গুৱাহাটী: ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ মনোয়ন পত্ৰ দাখিলৰ পৰ্ব শেষ হোৱাৰ পিছত এতিয়া সকলোৱে চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশলৈ বাট চাই আছে । অহা ১৭ এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰ কৰা আৰু প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ দিন ধাৰ্য কৰা হৈছে । প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ পিছতে ৰাজপথত আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান । শুকুৰবাৰে প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ।
বাতৰি লিখাৰ পৰলৈকে ৰাজ্যিক নির্বাচন আয়োগে মনোনয়নপত্র দাখিল কৰা প্ৰাৰ্থীৰ সামগ্ৰিক তথ্য প্ৰকাশ কৰিছে যদিও গৃহীত হোৱা আৰু বাতিল হোৱা প্ৰাৰ্থীৰ তালিকা সম্পূৰ্ণ প্ৰকাশ কৰা নাই । ৰাজ্যিক নির্বাচন আয়োগৰ শেহতীয়া তথ্য মতে, পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ৭০৫৪ খন মনোনয়ন পত্ৰ দাখিল হৈছে । ইয়াৰে ৫৩৫ খন মনোয়ন গৃহীত হোৱাৰ বিপৰীতে ৩ খন বাতিল কৰা হৈছে । মন কৰিবলগীয়া যে পঞ্চায়ত নিৰ্বাচনৰ বাবে মহিলাই সৰ্বাধিক মনোনয়ন পত্ৰ দাখিল কৰিছে ।
পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মহিলাৰ সংখ্যা ৫৪.৮ শতাংশৰ বিপৰীতে পুৰুষ ৪৫.২ শতাংশ । আকৌ মনোনয়ন দাখিল কৰা ৰাজনৈতিক দলৰ পৰা সমৰ্থিত প্ৰাৰ্থী ২০ শতাংশৰ বিপৰীত ৮০ শতাংশ প্ৰাৰ্থী নিৰ্দলীয় । লক্ষ্যণীয় যে এইবাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনতহে ৰাজনৈতিক দলৰ নামত আৰু প্ৰতীকত অৱতীৰ্ণ হ'ব পাৰিব ।
ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য মতে, বজালী জিলাত ৭৯ খন, বৰপেটা জিলাত ৩৬৮ খন, বিশ্বনাথ জিলাত ১৮০ খন, বঙাইগাঁও জিলাত ১৯৯ খন, কাছাৰ জিলাত ৪৯৪ খন, চৰাইদেউ জিলাত ১০১ খন, দৰং জিলাত ২৩৩ খন, ধেমাজি জিলাত ২০৭ খন, ধুবুৰী জিলাত ৫৩৪ খন, ডিব্ৰুগড় জিলাত ২৮৫ খন, গোৱালপাৰা জিলাত ২৭৩ খন, গোলাঘাট জিলাত ৩৪৯ খন, হাইলাকান্দি জিলাত ৩৫৭ খন, হোজাই জিলাত ২৫১ খন ।
ইফালে যোৰহাট জিলাত ২৪৩ খন, কামৰূপ জিলাত ৩৭৮, কামৰূপ মহানগৰ জিলাত ৫৮, লখিমপুৰ জিলাত ২৭৬ খন, মঙলদৈ জিলাত ৬৩ খন, মৰিগাঁও জিলাত ২১৯ খন, নগাঁও জিলাত ৪৯৪ খন, নলবাৰী জিলাত ১৬৭ খন, শিৱসাগৰ জিলাত ২৫৯ খন, দক্ষিণ শালমাৰা জিলাত ১৭৫ খন, শোণিতপুৰ জিলাত ২১৭ খন, শ্ৰীভূমি জিলাত ৩২৪ খন আৰু তিনিচুকীয়া জিলাত ২৬৭ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে ।
উল্লেখ্য যে জিলা পৰিষদৰ ৩৯৭ গৰাকী সদস্য, আঞ্চলিক পঞ্চায়তৰ ২,১৯২গৰাকী আৰু গাঁও পঞ্চায়ত ২১,৯২০ গৰাকী সদস্য নিৰ্বাচনৰ বাবে অহা ২ আৰু ৭ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব । উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ১৪খন জিলাত ২ মে'ত আৰু মধ্য আৰু নামনি অসমৰ ১৩খন জিলাত ৭ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব । দুয়োটা পৰ্যায়ৰ বাবে শুক্ৰবাৰে একেলগে মনোনয়নপত্ৰ দাখিলৰ অন্ত পৰিছে । আজি মনোনয়নপত্ৰবোৰ পৰীক্ষা কৰা হ'ব ।
আনহাতে, ১৭ এপ্রিল হৈছে মনোনয়নপত্র প্ৰত্যাহাৰৰ অন্তিম দিন । অহা ১১ মে'ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব । আনহাতে, পঞ্চায়ত নির্বাচন উপলক্ষে ভোটগ্রহণৰ দিনা এন আই এক্টৰ অধীনত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে । পঞ্চায়ত নির্বাচন অনুষ্ঠিত হোৱা সংশ্লিষ্ট এলেকাবোৰৰ সকলো চৰকাৰী-বেচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান, বেংক, চাহ বাগিচাকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ভোটগ্ৰহণৰ দিনা বন্ধ থাকিব বুলি সাধাৰণ প্রশাসন বিভাগে জাননী জাৰি কৰিছে ।
নির্বাচন সূচী অনুসৰি ১৪খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত অহা ২ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব । এই জিলাকেইখনত ২ মে'ত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে । আনহাতে, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত ৭ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব । এই ১৩খন জিলাত ৭ মে'ৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে ।