ETV Bharat / politics

আৰক্ষীৰ জালত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ অন্যতম অভিযুক্ত - RAKIBUL HUSSAIN ATTACKED CASE

ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ অন্যতম অভিযুক্ত কাছেম আলীক আটক । প্ৰাৰ্থীৰ মনোনয়ন কাঢ়ি নিয়াৰো অভিযোগ কাছেম আলীৰ বিৰুদ্ধে ।

Rakibul Hussain attacked case
আৰক্ষীৰ জালত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ অন্যতম অভিযুক্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 14, 2025 at 4:32 PM IST

2 Min Read

নগাঁও: সাংসদ ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ অন্যতম অভিযুক্ত কাছেম আলীক আটক । নগাঁৱৰ ৰূপহীহাট থানাৰ আৰক্ষীয়ে অভিযুক্ত কাছেম আলীক আটক কৰে ।

আনহাতে, ধৃত কাছেমৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে যোৱা ২০ ফেব্ৰুৱাৰীত ৰূপহীহাটৰ নতুন বজাৰত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাত কাছেম জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৰকিবুল হুছেইনে । সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাৰ অন্যতম মূল অভিযুক্ত বুলি অভিহিত কৰিছিল কংগ্ৰেছেও ।

আৰক্ষীৰ জালত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ অন্যতম অভিযুক্ত (ETV Bharat Assam)

কেৱল এয়াই নহয়, বিগত ১০ এপ্ৰিলত শিঙিমাৰী উন্নয়ন খণ্ডত পঞ্চায়ত নিৰ্বাচনৰ বাবে এগৰাকী ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ জমা দিয়াৰ সময়ত মনোনয়ন কাঢ়ি নিয়াৰো অভিযোগ কাছেমৰ বিৰুদ্ধে উত্থাপিত হৈছে । তদুপৰি, ১১ এপ্ৰিলত শিঙিমাৰী উন্নয়ন খণ্ডৰ সমীপৰ বজাৰত কংগ্ৰেছৰ এগৰাকী কৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনাতো ধৃত কাছেম জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

কেইবাটাও অভিযোগত অভিযুক্ত কাছেমক আটকৰ পিছত ৰূপহীহাট থানালৈ নিয়া হৈছে যদিও পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে চামগুৰি সমষ্টিৰ বিগত উপ-নিৰ্বাচনতো সংঘটিত কেইবাটাও হিংসাত্মক ঘটনাৰ সৈতে ধৃত কাছেম আলী জড়িত থকা বুলিও উত্থাপন হৈছিল অভিযোগ । আনকি শেহতীয়াকৈ ৰূপহীহাট আৰক্ষীয়ে কৰায়ত্ত কৰা কাছেম আলীৰ বিৰুদ্ধে পূৰ্বে ডকাইতিৰ দৰে ঘটনাত জড়িত থকাৰ অভিযোগত গোচৰ থকা বুলিও আন এক সূত্ৰে জানিব পৰা গৈছে । উল্লেখ্য যে সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ ঘটনাই ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক :ওজৰ-আপত্তি-অভিযোগ থাকিলেই ফোন কৰক: নগাঁৱত উপস্থিত পঞ্চায়ত নিৰ্বাচনৰ পাঁচগৰাকীকৈ পৰ্যবেক্ষক - PANCHAYAT ELECTIONS 2025
লগতে পঢ়ক :উত্তপ্ত টেঙাখাত;তেৰছ গোৱালাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ - PANCHAYAT ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.