ETV Bharat / politics

জিকাৰ সম্ভাৱনা থকা সমষ্টি অগপই নিশ্চয় বিচাৰিব: অতুল বৰা

অগপৰ ভেটি শক্তিশালী কৰিবলৈ সমষ্টিয়ে সমষ্টিয়ে ঘুৰিছে অতুল বৰা-কেশৱ মহন্ত । তৃণমূল পৰ্যায়ত হোৱা অসন্তুষ্টিক নস্যাৎ দুই মন্ত্ৰীৰ ।

Minister Atul Bora claims that there has been no rebellion in the AGP
যোৰহাট অগপ কাৰ্যালয়ত অতুল বৰা, কেশৱ মহন্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 20, 2025 at 8:38 AM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ মিত্ৰ দল অগপই উজনি অসমৰ পৰাই আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা তথা নিৰ্বাচনী কুচকাৱাজ । কাৰণ বিজেপি বিধায়ক থকা সমষ্টিত অগপৰ কৰ্মীসকলে বিভিন্ন ক্ষেত্ৰত পিছপৰি আছে আৰু পূৰ্বতে অগপৰ শক্তিশালী সাংগঠনিক ভেটি থকা সমষ্টিবিলাকত পুনৰ অগপই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে বুলি উল্লেখ কৰি একপ্ৰকাৰে ক্ষোভ প্ৰকাশ কৰি অসন্তুষ্টি ব্যক্ত কৰিছে তৃণমূল কৰ্মীসকলে ।

নিৰ্বাচনৰ প্ৰাকক্ষণত তৃণমূল কৰ্মীৰ ক্ষোভ আৰু অসন্তুষ্টি দূৰ কৰিবলৈ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ইতিমধ্যে গোলাঘাট, মাজুলী, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, বৰপেটা আৰু বজালী অগপৰ জিলা সমিতি বিষয়ববীয়াৰ সৈতে আলোচনা সম্পূৰ্ণ কৰিছে ।

অগপ-বিজেপিৰ মিত্ৰতাক লৈ অতুল বৰাৰ মন্তব্য (ETV Bharat Assam)

"তেওঁলোকৰ অভাৱ-অভিযোগ বিজেপি নেতৃত্ব আৰু মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছে । সংবাদ মাধ্যমত ওলাই থকাৰ দৰে দলটোত কোনো বিদ্ৰোহ হোৱা নাই । কোনো কোনো ঠাইতহে অসন্তুষ্টি আছে, সেয়া পৰিয়ালৰ সমস্যাৰ দৰেই সমাধান কৰা হ'ব ।" শনিবাৰে যোৰহাট জিলা অগপৰ কাৰ্যালয়ত অনুষ্ঠিত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ।

লগতে তেওঁ কয়, "এই দলটো তেজেৰে গঢ়া দল । সেয়েহে অসম গণ পৰিষদ দলটো ৰাইজৰ দল হয় । অগপ দলটো কেতিয়াও ক্ষমতাকেন্দ্ৰিক নহয় । সদায় দলটোৱে আঞ্চলিকতাবাদী ধাৰা অক্ষুন্ন ৰাখি, জাতীয়তাবাদী ধাৰণাৰ পৰিচয় দি আহিছে ।"

ইয়াৰোপৰি সভাপতিগৰাকীয়ে কয়, "অসম গণ পৰিষদ দলটোৰ জাতি-মাটি-ভেটি গঢ়াৰ স্বাৰ্থত থকা দল । অগপ দলটো শক্তিশালী হ'লেহে অসমৰ ৰাইজ শক্তিশালী হ'ব । অগপলৈ নতুন তেজৰ আগমন ঘটিছে । নিৰ্বাচনত নতুন মুখে প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে, তাৰ বাবে আমি চেষ্টা কৰিম আৰু অগপই যিবোৰে সমষ্টিত প্ৰাৰ্থিত্ব দিলে জয়ী হোৱাৰ সম্ভাৱনা থাকিব, তেনে সমষ্টি আমি নিশ্চয় বিচাৰিম ।"

ইফালে উচ্ছেদৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, "চৰকাৰী মাটি বা বনাঞ্চলৰ ভূমিত আগ্ৰাসন চলিছে, সেই ভূমিত খিলঞ্জীয়াৰ আগ্ৰাসন চলা নাই, চলাইছে বংগীয়মূলৰ লোকে । সেয়েহে আইনীভাৱে চলোৱা উচ্ছেদক সকলোৱে সমৰ্থন জনাব লাগে ।"

লগতে গোলাঘাটৰ উৰিয়ামঘাটৰ আগ্ৰাসন সন্দৰ্ভত বৰাই কয়, "এটা সময়ত ইংৰাজ চাহাবে কৈ গৈছিল পমুৱা মছুলমানৰ আগ্ৰাসনৰ পৰা অবিভক্ত শিৱসাগৰ জিলাহে বাচি থাকিব । ইংৰাজ চাহাবজনে তেতিয়াই অনুমান কৰিছিল পমুৱা মছুলমানৰ আগ্ৰাসনৰ ভয়াৱহ ছবিখনৰ কথা ।"

লগতে পঢ়ক: ২০২৬ৰ নিৰ্বাচনত অগপই তেজপুৰ এৰি নিদিয়ে বিজেপিক, কোন শীৰ্ষ নেতাই স্থিতি কৰিলে স্পষ্ট ? - TEZPUR ASSEMBLY CONSTITUENCY

জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থতহে বিজেপিৰে মিত্ৰতাত আছে অগপ: ক'লে অতুল বৰাই - AGP BJP ALLIANCE