ETV Bharat / politics

মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাতি-নাতিনী ভাৰতীয় হয় নে নহয়: জয়ন্ত মল্লবৰুৱা - JAYANTA MALLA ON GAURAV GOGOI

সাংসদ গৌৰৱ গগৈয়ে কাৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল ? আই এছ আই নে পাকিস্তানৰ গৃহ বিভাগ ? প্ৰশ্ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ।

Minister Jayanta Malla Baruah react over Gourav Gogoi's connection with Pakistan
গৌৰৱ গগৈলৈ প্ৰশ্ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 1:56 PM IST

3 Min Read

গোলাঘাট: যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি প্ৰায়সংখ্যক মন্ত্ৰী-বিধায়ক তথা বিভিন্ন দল-সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে । এনে সময়তে গোলাঘাটত এখন সভাত অংশগ্ৰহণ কৰি কাৰ নিমন্ত্ৰণত সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বুধবাৰে পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি আৰু নগৰৰ ১৩ গৰাকী ৱাৰ্ড সদস্যৰ লগতে জনসাধাৰণৰ সৈতে হোৱা এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই বক্তব্য আগবঢ়াই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয়,"গৌৰৱ গগৈয়ে প্ৰকাৰন্তৰে স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানলৈ গৈছিল । কিন্তু এতিয়া তেওঁ বেলেগ কিছুমান যোৱা মানুহৰ নাম কৈ আছে যি সকলে বিদেশ মন্ত্ৰণালয়ৰ অনুমতি লৈ গৈছিল ।"

গৌৰৱ গগৈলৈ প্ৰশ্ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ (ETV BHARAT ASSAM)

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "আদৱানীজী যোৱা, যশৱন্ত সিং পাকিস্তানলৈ যোৱা বুলি কৈ আছে । এইসকলে ৰাষ্ট্ৰক জনাই গৈছিল । সকলোৱে জানে, কিন্তু তেওঁ কিয় মনে মনে গ'ল ? কেতিয়া গৈছিল প্ৰকাৰন্তৰে স্বীকাৰ কৰে কিন্তু তেওঁ নকয় কিয় গৈছিল ? তেওঁক আই এছ আয়ে নিমন্ত্ৰণ কৰিছিল নে পাকিস্তানৰ গৃহ বিভাগে নিমন্ত্ৰণ কৰিছিল, কোন কোন মানুহক লগ কৰিছিল, ৰাষ্ট্ৰৰ বিৰুদ্ধে থকা কাক কাক লগ কৰিলে, কি গোপন তথ্য তাত দি আহিছে এই কথা সমূহ স্পষ্ট কৰক ।"

Minister Jayanta Malla Baruah react over Gourav Gogoi's connection with Pakistan
জ্যোতিৰ্ময়ী শিশু উদ্যানত জয়ন্ত মল্লবৰুৱা (ETV BHARAT ASSAM)

গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, "তেওঁৰ ল'ৰা-ছোৱালী কোন দেশৰ নাগৰিক সেই কথা ক'বলৈ সময়ৰ প্ৰয়োজন নহয় । অসমৰ ৰাইজে জানিব বিচাৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাতি-নাতিনী ভাৰতীয় হয় নে নহয় । এখন ৰাষ্ট্ৰৰ বিৰোধী দলৰ উপ-দলপতিৰ ল'ৰা-ছোৱালী ভাৰতীয় নাগৰিক হয় নে নহয় । এখন ৰাষ্ট্ৰৰ বিৰোধী দলৰ উপ-দলপতিৰ পত্নীয়ে পাকিস্তানৰ এটা এজেন্সীৰ পৰা দৰমহা কিয় লয়, এইখিনি কথা নকৈ তেখেতে চালে-বেৰে কোবাই কথা কয় । এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ যোৱা কোনো নতুন কথা নহয়, কিন্তু তেওঁ লুকাই চুৰকৈ কিয় গ'ল সেইটো আমাক লাগে ।"

পৌৰসভাৰ বিষয়ববীয়াসকলৰ সৈতে পৰ্যালোচনা সভা (ETV BHARAT ASSAM)

উল্লেখ্য যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গোলাঘাটত উপস্থিত হৈ নগৰৰ জ্যোতিৰ্ময়ী শিশু উদ্যান, যমুনা খোৱা পানী যোগান আঁচনি, বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ-নিৰ্মিত খেলপথাৰ পৰিদৰ্শন কৰে । ইয়াৰ উপৰিও তেখেতে গোলাঘাট পৌৰসভাৰ দ্বাৰা বিগত বৰ্ষত সমাপ্ত হোৱা কামকাজৰ বিষয়ে পৌৰসভাৰ বিষয়ববীয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি বুজ লয় ।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী অজন্তা নেওগ (ETV BHARAT ASSAM)

উক্ত সভাত নগৰৰ ১৩ টা ৱাৰ্ডক সামৰি ৭৩ কোটি টকাৰ বিশুদ্ধ খোৱা পানীৰ যোগানৰ অনুমোদন জনায় । সভাত মন্ত্ৰী অজন্তা নেওগ, পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, উপ-পৌৰপতি সীমান্ত বৰা, লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: গৌৰৱ গগৈ যিধৰণে গৈছিল আৰু য'ত গৈছিল, অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় : মুখ্যমন্ত্ৰী - BJP STATE EXECUTIVE MEETING

নাৰ্ভাছ হৈ স্বীকাৰোক্তিৰ পৃষ্ঠভূমি আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে : পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.