অসমৰ স্বাৰ্থত আমাক কৰা অপমান সহ্য কৰিছোঁ : লুৰীণজ্যোতি গগৈ
Lurin Jyoti Gogoi Reacted on Behali : "আমাক অপমান কৰিছে । কিন্তু অসমৰ স্বাৰ্থত আমাক কৰা অপমান আমি সহ্য কৰিছোঁ ।" বিহালী সন্দৰ্ভত লুৰীণজ্যোতি ।

Published : October 23, 2024 at 6:34 PM IST
গুৱাহাটী : "আমাক কংগ্ৰেছে অপমান কৰিছে সেইটো হয়, বাৰে বাৰে সময় দিয়াৰ পিচতো আমাক উত্তৰ দিয়া নাই । কিন্তু ৰাইজৰ স্বাৰ্থত আমি এতিয়াও বাট চাই ৰৈছোঁ ।" এই মন্তব্য অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম'ৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ ।
উল্লেখ্য যে বিহালী উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ বৰ্তমান এক অচলাৱস্থাৰ সৃষ্টি হৈছে বিৰোধী ঐক্যমঞ্চত । ইতিমধ্যে বিহালী আসনখন কংগ্ৰেছে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে এৰি দিছিল যদিও মূৰকত তিনিজনীয়া প্ৰাৰ্থী তালিকাক অস্বীকাৰ কৰে কংগ্ৰেছে । তাৰ পিচতেই একপ্ৰকাৰ ভাঙোনৰ দিশে আগবাঢ়ে বিৰোধী ঐক্যমঞ্চ । আনহাতে, তাৰ মাজতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই 'অসম'ৰ সভাপতিৰ দায়িত্ব এৰি দিয়ে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে 'অসম'ৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ।
বুধবাৰে গুৱাহাটীৰ জয়ানগৰস্থিত বাসগৃহত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছক পুনৰ কিছু সময় দি এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায় অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । উল্লেখ্য যে বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী বাছনি কৰাৰ বাবে বিগত ১৮ অক্টোবৰ তাৰিখে এখন পাঁচজনীয়া কমিটী গঠন কৰা হৈছিল । পাঁচজনীয়া কমিটীৰ প্ৰতিবেদনৰ সিদ্ধান্ত মানি লোৱাৰ কথা কৈছিল এ আই চি চিৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ।
কিন্তু সন্মিলিত মৰ্চাৰ ৫জনীয়া সমিতিৰ সিদ্ধান্ত নাৰাখিলে কংগ্ৰেছ নেতৃত্বই । ভূপেন বৰাৰ আহ্বানৰ পিচতো মানি নল’লে সন্মিলিত মৰ্চাই । তাৰ বিপৰীতে এ আই চি চিৰ অনুমোদন বিচাৰে । ফলত তীব্ৰ চাপত পৰি 'অসম'ৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই । সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদকলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে ভূপেন বৰাই ।
ইয়াৰ পিচতে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতৃত্বক উদ্দেশ্যি লুৰীণজ্যোতি গগৈয়ে কয়, "আমাৰ ধৈৰ্যৰ পৰীক্ষা নল’ব । আমাৰো স্বাভিমান আছে । আমাৰ ৫ জনীয়া সমিতিৰ সিদ্ধান্ত কংগ্ৰেছে গ্ৰহণ নকৰিলে । আমাক সিদ্ধান্ত সলনি কৰাৰ আহ্বান জনাইছিল, আমি আকৌ চিন্তা কৰি দ্বিতীয় প্ৰতিবেদন দিলোঁ । কালি তৃতীয়বাৰ একেটাই কথা কৈছোঁ । আমাৰ ধৈৰ্য পৰীক্ষা নল'ব । আমাৰ স্থিতি স্পষ্ট, আমি এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই ।"
তেওঁ নাম নোলোৱাকৈ কংগ্ৰেছ নেতৃত্বক আক্ৰমণ কৰি কয়, "ইগ' প্ৰত্যাহাৰ কৰক । লবীত জনগণক পণবন্দী নকৰিব । প্ৰাৰ্থিত্ব সলনি কৰিবলৈ বিবেক দাসো ৰাজী আছিল । কিন্তু তাৰ পিচতো বৰ্তমানলৈ উত্তৰ অহা নাই । আমি আজিও যোগাত্মকভাৱে অপেক্ষা কৰিছোঁ । ইগ', মুখ্যমন্ত্ৰীৰ আসন, লবী আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় । আমি আমাৰ প্ৰস্তাৱ দিছোঁ, তেওঁলোকে তাৎক্ষণিকভাৱে উত্তৰ দিয়ক ।"
কংগ্ৰেছক উদ্দেশ্য কৰি তেওঁ লগতে কয়, "সকলো মানুহৰ স্বাভিমান, আত্মমৰ্যাদা আছে । একতা ৰক্ষাৰ কথা যাতে সকলোৱে ভাবে । আমাৰ হাতত এক নোহোৱাৰ ফলাফলৰ বহুত উদাহৰণ আছে । কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব আমি কৈছোঁ নেকি ? বেলেগৰ প্ৰাৰ্থীৰ কথা তেওঁলোকে কেনেকৈ ক'ব ? তেওঁলোকৰ প্ৰাৰ্থী জিকিব বুলি ক'ব পাৰিব নেকি ? লিখি দিয়ক । আমাক অপমান কৰিছে, কিন্তু এই মুহূৰ্তত অসমখনৰ বিষয়টো গুৰুত্বপূৰ্ণ । আমাক কৰা অপমান আমি সহ্য কৰিছোঁ । সাধাৰণ মানুহে বুজি পাইছে, কোনে খেল খেলিছে, কাৰ জৰিয়তে খেলিছে ।"
এগৰাকী বিশেষ নেতাৰ কথা প্ৰকাৰন্তৰে উল্লেখ কৰি লুৰীণজ্যোতিয়ে কয়, "পইচাৰ বেগ লৈ ধৰফৰাই ফুৰাজন এছচি নহয়, এতিয়ালৈ কোনো দলত যোগেই দিয়া নাই । সেইটো সমষ্টি ভৱিষ্যতৰ বাবে এছচি সংৰক্ষিত । বেলেগে পতা ফান্দত ভৰি নিদিবলৈ আমি আহ্বান জনাইছোঁ । একতা বিচাৰোঁ, সেয়ে আমি এতিয়াও অপেক্ষা কৰিছোঁ । আমাৰ স্থিতি ইফাল-সিফাল হোৱা নাই, পিছহুঁহকিছে কোন ?"
তেওঁ লগতে কয়, "শাসক পক্ষই ৩ টাত খেলি দুটা বেলেগলৈ এৰিছে, আমি এটাহে বিচাৰিছোঁ । ভূপেন বৰাই এই সন্দৰ্ভত চেষ্টা কৰিছে । তেওঁ পদত্যাগৰ কথা ভাবিব পাৰে, মোৰ হাতত পদত্যাগ-পত্ৰ পৰা নাই । আমাক অপমান কৰা বাদ দিয়ক, অসমৰ মানুহৰ কথা ভাবক । আমাৰ লক্ষ্য অসমৰ মানুহৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব লাগে । আমাৰ স্বাভিমান, জাতীয় মৰ্যাদা আছে, আত্মসন্মান আছে । ইয়াক গুৰুত্ব নিদিলে আমি সিদ্ধান্ত ল'ম । এতিয়াৰ মৌলিক কথাটো হৈছে একতা । একতা নাথাকিলে ২০২৬ৰ নিৰ্বাচন জিকিব নোৱাৰিম ।"

