নগাঁও: অসমৰ ৰাজনীতিত বিৰোধী শক্তিসমূহৰ একত্ৰিত হোৱাৰ প্ৰচেষ্টা বাৰে বাৰে ব্যৰ্থ হোৱাৰ মাজতে শাসকীয় মিত্ৰদল অসম গণ পৰিষদ (অগপ) আৰু ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) মাজৰ মিত্ৰতাও যেন স্থানীয় পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কোনো কোনো প্ৰান্তত জটিলতাৰ সন্মুখীন হৈছে । মধ্য অসমৰ নগাঁও জিলাৰ দুই আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত সামগ্ৰিক প্ৰেক্ষাপটত মিত্ৰতা থকাৰ পাছতো থমকি ৰ'বলগীয়া হৈছে শাসকীয় পক্ষৰ দুই ৰাজনৈতিক দলৰ নেতৃত্ব ।
নগাঁৱৰ কুঁজিডাহ জামুগুৰি আৰু বগুৰিগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ নিৰ্বাচনত এই দুই মিত্ৰদলৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতাৰ তথ্য পোহৰলৈ অহাত ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে । শাসকীয় মিত্ৰদলৰ মাজতেই আৰম্ভ হোৱা নিৰ্বাচনী যুঁজত মিত্ৰদলৰ বিপক্ষে মিত্ৰদলৰ প্ৰাৰ্থীয়ে কিদৰে প্ৰচাৰ আৰম্ভ কৰিছে সেয়া জানিবলৈ জিলাখনৰ কুঁজিডাহ জামুগুৰি আঞ্চলিক পঞ্চায়ত এলেকাত উপস্থিত হৈ দুয়োগৰাকী প্ৰাৰ্থীৰ মন্তব্য গ্ৰহণ কৰা হয় ই টিভি ভাৰতৰ তৰফৰ পৰা ।
নগাঁৱত মিত্ৰদলৰ বিপক্ষে কিদৰে চলিছে মিত্ৰদলৰ প্ৰচাৰ ?
বিগত প্ৰায় দহ বছৰে মিত্ৰতা অব্যাহত থকা অগপ আৰু বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনতো শাসকীয় দুয়োটা দল একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে নগাঁৱৰ কুঁজিডাহ জামুগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ লগতে বগুৰিগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবেও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে অগপ আৰু বিজেপিৰ প্ৰাৰ্থী । কুঁজিডাহ জামুগুৰি আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে অগপ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে বিগত সময়ত অগপৰ দলৰ পৰাই পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিত হোৱা কৌস্তভ কুমাৰ বৰাই । ইয়াৰ বিপৰীতে মিত্ৰদল বিজেপিৰ পৰা মনোনয়ন দাখিল কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে বিগত নিৰ্বাচনত স্থানীয় জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা সীমাৰেখা ভৰালীয়ে ।

বিজেপি প্ৰাৰ্থীৰ প্ৰচাৰ:
কুঁজিডাহ জামুগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে মিত্ৰদল অগপৰ প্ৰাৰ্থীৰ বিপক্ষে চৰকাৰী আচঁনি তথা চৰকাৰী কাম-কাজক লৈ ব্যাপক প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা অব্যহাত ৰখা বুলি ই টিভি ভাৰতক জানিবলৈ দিছে বিজেপি প্ৰাৰ্থী সীমাৰেখা ভৰালীয়ে ।
বিধায়ক শশীকান্ত দাসৰ সমৰ্থন:
অগপ-বিজেপি মিত্ৰ চৰকাৰক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা নিলম্বিত হোৱা ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে নিজৰ সমষ্টিৰ অন্তৰ্গত কুঁজিডাহ জামুগুৰি আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনত অগপ প্ৰাৰ্থীৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী সীমাৰেখা ভৰালীক সমৰ্থন কৰি প্ৰচাৰ আৰম্ভ কৰা বুলি ই টিভি ভাৰতক জানিবলৈ দিছে বিজেপি সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে ।

অগপ প্ৰাৰ্থীৰ প্ৰচাৰ:
আনহাতে অগপ দলৰ প্ৰাৰ্থী কৌস্তভ কুমাৰ বৰায়ো পঞ্চায়ত এলেকাটোত আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । আঞ্চলিকতাবাদৰ ঘাটি হিচাপে পৰিচিত এই অঞ্চলত আঞ্চলিকতাক মূলমন্ত্ৰ হিচাপে লোৱাৰ লগতে নিজৰ ব্যক্তিগত প্ৰভাৱ আৰু অভিজ্ঞতাক লৈ প্ৰচাৰ চলাইছে অগপ প্ৰাৰ্থী কৌস্তভ কুমাৰ বৰাই ।
বিজেপি প্ৰাৰ্থীগৰাকীক স্থানীয় বিধায়কে সমৰ্থন আগবঢ়াই প্ৰচাৰ আৰম্ভ কৰাৰ বিপৰীতে অগপ প্ৰাৰ্থীগৰাকীক জিলা পৰ্যায়ৰ অগপ নেতা ৰঞ্জন বৰাৰ লগতে স্থানীয় নেতা-কৰ্মীয়ে সমৰ্থন জনাই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । অৱশ্যে আঞ্চলিক পঞ্চায়তৰ সদস্য পদটোৰ বাবে কংগ্ৰেছ দলৰ পৰাও এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে যদিও মূল প্ৰতিদ্বন্দ্বিতা অগপ আৰু বিজেপিৰ মাজতেই কেন্দ্ৰীভূত হৈছে । আনহাতে নগাঁও জিলাৰ আন এটা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবেও প্ৰতিদ্বন্দ্বিতাত নামিছে দুই মিত্ৰদল অগপ-বিজেপি ।
সেই আঞ্চলিক পঞ্চায়তখন হৈছে নগাঁও জিলাৰ বগুৰিগুৰি আঞ্চলিক পঞ্চায়ত । অগপ আৰু বিজেপিৰ মাজত একেধৰণৰ প্ৰতিদ্বন্দ্বিতা আৰু নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে বগুৰিগুৰি আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবেও । অগপৰ পৰা নাচিমা বেগমে প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন দাখিল কৰাৰ পাছত ব্যাপক প্ৰচাৰ আৰম্ভ কৰাৰ বিপৰীতে বিজেপি দলৰ পৰাও ৰাণী আফচানা আহমেদে মনোনয়ন দাখিল কৰি নামি পৰিছে নিৰ্বাচনী যুঁজত ।
জিলাখনৰ দুই আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে মিত্ৰদলৰ মাজতেই প্ৰতিদ্বন্দ্বিতা আৰম্ভ হোৱাত ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে । আনকি দুই মিত্ৰদলৰ মাজৰ এনে সংঘাতে শাসকীয় গোটৰ অভ্যন্তৰীণ ঐক্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে । অৱশ্যে দুই আঞ্চলিক পঞ্চায়তৰ এই প্ৰতিদ্বন্দ্বিতাক বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা বুলি ক'ব বিচাৰিছে অগপৰ জিলা নেতৃত্বই । আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে অগপ-বিজেপি মিত্ৰদলৰ মাজত আৰম্ভ হোৱা যুঁজে এতিয়া ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে সৰৱ চৰ্চা ।