চিনাকীক মাটি দিম আৰু অচিনাকীৰ মাটি কাঢ়ি ল'ম: এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্রীৰ হুংকাৰ
পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে চিকিৎসা সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব । ৰাজ্য চৰকাৰে তেওঁলোকৰ চিকিৎসা ব্যয় বহন কৰিব ।

Published : August 29, 2025 at 9:01 PM IST
গুৱাহাটী: পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে ভাল খবৰ । পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে চিকিৎসা সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব । ৰাজ্য চৰকাৰে তেওঁলোকৰ চিকিৎসা ব্যয় বহন কৰিব । ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে তেওঁলোকে বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব । পহিলা জানুৱাৰীৰ পৰা পঞ্চায়ত প্ৰতিনিধি সকলে এই সুবিধা লাভ কৰিব । এই ঘোষণা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্রীয়ে এই ঘোষণা কৰে । পঞ্চায়ত প্ৰতিনিধি সকলক লৈ আয়োজন কৰা বিশাল সন্মিলনত মুখ্যমন্ত্রীয়ে কয়, "ৰাইজৰ আশীৰ্বাদত আমি পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছো । আমাৰ মিত্রজোঁটে ৩৯৭ খন আসনৰ ভিতৰত ৩০১খন আসনত জয়ী হ'বলৈ সক্ষম হৈছে । আঞ্চলিক পঞ্চায়তৰ ২১৮৮ খনৰ ভিতৰত ১৪৪৫ খনত আৰু ৱাৰ্ড মেম্বাৰত ২১৯২০ খন আসনত জয়ী হ'বলৈ সক্ষম হৈছো । ইয়াৰ পূৰ্বে কোনেও এনে বিজয় লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ বাবে আমি অসমৰ ৰাইজক কৃতজ্ঞতা জনাইছো । আমি অসমৰ কল্যাণৰ বাবে আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ হকে কাম কৰি যাম। এইক্ষেত্রত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে আমাক মাৰ্গদৰ্শন দিব ।"
চিকিৎসা সেৱা হ'ব সম্পূৰ্ণৰূপে বিনামূলীয়া :
পঞ্চায়ত প্ৰতিনিধি সকলক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয়, "প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু মাৰ্গদৰ্শনত অসম চৰকাৰে কাম কৰি আহিছে । পঞ্চায়ত প্ৰতিনিধি সকলে আগন্তুক পাঁচ বছৰ দল, জাতি আৰু দেশৰ সন্মানৰ বাবে কাম কৰি যাব । পহিলা জানুৱাৰীৰ পৰা পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে চিকিৎসা সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব । ৰাজ্য চৰকাৰে তেওঁলোকৰ চিকিৎসা ব্যয় বহন কৰিব । আমি ৰাইজক দুৰ্নীতিমুক্ত পঞ্চায়ত উপহাৰ দিম । ২০২৬ত বিজেপিক পুনৰ দিছপুৰলৈ আনিব লাগিব । তাৰ বাবে আমি কাম কৰিব লাগিব । অসমত আকৌ এবাৰ এন ডি এৰ চৰকাৰ প্ৰতিষ্ঠাৰ আমি সংকল্প ল'ব লাগিব ।"

বিকাশৰ নতুন স্বপ্ন বাস্তৱায়িত :
জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰসংগৰে মুখ্যমন্ত্রীয়ে কয়, "জাতি, মাটি আৰু ভেটি ৰক্ষাৰ সংকল্পৰে আমি ২০১৬ত চৰকাৰ কৰিছিলো । নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক উচিত শিক্ষা দিছে । সেইদৰে আমিও জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে কাম কৰি যাম । বৃন্দাবনী বস্ত্র যাতে অসমৰ মানুহে চাব পাৰে তাৰ বাবে বৃন্দাবনী বস্ত্রক অসমলৈ অনাৰ ব্যৱস্থা কৰা হ'ব । মোদীৰ নেতৃত্বত আজি আমি ডাঙৰ ডাঙৰ সপোন দেখিছো । বিকাশৰ নতুন স্বপ্ন আজি বাস্তৱায়িত হৈছে ।"
মাদানী আৰু ৰাহুলৰ সাহস আছে যদি যুঁজি চাওক :
মুখ্যমন্ত্রীয়ে লগতে কয়, "জমিয়তৰ মাদানীয়ে মোক ধমকি দিছে । ৰাহুল গান্ধীয়েও মোক ধমকি দিছে। এইক্ষেত্রত মোৰ এটাই কথা যিমানে ধমকি দিব অসমে লাচিতৰ হেংদাং আকৌ তুলি ল'ব। আমি আকৌ এবাৰ যুঁজিব খোজিছো আৰু জিকিব খোজিছো । 'চিনাকী' মানুহক আমি মাটি দিম আৰু 'অচিনাকী' মানুহৰ পৰা শেষ ডোখৰ মাটি কাঢ়ি নোলোৱা পৰ্যন্ত ক্ষান্ত নহও । মাদানী আৰু ৰাহুলৰ সাহস আছে যদি যুঁজি চাওক। আজি অসমীয়া জাগিছে । শেষলৈকে যুঁজিম আৰু জিকিম । চিনাকীক আমি মাটি দিম আৰু অচিনাকীৰ মাটি কাঢ়ি ল'ম। অসমী আই আৰু ভাৰতী আই সদায়ে সুৰক্ষিত হৈ থাকে তাৰ আমি সংকল্প ল'ব লাগিব।"
ৰাহুল গান্ধী-গৌৰৱ গগৈক কি প্ৰশ্ন কৰিব ?
আনহাতে সন্মিলনত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, "নৰেন্দ্ৰ মোদীৰ নেতৃত্বক ২০১৪ চনৰ পৰাই ৰাইজে আন্তৰিকতাৰে সহযোগীতা আগবঢ়াই আহিছে । অসমৰ ৰাইজে সকলো নিৰ্বাচনতে বিজেপিক আন্তৰিকতা দেখুৱাই আহিছে । এই সহযোগিতাৰ বাবে আমি ৰাইজৰ ওচৰত কৃতজ্ঞ । প্ৰধানমন্ত্রী মোদীয়ে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দি শক্তিশালী ৰূপত আগুৱাই লৈ গৈছে । মোদী চৰকাৰে বিগত ১১ বছৰত কৰা কাম কিয় কংগ্ৰেছে ৫৫ বছৰত কৰিব নোৱাৰিলে। এই প্ৰশ্ন ৰাহুল গান্ধী আৰু গৌৰৱ গগৈক কৰিব লাগে ।"

কংগ্ৰেছৰ প্ৰশ্ন কৰাৰ কোনো অধিকাৰ নাই :
সোণোৱালে লগতে কয়, "ভাৰতে আজি বিশ্বৰ বুকুত সুকীয়া স্থান লাভ কৰিছে । অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে ৰাইজৰ আস্থা আৰু বিশ্বাস লৈ কাম কৰিছে । আজি অসমত বিশাল বিনিয়োগ আহিছে । কৰ্মসংস্থাপন বৃদ্ধি পাইছে । কংগ্ৰেছৰ দিনত অবহেলা, সন্ত্রাসবাদ আৰু অশান্তি আছিল । অন্ধকাৰ পৰিৱেশ আছিল । আজি বিজেপিয়ে সেই অন্ধকাৰ আঁতৰাই অসমক বিকাশৰ পথত আগুৱাই লৈ গৈছে । গতিকে কংগ্ৰেছৰ প্ৰশ্ন কৰাৰ কোনো অধিকাৰ নাই । বিজেপিয়ে কৰা কামৰ পাঁচ শতাংশও কৰা হ'লে অসম আগুৱাই গ'লহেঁতেন । বিজেপিয়ে অসমত শান্তিৰ বাতাৱৰণ গঢ় দিলে । সন্ত্রাসৰ পথত যোৱাসকলক মূলসূতিলৈ ঘূৰাই আনিলে । সাহসেৰে আৰু দক্ষতাৰে বেদখলৰ বিৰুদ্ধে অভিযান চলাইছে । জাতি, মাটি, ভেটি ৰক্ষা হ'লেহে জাতীয় অস্থিত্ব অটুত থাকিব।"


অগ্নিপৰীক্ষাত সফলতা অৰ্জন কৰিছো :অতুল বৰা
ইফালে, অগপৰ সভাপতি অতুল বৰাই কয়, "পঞ্চায়ত নিৰ্বাচন অগ্নিপৰীক্ষা আছিল । এই পৰীক্ষাত আজি সফলতা অৰ্জন কৰিছো । পঞ্চায়তৰ প্ৰতিনিধি সকলে গ্ৰামাঞ্চলৰ সৈনিক হিচাপে কাম কৰিব লাগিব । বিকাশৰ যাত্রাত আগুৱাই যাব লাগিব । প্ৰধানমন্ত্রীৰ মাৰ্গদৰ্শনত গাঁৱক আগুৱাই নিব লাগিব । কংগ্ৰেছৰ দিনত মৌলবাদীৰ উত্থান হৈছিল । এন ডি এৰ চৰকাৰৰ দিনত স্থায়ী শান্তিৰ বাতাৱৰণ হৈছে । হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হৈছে । চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়নত পঞ্চায়তৰ প্ৰতিনিধিসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব । কংগ্ৰেছৰ দিনত বিকাশ অৰ্থহীন শব্দ আছিল । এতিয়া সেই পৰিবেশ নাই । ২০২৬ত কমেও ১০০খন আসনৰ লক্ষ্যৰে কাম কৰিব লাগিব ।"

