অগপ আৰু বিজেপিয়ে মিলি অসম চুক্তিৰ আত্মাক হত্যা কৰিছে : বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম - MLA Rafiqul Islam on Clause 6
MLA Rafiqul Islam on Assam Accord : অসম চুক্তি ৰূপায়ণৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ সোঁচ্চাৰ হৈ পৰিছে জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম । এক সংবাদমেলৰ জৰিয়তে অসম চুক্তি সন্দৰ্ভত মহা বিস্ফোৰণ ঘটায় বিধায়ক ৰফিকুল ইছলামে । অসম চুক্তিৰ আত্মাক অগপ-বিজেপিয়ে মিলি হত্যা কৰাৰো অভিযোগ জনীয়াৰ বিধায়কগৰাকীৰ ।

Published : September 28, 2024 at 1:40 PM IST
জনীয়া, ২৮ ছেপ্টেম্বৰ : অসম চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শৰ ভিত্তিত অসম চুক্তিৰ ছয় নম্বৰ দফাৰ পৰামৰ্শৱলীৰ কেইটামান ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে । এই সন্দৰ্ভত ইতিমধ্যে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছুৰ সৈতেও আলোচনাত মিলিত হৈছে । কিন্তু এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে ।
এক সংবাদমেলৰ জৰিয়তে অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত মহা বিস্ফোৰণ ঘটায় জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে । তেওঁৰ অভিযোগ, "অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মিলি অসম চুক্তিৰ আত্মাক হত্যা কৰিছে । অসম চুক্তিক নস্যাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অগপ-বিজেপি চৰকাৰে ।"
আনহাতে, বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে । বিধায়ক ইছলামে কয়, "অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত বিপ্লৱ শৰ্মা কমিটীয়ে দাখিল কৰা প্ৰতিবেদন ভাৰতীয় সংবিধান বিৰোধী । চৰকাৰে যদি বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰে তেন্তে প্ৰথমে সংবিধান সংশোধন কৰিব লাগিব । বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন অসম আৰু অসমীয়া বিৰোধী ।"
চৰকাৰৰ অসম বিৰোধী সিদ্ধান্ত আৰু বিপ্লৱ শৰ্মা কমিটীৰ সংবিধান বিৰোধী প্ৰতিবেদনৰ বিৰুদ্ধে আছুক শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বা্ন্ জনাই বিধায়কগৰাকীয়ে অসম চুক্তি সন্দৰ্ভত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।
তেওঁ কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন কেবিনেটত পাছ কৰাই কেইবাটাও সিদ্ধান্ত লৈছে । অসম চুক্তিৰ যিখিনি প্ৰতিশ্ৰুতি আছিল সেইখিনি চৰকাৰে ৰক্ষা কৰক । অসমীয়া ভাষা ৰক্ষা কৰক, অসমীয়া সংস্কৃতি ৰক্ষাৰ ব্যৱস্থা কৰক । কিন্তু মুখ্যমন্ত্ৰী আৰু অতুল বৰাই নিজেই কৈছে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কিছুমান পৰামৰ্শ আছে, যিবিলাক ভাৰতবৰ্ষৰ সংবিধানৰ পৰিপন্থী, সংবিধান সংশোধন নকৰিলে প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী কৰা কেতিয়াও সম্ভৱ নহয় । তেনেহ'লে চৰকাৰে কেনেদৰে ইয়াক ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে ।"
তেওঁ লগতে কয়, "মুখ্যমন্ত্ৰীয়ে সংবিধানৰ ৰক্ষাৰ শপত খাই শাসনৰ গাদীত বহিছিল । তেনেহ'লে তেওঁ সংবিধান বিৰোধী কাম কেনেদৰে কৰিব ? অসম চুক্তিৰ প্ৰতি আমাৰো সন্মান আছে । অসম চুক্তিক যদি আপুনি সঁচাকৈয়ে সন্মান কৰিব বিচাৰিছে তেতিয়াহ'লে 'কা' বাতিল কৰক । অতুল বৰা আৰু হিমন্ত বিশ্ব শৰ্মাক তাৰ বাবে আহ্বান জনাইছোঁ ।"
অসম চুক্তিৰ ভিত্তি বৰ্ষ সন্দৰ্ভত মন্তব্য কৰি ৰফিকুল ইছলামে কয়, "১৯৭১ চনৰ পিছত ২০১৪ চনলৈকে যিবিলাক বিদেশী বাংলাদেশী আহিছে, সেইসকলক নাগৰিকত্ব দিব নালাগে । যদি আপোনালোকৰ সাহস আছে তেন্তে দিল্লীলৈ আপোনালোকে লিখক । সেইবিলাক নকৰি মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা, দুপৰীয়া, আবেলি সংজ্ঞা দিয়ে । আকৌ বৰাক ভেলীৰ কাৰণে বেলেগ, ব্ৰহ্মপুত্ৰ ভেলীৰ কাৰণে বেলেগ, মুছলমানৰ কাৰণে বেলেগ, হিন্দুৰ কাৰণে বেলেগ সংজ্ঞা দি থাকে ।"
অসম চুক্তিত অসমীয়া বুলি যি শব্দ আছে তাৰ সংজ্ঞা পৰিষ্কাৰ নকৰি মুখ্যমন্ত্ৰীয়ে ইমান বিভ্ৰান্তিৰ কিয় সৃষ্টি কৰিছে বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে ।
আনহাতে, বিপ্লৱ শৰ্মাৰ পৰামৰ্শক হিমন্ত বিশ্ব শৰ্মাই কাৰ্যকৰী কৰিলে ভাৰতীয় নাগৰিকক লক্ষ্য কৰি লোৱা হ'ব বুলিও জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে সকীয়াই দিয়ে ।

