ড৹ হিমন্ত বিশ্ব শৰ্মাই ভুল চচমা পিন্ধি আছে : গোলাম আহমেদ মীৰ - Ghulam Ahmad Mir
Ghulam Ahmad Mir on Himanta Biswa Sarma : ঝাৰখণ্ডত নিৰ্বাচনী বতৰ চলি আছে ৷ ৰাজ্যখনৰ নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শনিবাৰে ড৹ শৰ্মাই কৰা এক মন্তব্যই ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উক্ত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাম আহমেদ মীৰে ৷

Published : August 10, 2024 at 9:22 PM IST
নিউজ ডেস্ক, ১০ আগষ্ট : শনিবাৰে ঝাৰখণ্ড ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ঝাৰখণ্ড বিজেপিৰ বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী ড৹ শৰ্মাৰ উক্ত মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ প্ৰসংগত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীক সমালোচনা কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছিল মন্তব্য ৷ ড৹ শৰ্মাৰ উক্ত মন্তব্যৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গোলাম আহমেদ মীৰে ৷
হিমন্ত বিশ্ব শৰ্মাই ভুল চচমা পিন্ধি আছে : গোলাম আহমেদ মীৰ
ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কৰা মন্তব্য সন্দৰ্ভত গোলাম আহমেদ মীৰে ই টিভি ভাৰতক ব্যঙ্গাত্মক সুৰত কয় যে তেওঁৰ চকুত ভুল চচমা আছে, যাৰ বাবে তেওঁ সম্পূৰ্ণকৈ নেদেখে ৷ পক্ষপাতিত্বহে দেখে ৷ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে একেবাৰে নহয় ।
গোলাম আহমেদ মীৰে কয় যে দেশত য’তেই কোনো ঘটনা বা প্ৰতি-ঘটনা সংঘটিত হয়, তেওঁলোকৰ নেতা ৰাহুল গান্ধীয়ে সহানুভূতি প্ৰকাশ কৰিবলৈ তাত উপস্থিত হয় । আনকি য’লৈ তেওঁলোক নিজে যাব নোৱাৰে, সহায় কৰিবলৈ দলৰ লোকসকলক পঠিয়ায় । এনে পৰিস্থিতিত, হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভুল চচমাৰে যি দেখিছে সেয়া কৈ আছে ৷ তেওঁ যি ক’বলৈ বিচাৰে ক’বলৈ দিয়ক বুলি মন্তব্য কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷
হিমন্ত বিশ্ব শৰ্মাৰ কোনটো মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ?
ঝাৰখণ্ড ভ্ৰমণত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁ ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছক প্ৰশ্ন কৰে । ড৹ শৰ্মাই কয়, ‘‘কংগ্ৰেছে প্ৰমাণ কৰিছে যে যদি মুছলমানসকল পৃথিৱীৰ যিকোনো ঠাইতে সমস্যাত পৰে, তেন্তে কংগ্ৰেছে কয় যে আমি আছো, কিন্তু যেতিয়া হিন্দুসকল সমস্যাত পৰে, কংগ্ৰেছে কয় যে আমি নাই ।’’ তেওঁ কয় যে প্ৰিয়ংকা গান্ধীয়ে পেলেষ্টাইন-গাজা বিষয়ত বহুবাৰ টুইট কৰিছে । কংগ্ৰেছ দলেও প্ৰতিবাদ কৰিছে, যদিও তাত সন্ত্ৰাসবাদীৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ হৈছে । কিন্তু বাংলাদেশত তেনেকুৱা হোৱা নাই । তথাপি বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ সন্দৰ্ভত কংগ্ৰেছ নীৰৱ হৈ আছে । কংগ্ৰেছে কেৱল জাতিৰ ভিত্তিত হিন্দুসকলক বিভক্ত কৰিব বিচাৰে বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক : বাংলাদেশৰ হিন্দু সংখ্যালঘু সন্দৰ্ভত কংগ্ৰেছ নীৰৱ কিয় ? ঝাৰখণ্ডত ড৹ শৰ্মাই আঁহ ফালি বুজালে

