মিঞাক আদৰি লোৱা কংগ্ৰেছক কোনোবাই সমৰ্থন কৰিব নেকি ? কটাক্ষ জয়ন্ত মল্লবৰুৱাৰ - Minister Jayant Mallabaruah
Jayant Mallabaruah slams Congress: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সলনি হোৱাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা চলি থকাৰ মাজতে কংগ্ৰেছক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । মিঞাপ্ৰীতিৰ বাবে দলটোক কোনোৱে আদৰি নলয় বুলি ক'লে মন্ত্ৰীগৰাকীয়ে ।

Published : August 31, 2024 at 9:22 PM IST
নলবাৰী, ৩১ আগষ্ট: শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সলনি হোৱাৰ সম্ভাৱনা সম্পৰ্কে ৰাজ্য়ৰ ৰাজনীতিত বিশেষ চৰ্চা হৈ আছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আঁতৰাই নতুন সভাপতিৰ ওপৰত দায়িত্ব অৰ্পণ কৰাৰ বাবে দলটোৰ ভিতৰত আলোচনা চলি থকা বুলি প্ৰকাশ পোৱাৰ পিছতেই ভূপেন বৰাই দুদিন পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । ইয়াৰ পিছতেই শনিবাৰে এই সন্দৰ্ভত মন্তব্য় কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কংগ্ৰেছৰ মিঞাপ্ৰীতিৰ বিষয়টো উত্থাপন কৰি দলটোক সমালোচনাহে কৰিলে ।
মিঞাক আদৰি লোৱা কংগ্ৰেছক কোনে সমৰ্থন কৰিব ?
আজি নলবাৰীত এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়," কংগ্ৰেছ এতিয়া মৰি যোৱা দল । মৰি যোৱা দলৰ কথা কোনোবাই আলোচনা কৰে নেকি ? এইবোৰ বিৰোধী দলৰ কোনে খবৰ ৰাখে । যিসময়ত মিঞাই উজনি অসম আগ্ৰাসনৰ হুংকাৰ দিছে, মিঞাই উজনি অসমত আগ্ৰাসন কৰিবই, মিঞাই উজনি অসমত যাবই বুলি কোৱাত মিঞাক আদৰি লোৱা কংগ্ৰেছক কোনোবাই সমৰ্থন কৰিব নেকি ?" মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি কয়," অসমীয়া মানুহে কংগ্ৰেছক এতিয়া বিদায় দিছে । মৰি যোৱা দলটোৰ কথা আমি কিয় আলোচনা কৰিব লাগে । বিৰোধীয়ে কি কৰিছে তাত আমাৰ গুৰুত্ব নাই ।"
উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ সিদ্ধান্তক লৈ চলি থকা চৰ্চাই ইতিমধ্যে কংগ্ৰেছৰ ভিতৰচ'ৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আনকি দলটোৰ একাংশ জ্যেষ্ঠ নেতা, বিধায়ক, সাংসদেও ইয়াৰ ওপৰত কৰিছে প্ৰতিক্ৰিয়া । দলীয়ভাৱে যি সিদ্ধান্ত লয় প্ৰতিগৰাকী কংগ্ৰেছ নেতাই তাক সমৰ্থন কৰিব বুলি প্ৰতিক্ৰিয়া আগবঢ়াইছিল সংবাদমাধ্যমৰ আগত । ইয়াৰ মাজতেই আজি এসময়ৰ বিসম্বাদী কংগ্ৰেছ নেতা তথা বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাইও নলবাৰীত কংগ্ৰেছ দলটোৰ সভাপতি সলনিৰ চলি থকা চৰ্চা সন্দৰ্ভত মন্তব্য় কৰি পুনৰ মিঞা প্ৰসংগটোহে উল্লেখ কৰিলে ।

