সত্যব্ৰতে আমবাৰীত মাৰিলে টিপা ৰাজীৱ ভৱন পালেহি শিপা: কংগ্ৰেছ সদৰত হাহাকাৰ-হতাহতি
কমলপুৰৰ কংগ্ৰেছ কৰ্মীয়ে উৰি আহি জুৰি বহিব নিদিয়ে সত্যব্ৰত কলিতাক ৷ চোঁচা মাৰি আহিল ৰাজীৱ ভৱনলৈ ৷

Published : September 4, 2025 at 7:02 PM IST
গুৱাহাটী: কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই অগপ ত্যাগ কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সদৰ হৈ পৰিছে উত্তপ্ত । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সত্যব্ৰত কলিতাৰ প্ৰসংগক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
বিশেষকৈ কমলপুৰ সমষ্টিৰ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে এই বিষয়টোক লৈ ৰাজীৱ ভৱনত উত্তৰ বিচাৰি আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । উল্লেখ্য যে বুধবাৰে সত্যব্ৰত কলিতাই অগপ ত্যাগ কৰাৰ পাছতে কংগ্ৰেছ দলত যোগদান কৰিব বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে ।
২০২১ৰ দৰে এইবাৰো অগপত থাকিলে টিকট নোপোৱাটো নিশ্চিত হৈ পৰাৰ পাছত বুধবাৰে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই ত্যাগ কৰিছিল অগপ । অগপ ত্যাগ কৰাৰ পাছত সত্যব্ৰত কলিতাই কোন দলত যোগদান কৰিব সেই কথা স্পষ্ট হোৱা নাই যদিও কংগ্ৰেছ দলত বিশেষকৈ কমলপুৰৰ একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত হাহাকাৰ লাগিছে । চৰ্চা অনুসৰি সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে আৰু যোগদান কৰিলে নিশ্চিতভাৱে কমলপুৰ সমষ্টিৰ পৰা তেওঁ টিকট বিচাৰিব । সম্ভাব্য এই চৰ্চাক লৈ আজি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱন উত্তপ্ত হৈ পৰে ।
এককথাত সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদানৰ পূৰ্বেই অথন্তৰ লাগিছে ৰাজীৱ ভৱনত । আজি দিনৰ ভাগত সত্যব্ৰত কলিতাৰ বিৰোধিতা কৰি একাংশ কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱনত ভিৰ কৰে । সত্যব্ৰত কলিতাক কংগ্রেছ দলত যোগদানত বাধা প্ৰদানৰ উদ্দেশ্যৰে কমলপুৰৰ একাংশ কংগ্ৰেছ কৰ্মী ৰাজীৱ ভৱনত সমৱেত হয় । তেওঁলোকৰ এটাই কথা, "বেয়া দিনত আমি কংগ্ৰেছ কৰিছো । এতিয়া হঠাতে সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিলেই দিব নোৱাৰিব টিকট ।"
গুৱাহাটীৰ ৰাজীৱ ভৱনত সত্যব্ৰত কলিতাৰ প্ৰসংগটোক লৈ আলোচনা বিচাৰি অহা কংগ্ৰেছ কৰ্মীসকলক বাধা প্ৰদান কৰাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সেই সময়ত ৰাজীৱ ভৱনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ এখন সংবাদমেলৰ আয়োজন কৰা হৈছিল । যাৰ বাবে কংগ্ৰেছ কৰ্মীসকলক বাধা প্ৰদান কৰা হৈছিল । তাৰ পাছতে কমলপুৰৰ পৰা অহা কংগ্ৰেছ কৰ্মী আৰু ৰাজীৱ ভৱনত থকা নেতা-কৰ্মীৰ মাজতে তীব্ৰ বাক-বিতণ্ডা হয় ।
এটা সময়ত আনকি হতাহতিৰো সৃষ্টি হয় । সত্যব্ৰত কলিতা আৰু কমলপুৰ সমষ্টিক কেন্দ্ৰ কৰি প্ৰথমে বাক-বিতণ্ডা আৰু তাৰ পিছত হতাহতি । একপ্ৰকাৰ কংগ্ৰেছৰ নিজৰ মাজতে আজি ৰাজীৱ ভৱন উত্তপ্ত হৈ পৰে । ইফালে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ কৰ্মীসকলে নিজৰ ক্ষোভ ব্যক্ত কৰি থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই বাধা প্ৰদান কৰে । কমলপুৰৰ ক্ষোভিত এজন কংগ্ৰেছ কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কয়, "তৃণমূল পৰ্যায়ত কাম কৰি থকা আমাৰ কৰ্মীসকলক নিৰ্বাচনৰ এই সময়ত অলপ প্ৰাধান্য দিব লাগে ।
সত্যব্ৰত কলিতা ওপৰৰ পৰা আহি পৰা নিচিনা হ'ব । সমষ্টিৰ বাবে কাম কৰি থকা আমাৰ নেতাই টিকট পাব লাগে । আমি ৰাজীৱ ভৱনলৈ নিজৰ মনৰ কথা ক'বলৈ আহিছো । আমি কাৰো হেঁচাত পৰি অহা নাই । সত্যব্ৰত কলিতাই যোগদান কৰাত আমাৰ আপত্তি নাই ।" লক্ষণীয় বিষয় যে সংবাদ মাধ্যমত মন্তব্য দি থকা সময়তে কংগ্ৰেছ কৰ্মীজনক প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আঁতৰাই লৈ যায় । কমলপুৰৰ আন এজন কংগ্ৰেছ কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কয়, "কমলপুৰত এইবাৰ কংগ্ৰেছ অহাটো নিশ্চিত । এইবাৰ কমলপুৰত পদুম নুফুলে । কংগ্ৰেছত বিভিন্ন দলৰ বহু নেতা আহিব । কিন্তু আমি বাহিৰৰ পৰা অহাসকলক টিকট দিয়াটো নিবিচাৰো । কাৰণ কংগ্ৰেছত নেতাৰ অভাৱ নাই । সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিলে কংগ্ৰেছৰ ইতিহাস জানিব লাগিব । হঠাৎ আহি টিকট পোৱাটো আমি নিবিচাৰো ।"
লগতে পঢ়ক: বিজেপিৰ শ্ৰুতলিপিত অগপৰ সভাপতিয়ে কাম কৰি গৈছে: পদত্যাগৰ পিছতে বিস্ফোৰণ সত্যব্ৰত কলিতাৰ

