ETV Bharat / politics

তিনি গগৈ একলগ হ'লে অসমৰ ৰাজনীতিত মেজিক সৃষ্টি হ'ব : অখিল গগৈ - RAIJOR DAL JOINING PROGRAMME

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেজপুৰত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী । তিনি গগৈ একলগ হোৱাৰ আহ্বান অখিল গগৈৰ ।

Mass Joining programme of Raijor Dal in Tezpur
ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 11:02 AM IST

3 Min Read

তেজপুৰ: "ৰাইজৰ দলৰ চৰকাৰ হ'লে থলুৱাক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব । যদি মই মুখ্যমন্ত্ৰী হওঁ চৰকাৰে কেন্দ্ৰৰ পৰা জি এছ টি মুক্ত কৰিব ।"-তেজপুৰত ৰাইজৰ দলৰ যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ । তিনি গগৈ এক হোৱাৰ কথা পুনৰ ক'লে অখিল গগৈয়ে ।

তেজপুৰৰ হিলবিলি বিবাহ ভনত আয়োজিত এক দলীয় সভাত আম আদমি পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি ঋষিৰাজ কৌণ্ডিল্য, শোণিতপুৰ জিলাৰ সভাপতি ৰাজীৱ বৰুৱাৰ লগতে অৰ্ধশতাধিক আপৰ সদস্যই ৰাইজৰ দলত যোগদান কৰে । লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাগৰাকীও প্ৰাক্তন সদস্য, অসম আন্দোলনৰ জাতীয় শ্বহিদ পৰিয়ালৰ সদস্য আৰু অগপ কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে ।

ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী (ETV Bharat Assam)

আনহাতে ইয়াতে ভোমোৰাগুৰি জিলা পৰিষদৰ বাবে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা দিলদাৰ হুছেইনৰ প্ৰতি তেওঁৰ অনুৰোধত ৰাইজৰ দলে সমৰ্থন আগবঢ়ায় । উক্ত সভাত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথ, জিলা সভাপতি ৰবিন্দ্ৰ চন্দ্ৰ বৰা, ড° পৰশমণি সিংহ আদি উপস্থিত থাকে ।

ইয়াৰ পিছতে তিনি গগৈৰ প্ৰসংগ উত্থাপন কৰি অখিল গগৈয়ে কয়, "যদি উজনি অসমত তিনি গগৈ একলগ হয় তেন্তে অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব । অসমৰ ৰাজনীতিত অকল ধুমুহা নহয় এটা যাদু তৈয়াৰ হৈ যাব, যিটো যাদুৱে বিজেপিক ধূলি কৰি লৈ যাব । তাৰ কাৰণে লাগিব আমাৰ বিৰোধী ঐক্যমঞ্চটো ঐক্যবদ্ধ হোৱা । কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়াই একলগ হ'ব তেতিয়াই লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ আমি একলগ হৈ যাম । তিনি গগৈ যেতিয়া লগ হৈ যাব অসমীয়া মানুহৰ আত্মবিশ্বাস আহি যাব ।"

বিজেপিক সমালোচনা কৰি গগৈয়ে কয়, "অসমৰ সকলো শ্ৰেণীৰ মানুহ আজি বিজেপি বিৰোধী । বিজেপিক মানুহে ইমান বেয়া পাইছে যে ব্যৱসায়ীয়ে বেয়া পাইছে, ড্ৰাইভাৰে বেয়া পাইছে, বাছৰ মালিকে বেয়া পাইছে, দোকানীয়ে বেয়া পাইছে, চাকৰিয়ালে বেয়া পাইছে, সাংবাদিকে বেয়া পায়, আমি বেয়া পাওঁ, অসমৰ সকলো শ্ৰেণীৰ মাজুহে বিজেপিক বেয়া পায় । মানুহৰ মাজত বিজেপিক হৰুৱাব পাৰিম বুলি আত্ম বিশ্বাস অহা নাই, কাৰণ আমি একলগ হোৱা নাই ।"

ইফালে অশোক সিংহলৰ প্ৰসংগত গগৈয়ে কয়, "অনুৰোধ কৰিছো যে অশোক সিংহলক এইবাৰ ঢেকীয়াজুলিৰ মানুহে লাঠ মাৰি ঢেকীয়াজুলিৰ পৰা খেদি পঠিয়াব লাগে । পদ্ম হাজৰিকা ডাঙৰীয়াই যি মাফিয়াগিৰি কৰিছে, অসমৰ ইতিহাসত এনেকুৱা মাফিয়া ৰাজনীতি খুব কম আছে । কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীবোৰক মনোনয়ন দাখিল কৰিবলৈকে নিদিলে । আমাৰ বহু প্ৰাৰ্থী ঘূৰি আহিবলগীয়া হ'ল ।"

লগতে পঢ়ক: বাজপেয়ী ভৱনত মাৰথান বৈঠক, যুৱ-মহিলা শক্তিক প্ৰাধান্য বিজেপিৰ - PANCHAYAT ELECTIONS 2025

'টকা দিয়ক, টিকট লওক' বিতৰ্কই খেদিছে কংগ্ৰেছক - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.