ৰাজেন গোঁহায়ে পদত্যাগ কৰাটো আমাৰ দলৰ বাবে দুৰ্ভাগ্যজনক : দিলীপ শইকীয়া
সকলোৱে দুখ পাইছো, তেওঁ দলৰ পৰা পদত্যাগ কৰিব নালাগিছিল ৷ এই বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৷

Published : October 10, 2025 at 8:34 AM IST
|Updated : October 10, 2025 at 12:45 PM IST
ডিব্ৰুগড় : বিজেপি ত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ । নগাঁৱৰ চাৰিবাৰৰ সাংসদ প্ৰাক্তন ৰাজ্যিক সভাপতি, ৰাজেন গোহাঁয়ে বিজেপি দল ত্যাগ কৰা পাছতেই ৰাজ্যৰ ৰাজনীতিত জোকাৰণি সৃষ্টি হৈছে । দলৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি দল ত্যাগ কৰিলে প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীয়ে ।
বৃহস্পতিবাৰে উজনিৰ ’২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ থকাৰ মাজতে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাটো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ডিব্ৰুগড়ত বিজেপিৰ গুৰুত্বপূৰ্ণ সভাত উপস্থিত থকা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজেন গোহাঁইৰ দল ত্যাগক লৈ সাংবাদিকৰ আগত কেতবোৰ মন্তব্য কৰে ৷
তেওঁ কয়, "আমি সকলো ডিব্ৰুগড়ত সভাত ব্যস্ত থকা সময়ত প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোহাঁয়ে কেইজনমান দলীয় কৰ্মীক লগত লৈ ৰাজ্যিক কাৰ্যালয়লৈ গৈ এখন পদত্যাগ পত্ৰ প্ৰদান কৰিছে । বিগত সময়ত আমি কেইবাবাৰো গোহাঁই ডাঙৰীয়াৰ সৈতে আলোচনাত মিলিত হৈছো । তেওঁ দলৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু আজি কি কাৰণত পদত্যাগ কৰিলে তাক লৈ আমি আচৰিত হৈছো ।’’
দিলীপ শইকীয়াই কয়, ‘‘তেওঁ দলত থাকি দলৰ হৈ কাম কৰি যাম বুলি কথা দিছিল । তেওঁ পদত্যাগ কৰাটো আমাৰ দলৰ বাবে দুৰ্ভাগ্যজনক । যোৱা তিনিটা দশকত ৰাজেন গোহাঁয়ে ভাৰতীয় জনতা পাৰ্টীক বহুত দিলে, দলেও তেওঁক বহুত দিলে । ৰাজেন গোহাঁইৰ পদত্যাগ বিষয়টো কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছো । আমি সকলোৱে দুখ পাইছো । তেওঁ দলৰ পৰা পদত্যাগ কৰিব নালাগিছিল ।’’

শইকীয়াই কয়, ‘‘তেওঁ অসন্তুষ্টিৰ কথা কৈছিল, কিন্তু দল ত্যাগ কৰাৰ কথা এবাৰো কোৱা নাছিল । তেওঁ কয় দেশৰ হৈ কাম কৰিব । আই মাতৃৰ হৈ কাম কৰিব ৷ কিন্তু তেওঁ দেশৰ হৈ কাম কৰিবলৈ বিজেপিতকৈ ভাল স্থান পাব বুলি মই নাভাবো । যদি পাই শুভেচ্ছা জনালো ।’’
- দলটোৰ বেয়াখিনি ঠিক কৰাটো তেওঁৰ দায়িত্ব আছিল :
বিজেপি নেতৃত্বক ৰাজেন গোহাঁয়ে কৰা সমালোচনাৰ উত্তৰ দি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, "বিজেপি দলত কাম কৰাৰ পৰিৱেশ নাই বুলি কোৱা বিষয়টোত আমি দলত পৰ্যালোচনা কৰিম । তেওঁ কিহৰ বাবে অসন্তুষ্টি হ'ল আমি আচৰিত হৈছো । তেওঁ পদত্যাগ কৰাটো সম্পূৰ্ণ ব্যক্তিগত । তেওঁ কিবা যদি দলৰ বেয়া দিশ দেখিছিল আমাক ক'ব লাগিছিল । দলটোৰ বেয়াখিনি ঠিক কৰা তেওঁৰ দায়িত্ব আছিল । দলটোৰ বেয়াখিনি ঠিক নকৰি দল ত্যাগ কৰি তেওঁ কি বাৰ্তা দিব বিচাৰিছে সেয়া তেওঁ গম পাব ।’’

- দলটোৰ ভালৰ কাৰণে তেওঁৰ উপদেশ বহুত কম আছিল :
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই লগতে কয়, "বিগত সময়ত বিভিন্ন ঠাইত সভা কৰিছিল । আমি নকৰিবলৈ আহ্বান জনাইছিলো । কাৰণ তেওঁ জ্যেষ্ঠ এজন দলীয় ব্যক্তি । আমি তেওঁতকৈ সৰু, গতিকে তেওঁ আমাক কিবা থাকিলে ক'ব লাগিছিল । দলৰ দুৰ্বলতা যদি আছিল দলত কোৱাৰ সুযোগ আছিল । তেওঁ দলৰ মজিয়াত কথা নকৈ সংবাদ মাধ্যমত কৈ আহিছিল কিছু কথা । বিগত সময়ত দলটোৰ ভালৰ কাৰণে তেওঁৰ উপদেশ বহু কম আছিল ।’’

