ETV Bharat / politics

সদনত ৰূপজ্যোতি কুৰ্মীৰ আচৰণ; ব্যৱস্থা গ্ৰহণৰ দাবীৰে বিধানসভাৰ অধ্যক্ষলৈ বিৰোধী দলপতিৰ পত্র - BJP MLA RUPJYOTI KURMI

অসম বিধানসভাৰ ইতিহাসত কেতিয়াও নোহোৱা এই ঘটনাটোৰ ক্ষেত্রত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই দেওবাৰে বিৰোধী দলপতিয়ে অধ্যক্ষলৈ পত্র প্ৰেৰণ কৰে ।

BJP MLA RUPJYOTI KURMI
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 23, 2025 at 10:11 PM IST

5 Min Read

গুৱাহাটী: অসম বিধানসভাত শাসকীয় দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা আচৰণৰ প্ৰসংগত দেওবাৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ পত্র প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

চলিত বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বাদশ দিনা অৰ্থাৎ শুকুৰবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰুদ্ৰমূর্তি ধৰি বিৰোধী দুই বিধায়কক আঙুলি টোৱাই খেদি গৈছিল । যিটো ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।

অসম বিধানসভাৰ ইতিহাসত কেতিয়াও নোহোৱা এই ঘটনাটোৰ ক্ষেত্রত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই দেওবাৰে বিৰোধী দলপতিয়ে অধ্যক্ষলৈ পত্র প্ৰেৰণ কৰে ।

পত্রত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "২১ মার্চ শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত এক অভাৱনীয় আৰু অকল্পনাতিত ঘটনা দেখিবলৈ পালো । যদিহে আমি অসম বিধানসভাৰ পুৰণি কাৰ্যাৱলীৰ বিৱৰণী চাওঁ, তেতিয়াহ'লে শাসক আৰু বিৰোধীৰ মাজত বিধানসভাৰ কিছুমান ক্ষেত্ৰত কথা কটাকটি হোৱা দেখা পাওঁ আৰু পূৰ্বৰ অসম বিধানসভাৰ পুথিভঁৰালত থকা পুৰণি কাৰ্যসূচীৰ প্ৰতিবেদনসমূহত চকু ফুৰালেও দেখা পাওঁ যে, ৰিপ’ৰ্টাৰসকলে উল্লেখ কৰে যে হুলস্থুল হ'ল, কথা শুনা নগ'ল অথবা সদনৰ ভিতৰত বিভিন্ন ধৰণৰ বাক-বিতণ্ডাৰ সৃষ্টি হোৱাৰ কথা আদি শুনা পাওঁ । কিন্তু যোৱা শুকুৰবাৰৰ দিনা বিধানসভাত শাসকপক্ষৰ এজন জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুৰ্মী যিজন চাৰিবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে । ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী পক্ষৰ সদস্যক অতি দৃষ্টিকটুভাৱে অভদ্ৰ আচৰণ কৰা আমি সকলোৱে দেখা পালো’’ ।

BJP MLA RUPJYOTI KURMI
বিধানসভাৰ অধ্যক্ষলৈ বিৰোধী দলপতিৰ পত্র (ETV Bharat Assam)

‘‘অভদ্ৰ আচৰণ কৰাৰ সময়ত তেখেতে সদনত বিৰোধী পক্ষৰ সদস্যসকলক আঙুলি টোৱাই ভাবুকি দিয়াও আমি দেখা পালো । এই গোটেই পৰিস্থিতিৰ শাম কটাৰ বাবে বিৰোধী দলৰ দলপতি হিচাপে মই চেয়াৰমেন আৰু উপাধ্যক্ষক বিষয়টো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিলো, তেতিয়া মোৰ ফালেও কুৰ্মীয়ে আঙুলি টোৱাই কথা কোৱাৰ উপৰিও 'তহত ফাল্টু' বুলি বাক্য প্রয়োগ কৰিলে । ইয়াৰ উপৰি বিধায়ক কুৰ্মীয়ে মোক উদ্দেশ্য কৰি 'আপুনি ম‍ই কথা কৈ থাকোতে কথা নক'ব, আপোনাক ম‍ই কথা ক’বলৈ নিদিম, আপোনাৰ সন্মুখত থিয় হ'ম, আপোনাৰো মাইক ভাঙি দিম' আদি কথা কোৱা স্পষ্টভাৱে বিধানসভাৰ ৰেকৰ্ডিঙত শুনিবলৈ পোৱা যায় । তদুপৰি তেখেতে অতি উত্তেজিত হৈ বিৰোধী দলৰ আসনৰ ফালে চোঁচা মাৰি আহি কংগ্ৰেছ দলৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আৰু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক আক্ৰমণ কৰিবলৈ আমাৰ বিৰোধী দলৰ বিধায়কসকলৰ আসনৰ ফালে দৌৰি আহে । কিন্তু বিধানসভাৰ মাৰ্চেলৰ নেতৃত্বত কৰ্মচাৰীসকলৰ হস্তক্ষেপত শাসকপক্ষৰ বিধায়কৰ দ্বাৰা বিৰোধী দলৰ বিধায়কক মাৰপিট কৰাৰ দৰে এটা ঘটনা হোৱাৰ পৰা বিধানসভাৰ মজিয়া কথমপি ৰক্ষা পৰিল’’ বুলিও তেওঁ কয় ।

বিৰোধী দলপতি শইকীয়াই লগতে কয়, ‘‘ইয়াৰ পৰৱৰ্তী সময়ত বিষয়টোৰ সন্দৰ্ভত উপাধ্যক্ষৰ পৰা আমি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কঠোৰ শাস্তি দিয়ক বুলি আশা কৰিছিলো । কিন্তু আশাকৰা ধৰণে একো ফলাফল নাপালো আৰু ১০ মিনিটৰ বাবে সদন ত্যাগ কৰো । পৰৱৰ্তী সময়ত আমি সদনৰ কাৰ্যাৱলী ৰাইজৰ স্বাৰ্থত নিয়মীয়াকৈ চলি যাবলৈ দিওঁ । কিন্তু আমাৰ এটা আশা আছিল, এই অভাৱনীয় ঘটনাই যাতে আমাৰ পবিত্র বিধানসভাৰ কাৰ্যক্রমণিকাত চেকা আনিব নোৱাৰে, তাৰ বাবে চৰকাৰী পক্ষই আপোনাক এখন সর্বদলীয় সভা আহ্বান কৰিবলৈ পৰামৰ্শ আগবঢ়াব আৰু আমিও আমাৰ বক্তব্য এই সন্দৰ্ভত আপোনাৰ আগত ব্যক্ত কৰিম, কিন্তু এনে একো হৈ উঠা নগ’ল’’ ৷

শইকীয়াই লগতে কয়, ‘‘ইতিমধ্যে এই গোটেই ঘটনা সামাজিক মাধ্যম, বাতৰি কাকত, টিভি আদিত প্রকাশ পালে আৰু এই ঘটনাৰ আলম লৈ বিভিন্ন ট'ক শ্বত বিধায়ক সকলৰ মান-মর্যদাক লৈও প্রশ্ন উঠিবলৈ আৰম্ভ কৰিলে । প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শ‍ইকীয়াই বহুদিন পূর্বে এখন কিতাপত উল্লেখ কৰা গাহৰিৰ গঁড়ালৰ গাহৰি হিচাপে আমাক যে কোনো লিখকে উল্লেখ কৰিছিল সেই কথাও ক’লে । ইয়াৰোপৰিও শনিবাৰৰ দিনা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ যোগেৰে
বিৰোধী দলৰ সদস্যসকলৰ প্ৰতি কঠোৰ সতর্কবাণী দিয়া আমি প্ৰচাৰ মাধ্যমযোগে দেখা পাইছোঁ । তেওঁ
ভবিষ্যতে ইয়াতকৈ দহ গুণ বেছি উগ্ৰ ব্যৱহাৰ কৰিম জাতীয় কথা কৈ এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে । এই গোটেই ঘটনাক্রমে আমাৰ মনত আঘাত দিছে আৰু বহু সদস্য ভিতিগ্ৰস্ত হৈছে । সেয়েহে আপোনাক আমাৰ সদন পৰিচালনাৰ নিয়মাৱলীৰ ১৫৮ নং বিধি অনুসৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত বিশেষাধিকাৰ ভংগৰ প্ৰসংগ উত্থাপন কৰি তেওঁৰ বিষয়ে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে বিষয়টো চালি-জাৰি চাবলৈ আপোনাক অনুৰোধ কৰিছো । বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন দাখিল নোহোৱালৈকে তেওঁক সদনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত ৰাখিবলৈ আপোনাক অনুৰোধ কৰিলো" ৷

অধ্যক্ষক উদ্দ্যেশি বিৰোধী দলপতিগৰাকীয়ে পুনৰ কয়, "আমি আপোনাৰ নিৰপেক্ষতাৰ ওপৰত গভীৰ আস্থা ৰাখি ২৪ মার্চৰ পুৱা ৯.৩০ বজাত অসম বিধানসভা অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে আপোনাৰ সিদ্ধান্ত আমাক অৱগত কৰিবলৈ এই পত্রযোগে দাবী জনালো" ৷

লগতে পঢ়ক: নজিৰবিহীন ! বিধানসভাৰ মজিয়াতেই বিধায়কক মাৰিবলৈ খেদি গ'ল ৰূপজ্যোতি কুৰ্মী - BJP MLA RUPJYOTI KURMI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.