ৰাজ্যিক বিজেপিৰ সম্পাদকে দিলে মুখ্যমন্ত্ৰীৰ নতুন ঠিকনা...
বিগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে সমষ্টিটোৰ পৰা জয়লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা যোৰহাটত চকু ৰাখিছে শাসক দল বিজেপিয়ে ৷

Published : July 1, 2025 at 4:38 PM IST
যোৰহাট: ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষ চৰ্চা লাভ কৰি থকা ৰাজ্যখনৰ এটা সমষ্টি হৈছে যোৰহাট ৷ উজনি অসমৰ আন আন সমষ্টিসমূহৰ তুলনাত অধিক পৰিমাণে চৰ্চা লাভ কৰা দেখা গৈছে যোৰহাটে ৷
কিয়নো বিজেপি-কংগ্ৰেছৰ লগতে আন আন ৰাজনৈতিক দলসমূহৰো দৃষ্টি নিবদ্ধ আছে এই সমষ্টিটোত ৷ সকলোৰে উদ্দেশ্য এটাই- যেনেকৈ নহওঁক সমষ্টিটো নিজৰ দখললৈ আনিব লাগে ৷ বিশেষকৈ বিগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে সমষ্টিটোৰ পৰা জয়লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা যোৰহাটত চকু ৰাখিছে শাসকীয় দল বিজেপিয়ে ৷
কিছুদিন পূৰ্বে যোৰহাট ভ্ৰমণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ যোৰহাট ভ্ৰমণলৈ অহাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ পৰাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰো ইংগিত প্ৰদান কৰিছিল ৷
পিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই, যোৰহাটত আধিপত্য বিস্তাৰ কৰিবলৈ বিজেপিৰ ৰণনীতি কেনেধৰণৰ হ’ব, ৰাজ্যিক বিজেপিৰ এইক্ষেত্ৰত কেনেধৰণৰ দায়িত্ব হ’ব, সেই সকলোবোৰ ই টিভি ভাৰতৰ আগত বিৱৰি ক’লে ৰাজ্যিক বিজেপিৰ সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱাই ৷
ৰাজ্যিক বিজেপিৰ সম্পাদকৰ দায়িত্ব লাভ কৰা সিদ্ধাংকু অংকুৰ বৰুৱাই সাংবাদিকৰ আগত কয় - ‘‘আমাৰ দলে সেৱা সমৰ্পণ নীতিৰে সমাজৰ স্বাৰ্থত কাম কৰিবলৈ শিকায় ৷ দায়িত্বত থকাটো ডাঙৰ কথা নহয়, দলৰ কাৰ্যকতা হিচাপে ৰাইজক সেৱা কৰিবলৈ প্ৰয়াস কৰি আছো ৷ মই যেতিয়া যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্বত আছিলো, তেতিয়াও ৰাইজৰ বাবে কাম কৰিছিলো আৰু দায়িত্বত নথকাৰ সময়তো একে উদ্যমেৰে কাম কৰি গৈছিলো ৷ সেয়েহে দলে মোক এইবাৰ ৰাজ্যিক বিজেপিৰ সম্পাদকৰ দৰে গধুৰ দায়িত্ব দিছে ৷ এই দায়িত্ব মুৰ পাতি লৈ সততা আৰু নিষ্ঠাৰে ৰাইজৰ হকে কাম কৰি গৈ থাকিম ৷ ২০২৬ ৰ নিৰ্বাচন সমাগত, সেয়ে দলৰ সাংগঠনিক ভেটি দৃঢ় কৰাৰ স্বাৰ্থত কাম কৰি গৈ থাকিম ৷’’
লগতে তেওঁ কয়- ‘‘লোকসভা নিৰ্বাচনত আমি যি ভুল কৰিছিলো, সেই ভুল পঞ্চায়ত নিৰ্বাচনত শুধৰণি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৈছিল ৷ ইতিহাস সৃষ্টি কৰি পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিলে ৷ সেয়েহে মই মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাম যে তেওঁ যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াওক, কাৰণ তেওঁৰ যোৰহাটত জন্ম আৰু ইয়াতে প্ৰাক-প্ৰাথমিক শিক্ষাও গ্ৰহণ কৰিছিল । পঞ্চায়ত নিৰ্বাচনত ডাঙৰ-ডাঙৰ প্ৰচাৰ সভাৰ পৰিৱৰ্তে সৰু সৰু প্ৰচাৰ সভাৰ জৰিয়তে বিজেপিয়ে ৰাইজৰ কাষ চাপিছিল ৷ ফলত পঞ্চায়ত নিৰ্বাচনত সফলতা পালো ৷ কিন্তু ইয়াৰ বিপৰীত পন্থা গ্ৰহণ কৰিছিলো লোকসভা নিৰ্বাচনত, ফলত ৰাইজৰ মাজত সোমাব পৰা নাছিলোঁ ।’’
ৰাজ্যিক বিজেপিৰ সম্পাদকগৰাকীৰ ভাষ্যৰ পৰা ধাৰণা কৰিব পাৰি যে, আগন্তুক বিধানসভা নিৰ্বাচনত যোৰহাটত হ’বলগীয়া নিৰ্বাচনী যুঁজখন বেছ আকৰ্ষণীয় হ’ব ৷
লগতে পঢ়ক: গৰুক কাটি কাটি খোৱা মানুহে এতিয়া গৰুৰ বাবে আন্দোলন কৰে: মুখ্যমন্ত্ৰী

