ETV Bharat / politics

অখিল গগৈয়ে শকুনিৰ ৰূপত দুই গগৈক ৰাজনৈতিকভাৱে হত্যাৰ পৰিকল্পনা কৰিছে: জয়ন্ত মল্লবৰুৱা - Lok Sabha election 2024

War of words in Assam: এতিয়া চলিছে ৰাজনৈতিক বাকযুদ্ধ । যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই এই ৰাজনৈতিক বাকযুদ্ধয়ো গতি লৈছে । এইবাৰ চলিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু অখিল গগৈৰ পৰস্পৰৰ বাক্য়বান ।

Minister Jayanta Mallabaruah
মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 8:24 PM IST

3 Min Read
Choose ETV Bharat
মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

গুৱাহাটী, ২৬ মাৰ্চ :"অখিল গগৈয়ে এতিয়া শকুনিৰ ৰূপত অৱতীৰ্ণ হৈ দুই গগৈক ৰাজনৈতিকভাৱে হত্যাৰ পৰিকল্পনা কৰিছে । অখিল গগৈ অমংগলীয়া, যাৰ হৈ প্ৰচাৰ চলায়, তাৰ পৰাজয় নিশ্চিত ।"এই বিস্ফোৰক মন্তব্য় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অখিল গগৈয়ে আগবঢ়োৱা কিছু মন্তব্য সন্দৰ্ভত আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিধায়ক অখিল গগৈৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁ লগত থাকিয়ে শকুনিৰ ভাও লৈ খুব সুন্দৰভাৱে দুই গগৈক ৰাজনৈতিকভাৱে হত্যাৰ পৰিকল্পনা কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়," আজি অখিল গগৈয়ে যোৰহাটত কৈ আছে যে কংগ্ৰেছৰ সংগঠন নাই, খুব অৱস্থা বেয়া । তাৰ মানে কি, গৌৰৱ গগৈ হাৰিব বুলি কংগ্ৰেছ দলৰ সংগঠন নাই বুলি তেওঁ কৈয়ে দিলে । এয়া তেওঁৰ আগৰ পৰাই চলি থকা এটা চৰিত্ৰ, কাৰণ তেওঁৰ ৰাইজৰ দলত তেওঁক বাদ দি দ্বিতীয় কোনো মানুহ নাই । দলটোত তেওঁৱে একমাত্ৰ, যিসকলে মানুহৰ শাৰীত থাকি কথা ক'ব বিচাৰে তেওঁ তেওঁলোকক আঁতৰাই নোহোৱা কৰি পেলায় । কেনেকৈ একছত্ৰী হৈ থাকিব লাগে, সেই কামটো তেওঁ ধুনীয়াকৈ কৰিব জানে । এইবাৰ সেই কামটোৰ খুব ধুনীয়া চৰিত্ৰ এটা তেওঁ কৰিছে-যাক অমংগলীয়া বুলি কয়, অখিল গগৈও তেনেকুৱা অমংগলীয়াই ।"

অখিল গগৈক কটাক্ষ কৰি তেওঁ পুনৰ কয়,"আজিলৈকে যাৰ নিৰ্বাচনতেই তেওঁ লাগিছে তেওঁৱে হাৰিছে ।" ইয়াৰ উপৰি মন্ত্ৰী জয়ন্তমল্লই কয় যে জে'লত থাকি নিৰ্বাচন নেখেলা হ'লে, অখিল গগৈয়ো হাৰিলেহেঁতেন । জে'লত থকাৰ বাবে তেওঁ নিজৰ নিৰ্বাচনত লাগিব পৰা নাছিল বাবে তেওঁ জিকিলে, কিন্তু জে'লত নাথাকি নিজৰ নিৰ্বাচনত লাগি নিৰ্বাচন খেলা হ'লে তেওঁ হাৰিলেহেঁতেন । এই অমংগলীয়াই যাৰ নিৰ্বাচনতে লাগিব তেওঁ যে খুব শোচনীয়ভাৱে পৰাজিত হ'ব এয়া অখিল গগৈয়েও স্বীকাৰ কৰি লৈছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰে ।

উল্লেখ্য যে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ বিজেপিয়ে আজি দাখিল কৰে । আজি মনোনয়ন পত্ৰ দাখিলৰ দিনটোত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ মৰম-আশীৰ্বাদ কেনেধৰণে আছে সেয়া নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়,"আজি ডিব্ৰুগড়তে হওক, লখিমপুৰতে হওক জনসমুদ্ৰ হৈছে । আৰু ইমান বতৰ বেয়াৰ মাজতো লখিমপুৰত ৰাইজ যেনেধৰণে ওলাই আহিছে তাৰ পৰা বুজা যায় যে আমাৰ দলৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ'ব ।"

লগতে পঢ়ক:গেৰুৱা নহয়; ’২৬ ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ সৈতে যুঁজিবলৈহে সাজু ভূপেন বৰা - Lok Sabha Elections