দাদাই দিলেও বিধাতাই দিয়া নাই নেকি অসমৰ এগৰাকী ৰাজনৈতিক নেতাক ?
বিধায়ক হৈ মন্ত্ৰীও হৈ আছে জয়ন্ত মল্লবৰুৱা, কিন্তু সংসদীয় ৰাজনীতিৰ পৰা বহু দূৰৈত অৱস্থান পল্লৱলোচন দাসৰ। মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠহৈয়ো সংসদীয় ৰাজনীতি এৰিব লাগিব নেকি পল্লৱলোচনে?

Published : January 30, 2025 at 1:37 PM IST
নগাঁও : ৰাজ্যৰ ৰাজনীতিত হঠাৎ চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত এগৰাকী যুৱনেতা । যুৱনেতাগৰাকী প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সাংসদ ।
কিন্তু আজিৰ তাৰিখত ৰাজ্যৰ ৰাজনীতিত বিশেষকৈ নিজৰ দলত খোপনি নোহোৱা হোৱাৰ অৱস্থা এইজন নেতাৰ ৷ তেওঁ আন কোনো নহয় পল্লৱলোচন দাস ৷ যি মুখ্যমন্ত্ৰীৰ এগৰাকী বিশ্বাসী আৰু প্ৰিয়ভাজন নেতাৰ শাৰীত পৰে ৷ লক্ষণীয়ভাৱে অবিভক্ত শোণিতপুৰ জিলাৰ বিহালী সমষ্টি পৰাই সংসদীয় ৰাজনীতি আৰম্ভ কৰা এইজন পল্লৱলোচন দাসে এতিয়া সংসদীয় ৰাজনীতিৰ পৰা যেন অৱস্থান কৰিছে বহু দূৰৈত ।
ৰাজ্যত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰ চলি থকাৰ সময়তেই মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰি ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সেই সময়তেই হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজাৰীকা, পল্লৱলোচন দাসসহ আৰু কেইবাগৰাকী নেতাই । হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবলৈয়ে বিধায়ক পদ পৰ্যন্ত এৰি বিজেপিত যোগ দিছিল ২০১১ চনৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে একেলগে বিধায়ক হোৱা পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱাৰ লগতে পল্লৱলোচন দাসেও ।

কিন্তু ২০১৫ চনত বিজেপিত যোগদান কৰা হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ নেতাসকলৰ প্ৰায় প্ৰত্যেকেই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিধায়ক নিৰ্বাচিত হৈছিল যদিও নিৰ্বাচন খেলিবলৈ সমষ্টি পোৱা নাছিল জয়ন্ত মল্ল বৰুৱাই । কাৰণ ২০১১ চনত জয়ন্ত মল্ল বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নলবাৰী বিধানসভা সমষ্টিত ২০১৬ চনৰ বাবে আছিল বিজেপিৰ প্ৰাৰ্থী । ২০১৬ চনত নলবাৰী বিধানসভা সমষ্টিৰ পৰা অশোক শৰ্মাই বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত যেন চেঁচাপানী পৰিছিল জয়ন্ত মল্ল বৰুৱাৰ আশাত ।
অৱশ্যে সেই সময়ত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকৰৰ কাৰ্যকালত জয়ন্ত মল্ল বৰুৱাক ৰাজ্যৰ পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছিল । ইয়াৰ বিপৰীতে পীযুষ হাজৰীকা, পল্লৱলোচন দাসে ২০১৬ চনতেই দলীয় প্ৰাৰ্থিত্ব লাভ কৰি বিধায়ক হোৱাই নহয় লাভ কৰিছিল সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ মন্ত্ৰীত্বও ।
কিন্তু বিজেপিত যোগদান কৰাৰ পাছত সংসদীয় ৰাজনীতিৰ বাবে আসন নোপোৱা জয়ন্ত মল্ল বৰুৱাই আজি বিধায়ক হৈ মন্ত্ৰীত্বও লাভ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হৈয়ো সংসদীয় ৰাজনীতিৰ পৰা বহু দূৰৈত অৱস্থান কৰিবলগীয়া হৈছে পল্লৱলোচন দাসে । এতিয়া জানি লওঁক সম্প্ৰতি সংসদীয় ৰাজনীতিৰ পৰা আঁতৰত থকা পল্লৱলোচন দাসৰ ৰাজনৈতিক পৰিক্ৰমাৰ বিষয়েও -
- পল্লৱলোচন দাসৰ ৰাজনৈতিক পৰিক্ৰমা :
২০১১ চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি বিহালী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল পল্লৱলোচন দাস । প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰায় দুটা বছৰ পাছতেই অসম কংগ্ৰেছত আৰম্ভ হৈছিল বিসম্বাদ ।

সেই সময়ত তৰুণ গগৈৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষ লোৱা পল্লৱলোচন দাসে ২০১৫ চনতেই বিজেপিত যোগদান কৰি পৰৱৰ্তী ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিহালী সমষ্টি এৰিদিবলগীয়া হৈছিল পূৰ্বৰ প্ৰতিদ্বন্দ্বী তথা বিজেপিৰ ৰঞ্জিত দত্তক ।
অৱশ্যে বিহালীৰ বিপৰীতে ৰঙাপৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ মন্ত্ৰীত্বও লাভ কৰিছিল পল্লৱলোচন দাসে । কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তোজপুৰ লোকসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্বৰে সাংসদ হিচাপে নিৰ্বাচিত হোৱাত ৰঙাপৰা সমষ্টিৰ পৰা উপ নিৰ্বাচনত ৰাজেন বৰঠাকুৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।
পৰৱৰ্তী সময়ত ৰঙাপাৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ পৰলোকপ্ৰাপ্তি ঘটাত পুনৰ খালী হৈ পৰে ৰঙাপৰা সমষ্টি । ২০২১ চনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ হোৱাৰ সময়ত পল্লৱলোচন দাস সাংসদ হৈ থকাত দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল কৃষ্ণকমল তাঁতীক । ২০২১ চনৰ পৰাই সমষ্টিটোৰ পৰা কৃষ্ণকমল তাঁতী নিৰ্বাচিত হৈ আহিছে বিধায়ক হিচাপে ।
- কি হ'ব পল্লৱলোচনৰ সংসদীয় ৰাজনৈতিক ভৱিষ্যৎ ?
পল্লৱলোচনৰ পূৰ্বৰ বিহালী সমষ্টি এৰি ২০১৬ চনত ৰঙাপাৰা সমষ্টিৰ পৰা বিধায়ক হোৱা পল্লৱলোচন দাসে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰঙাপৰা সমষ্টিও এৰি লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব লাভ নকৰা পল্লৱলোচন দাস এতিয়া সংসদীয় ৰাজনীতিত প্ৰৱেশৰ বাট যেন হৈ থকা নাই মশৃণ । কিয়নো পূৰ্বৰ বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিধায়ক হিচাপে নিৰ্বাচিত হয় দিঘন্ত ঘাটোৱাৰ ।
ইয়াৰোপৰি সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পাছত বিহালী সমষ্টি SC ৰ বাবে সংৰক্ষিত কৰাৰ পাছত উপ নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা বিধায়ক হোৱা দিগন্ত ঘাটোৱাৰৰ লক্ষ্য বিশ্বনাথ সমষ্টি হৈ পৰা বুলি ইতিমধ্যেই চৰ্চা আৰম্ভ হৈছে বিভিন্ন মহলত । আনহাতে বিশ্বনাথ সমষ্টিও আছে বিজেপি প্ৰমোদ বৰঠাকুৰৰ দখলত । এনে স্থলত বিহালী, বিশ্বনাথ আনকি ৰঙাপাৰা সমষ্টিও সহজ নহ'ব পল্লৱলোচন দাসৰ বাবে ।
ইপিনে, ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবেও নাম চৰ্চালৈ আহিছিল পল্লৱলোচন দাসৰ । কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবে এক নুতুন নিয়ম ঘোষণা কৰি প্ৰথমবাৰৰ বাবে সভাপতি নিৰ্বাচন কৰিছে বিজেপি দলে । ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে পল্লৱলোচন দাসৰ নাম চৰ্চালৈ আহিলেও অৱশেষত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপ নিৰ্বাচিত হয় দিলীপ শইকীয়া ।
- কি ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ?
বিজেপিৰ দলীয় সভাপতিৰ দায়িত্বত থকা কোনো নেতাই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি ঘোষণা কৰাৰ পাছতেই সভাপতিৰ দৌৰত থকা বহুতেই এৰিছিল সভাপতি হোৱাৰ সপোন । একেদৰে পললৱলোচন দাসৰ নামো আঁতৰিছিল সভাপতিৰ দাবীদাৰৰ তালিকাৰ পৰা । দলৰ সভাপতি হোৱাৰ পৰাও বঞ্চিত হোৱা পল্লৱলোচন দাস পুনৰ উভতি আহিব নেকি সংসদীয় ৰাজনীতিলৈ ?
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ পল্লৱলোচন দাসৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও যোগাযোগ নোহোৱাত উল্লেখ কৰিব পৰা নগ'ল পল্লৱলোচনৰ প্ৰতিক্ৰিয়া ।
এতিয়া প্ৰশ্ন হয়, যদি সংসদীয় ৰাজনীতিলৈ পল্লৱলোচন দাসৰ উভতি অহাৰ সপোন আছে তেন্তে কোন সমষ্টি হ'ব পল্লৱলোচনৰ লক্ষ্য ? পল্লৱলোচনৰ বাবে কোনে এৰিব লাগিব সমষ্টি ? নে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সকলো আৰ্শীবাদ লাভ কৰিও সংসদীয় ৰাজনীতিৰ পৰা আঁতৰত থাকিব লাগিব পল্লৱলোচন দাস ? সেয়া জানিবলৈ হয়তো অপেক্ষা কৰিব লাগিব আৰু অন্ততঃ এটা বছৰ ।

