ETV Bharat / politics

মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’লে ভাৰত উন্নত ৰাষ্ট্ৰৰ তৃতীয় স্থানত থাকিব: জে পি নাড্ডা - Lok Sabha Election 2024

বিজেপি চৰকাৰৰ দিনত বিৰোধীৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰী নেতাসকল জে’লত আছে । বিজেপি চৰকাৰৰ দিনত ভাৰত উন্নত ৰাষ্ট্ৰৰ ভিতৰত পঞ্চম স্থানত । তৃতীয়বাৰৰ বাবে মোদী প্ৰধানমন্ত্ৰী হ’লে উন্নত ৰাষ্ট্ৰৰ ভিতৰত তৃতীয় স্থান লাভ কৰিব ভাৰতে ৷ দুধনৈত এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৷

JP NADDA IN DUDHNOI
দুধনৈত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনী প্ৰচাৰ সভা
author img

By ETV Bharat Assamese Team

Published : April 18, 2024 at 8:15 PM IST

2 Min Read
Choose ETV Bharat
দুধনৈত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনী প্ৰচাৰ সভা

গোৱালপাৰা, 14 এপ্ৰিল: বৃহস্পতিবাৰে গোৱালপাৰা জিলা বিজেপি দলৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত গুৱাহাটী লোকসভা সমষ্টিৰ বিজয় সংকল্প সমাৱেশ শীৰ্ষক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । নিৰ্বাচনী প্ৰচাৰ সভাখনত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায় । প্ৰথমেই তেওঁ মা কামাখ্যাক সেৱা জনাই কয় যে ৰাইজৰ উপস্থিতিয়ে গুৱাহাটী লোকসভা সমষ্টিত বিজুলী কলিতা মেধিৰ জয় নিশ্চিত কৰিছে ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে ৰাজনীতি বিকাশৰ হ’ব লাগে । বিজেপিয়ে সদায় বিকাশৰ ৰাজনীতি কৰে । দেশৰ লগতে অসমতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিবৰ্তন আনিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে দেশলৈ সুশাসন আনিছে বুলি উল্লেখ কৰি নাড্ডাই কয় যে অৰ্থব্যৱস্থাও উন্নত হৈছে । ঔদ্যোগিক ক্ষেত্ৰখনতো উন্নতিৰ জখলাৰে পৰিবৰ্তন আনিছে । গ্ৰামাঞ্চলৰ বিকাশ, বিভিন্ন জনকল্যানমূলক আঁচনিৰ জৰিয়তে দৰিদ্ৰতা নিৰ্মূল কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰে ।

বিপৰীতে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহ ভ্ৰষ্টাচাৰত লিপ্ত হোৱা বুলি তেওঁ সমালোচনা কৰে । শেষত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক ভোট প্ৰদান কৰি পুনৰ বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহক চৰকাৰ গঠনৰ সুবিধা দিবলৈ ৰাইজক আহ্বান জনায় ।

নাড্ডাই কয়, ‘‘বিজেপি চৰকাৰৰ দিনত সমগ্ৰ ভাৰতজুৰি চাৰি কোটি মানুহে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভ কৰিছে ৷ আনহাতে সমগ্ৰ অসমতে ২২ লাখ লোকে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভ কৰিছে । যদি এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী বিজুলী কলিতাক জয়ী কৰাই সংসদলৈ পঠিয়ায়, তেন্তে আৰু তিনি কোটি গৃহ লাভ কৰিব ৰাইজে ।’’

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে লগতে কয় যে ভাৰতৰ ৫৫ কোটি দৰিদ্ৰ পৰিয়ালক ৫ লাখ টকাৰ আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা প্ৰদান কৰা হৈছে । সভাত মন্ত্ৰী নন্দিতা গাৰ্লোচা, ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বি টি আৰ চীফ প্ৰমোদ বড়ো, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি উপস্থিত থাকে ।

লগতে পঢ়ক: হাজাৰ-হাজাৰ সমৰ্থকক লগত লৈ ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিল