 PM IST

4 Min Read
Choose ETV Bharat

কলিয়াবৰ: কলিয়াবৰত মিত্ৰদল ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ জিলা আৰু অসম গণ পৰিষদৰ কলিয়াবৰ বিধান পৰিষদৰ বিষয়ববীয়াসকলক লৈ অনুষ্ঠিত এক যৌথ বৈঠকত ভাগ লয় কলিয়াবৰৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই । শুক্ৰবাৰে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মিত্ৰদলৰ নিৰ্বাচনী ৰণকৌশল আৰু নিৰ্বাচনী পৰিকল্পনাৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় ।

লগতে কলিয়াবৰ সমষ্টিৰ ৪ টা জিলা পৰিষদৰ ভিতৰত ২টা জিলা পৰিষদত সদস‍্য হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী দুয়োজন প্ৰাৰ্থীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই ।

কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনৰ মন্থন অগপ-বিজেপিৰ (ETV Bharat Assam)

এই বৈঠকত চামগুৰি সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ লগতে বিজেপিৰ কলিয়াবৰ জিলাৰ সভাপতি বাবুল বৰা, অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণি মাধৱ মহন্ত, কলিয়াবৰ বিধান পৰিষদৰ অগপৰ সভাপতি তিলক নাথ, কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত বিজেপিৰ তিনিটা মণ্ডলৰ সভাপতিসকল, দুয়োটা দলৰ নেতৃবৰ্গ সমন্বিতে কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া মিত্ৰজোঁটৰ স্থিতিৰ বিষয়ে মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কয়, "ইতিমধ্যে কলিয়াবৰ বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ পূৰ্বেই দুটা জিলা পৰিষদ সমষ্টি দ্বাৰ-বাগৰি আৰু চতিয়াল-পূবথৰীয়াত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । ইয়াৰে দ্বাৰ-বাগৰিৰ প্ৰাৰ্থীগৰাকী বিজেপিৰ আৰু আনটো সমষ্টিৰ প্ৰাৰ্থীগৰাকী অগপ দলৰ । সমষ্টিটোৰ ২২টা আঞ্চলিক পঞ্চায়তৰ নটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । ইয়াৰে পাঁচগৰাকী বিজেপি দলৰ আৰু চাৰিগৰাকী অগপ দলৰ । আনহাতে, ২২টা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু ৱাৰ্ডত মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।"

Panchayat Elections 2025
কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণ বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক দিপ্লুৰঞ্জন শৰ্মাসহ অন্যান্যসকল (ETV Bharat Assam)

লগতে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ ৰাইজে এনেদৰে আলোচনাৰ মাজেৰে সৰহসংখ্যক ৱাৰ্ডৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ বাবে ধন্যবাদ জনায় । বিশেষকৈ মন্ত্ৰীগৰাকীৰ গৃহ পঞ্চায়ত পূব-পূবথৰীয়া গাঁও পঞ্চায়তত মাত্ৰ এটা ৱাৰ্ডতহে ৱাৰ্ডৰ সদস্যৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ হ'ব । বাকী নটা ৱাৰ্ডৰ লগতে পূব-পূবথৰীয়া আঞ্চলিক পঞ্চায়ত আৰু চতিয়াল-পূবথৰীয়া জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীও বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।

আনহাতে, চামগুৰি সমষ্টিৰ বিজেপি দলৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় অভূতপূৰ্ব বুলি উল্লেখ কৰি কয়, "আমাৰ চৰকাৰৰ যি কাম-কাজ সেই কাম-কাজৰ বাবে আমাৰ দলৰ কৰ্ম-কৰ্তাসকলৰ সুবিধা হয় । বিজেপি-অগপ, ৰাভা ঐক্যমঞ্চ, গণশক্তিকে ধৰি ৰামধেনু সদৃশ মিত্ৰতাৰে ২০১৬ চনৰ পৰাই আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছো । কলিয়াবৰতো মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত অভূতপূৰ্ব উন্নয়ন হৈছে । গতিকে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে । আমি কিমান সক্ষম তাৰ প্ৰমাণ ইতিমধ্যেই হৈছে ।"

তেওঁ লগতে কয়, "অসমৰ ৩৯৭ খন জিলা পৰিষদৰ ৩৫ খন আসন বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । তদুপৰি, আঞ্চলিক পঞ্চায়তৰ ২৯৫ খন আসনত মিত্ৰজোঁট বিজয়ী হৈছে । এনে এক অভূতপূৰ্ব ফলাফলৰ মূলতে মিত্ৰজোঁটৰ চৰকাৰৰ উন্নয়নমূলক কাম-কাজ ।"

ইফালে ভয়-ভাবুকি-প্ৰলোভনেৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি কংগ্ৰেছ দলে যি অভিযোগ আনিছে সেই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, "প্ৰথম কথা হ'ল, তেওঁলোকৰ নিজৰ মাটি-ভেটিৰেই ঠিক নাই । কংগ্ৰেছ দলত এশটামান লবী আছে । বৃহস্পতিবাৰে ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈয়ে অকলে আন্দোলন কৰিবলগীয়া হৈছে । ভূপেন বৰা নিৰ্বাচনত হাৰিলে আটাইতকৈ গৌৰৱ গগৈয়ে ভাল পাব । গৌৰৱ গগৈ হাৰিলে ভূপেন বৰাই ভাল পাব । কংগ্ৰেছৰ নিজৰ আভ্যন্তৰীণ যি দ্বন্দ্ব, সেইবোৰ গাপ দিবলৈকে কংগ্ৰেছে এই অপপ্ৰচাৰ চলাইছে ।"

লগতে পঢ়ক :ধনৰ বিনিময়ত পঞ্চায়তৰ টিকট ! কংগ্ৰেছৰ তদন্ত কমিটী গঠন - PANCHAYAT ELECTIONS 2025
লগতে পঢ়ক :কোনোবা দুই-এজনৰ কাৰণে পাৰ্টীটোক আমি উচ্ছৃংখল কৰিব নোৱাৰো: দিলীপ শইকীয়া - DILIP SAIKIA ON PARTY DISCIPLINE