ETV Bharat / politics

বি টি আৰৰ ধনকুবেৰ : কিমান সম্পত্তিৰ গৰাকী প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী

অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বি টি আৰৰ নিৰ্বাচন আৰু ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ভোটগণনা ।

BTC ELECTIONS 2025
হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 3, 2025 at 12:11 AM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : বি টি আৰত এতিয়া নিৰ্বাচনী গৰম বতাহ । অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বি টি আৰৰ নিৰ্বাচন আৰু ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ভোটগণনা । মঙলবাৰ আছিল মনোনয়ন দাখিল অন্তিম দিন । মনোনয়ন দাখিলৰ অন্তিম দিনা ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োৱে মনোনয়ন দাখিল কৰে । আনহাতে সোমবাৰে চিৰাং দুৱাৰ সমষ্টি আৰু মঙলবাৰে গৃহ সমষ্টি দেৱৰগাঁও পৰা মনোনয়ন দাখিল কৰে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে । ইয়াৰ লগে লগে চৰ্চালৈ আহিছে শপতনামাত নেতাই দাখিল কৰা সম্পত্তিৰ তথ্য । কাৰ কিমান সম্পত্তি ।

হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পত্নীৰ সম্পত্তি :

পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দল বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে চিৰাং জিলাৰ চিৰাং দুৱাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে দাখিল কৰিছে মনোনয়নপত্ৰ । মনোনয়নৰ সৈতে সংলগ্ন কৰি দিয়া শপতনামাত তেওঁ নিজৰ লগতে নিজৰ পৰিয়ালৰ নামত থকা সম্পত্তিৰ তথ্য উল্লেখ কৰিছে । শপতনামাত দিয়া তথ্য অনুসৰি হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰীৰ নামত আছে মুঠ ৩৫ টা বেংক একাউণ্ট আৰু ১৬ খন ডাম্পাৰসহ ৩২ খন বিভিন্ন মডেলৰ গাড়ী । ইয়াৰ বাহিৰেও আছে অগাধ পৰিমাণৰ ভূ-সম্পত্তি ।

BTC ELECTIONS 2025
হাগ্ৰামা মহিলাৰী আৰু শিউলি মহিলাৰী (ETV Bharat Assam)

শপতনামাত দাখিল কৰা তথ্য অনুসৰি হাগ্ৰামা মহিলাৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩.৮০ কোটি টকা আৰু তেওঁৰ পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৫.৫২ কোটি টকা । আনহাতে স্থাৱৰ সম্পত্তিৰ মূল্যৰ পৰিমাণ হ'ল হাগ্ৰামা মহিলাৰীৰ নামত থকা সম্পত্তি ৫.৪৯ কোটি টকা আৰু পত্নীৰ নামত থকা সম্পত্তি ২২.১৩ কোটি টকা । শপতনামাত উল্লিখিত তথ্য মতে হাগ্ৰামা মহিলাৰীৰ হাতত থকা নগদ ধনৰ পৰিমাণ ৬,৫৮,২০০ টকা আৰু তেওঁৰ পত্নীৰ হাতত থকা নগদ ধনৰ পৰিমাণ ৩৫.৩৬ লাখ টকা ।

মহিলাৰীৰ নামত থকা ৮ টা বেংক একাউণ্টত জমা ধনৰ পৰিমাণ ৩৩,৭১,৭৫১ টকা । পত্নীৰ নামত থকা ৩৫ টা বেংক একাউণ্টত থকা ধনৰ পৰিমাণ ৫ কোটি ৭২ লাখ ৬৬ হেজাৰ ৪২৩ টকা । শিউলি মহিলাৰীৰ নামত ইউকো বেংকৰ কোকৰাঝাৰকে ধৰি বিভিন্ন শাখাত আছে ১৬ টা একাউণ্ট ।

BTC ELECTIONS 2025
হাগ্ৰামা মহিলাৰীৰ শপতনামা (ETV Bharat Assam)

হাগ্ৰামা মহিলাৰীৰ নামত ১ কোটি ৩০ লাখ টকাৰ বীমা পলিচী আছে । লগতে আছে ৫৭ লাখ টকা মূল্যৰ এখন টয়টা লেণ্ড ক্রুইজাৰ গাড়ী । পত্নী শিউলি মহিলাৰীৰ নামত ১ কোটি ৪১ লাখ ৯৫ হেজাৰ ৩৯৭ টকা মূল্যৰ এখন লেণ্ড ক্রুইজাৰ গাড়ীকে ধৰি মুঠ

৩২ খন বিভিন্ন গাড়ী আছে । ইয়াৰ ভিতৰত ১৬ খন ডাম্পাৰ, ৩ খন এক্সকেভেটৰ, ৩ খন ট্ৰেক্টৰ, ২ খন টেংকাৰ আছে । পত্নীৰ লগত থকা সম্পত্তিৰ মূল্য ২৫.৫০ লাখ । ইয়াৰ বাহিৰেও পত্নীৰ নামত কোকৰাঝাৰ আৰু বাক্সা জিলাত প্রায় ৫০ বিঘা কৃষিভূমি আছে । এই গোটেইখিনি ভূমি ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০১৯ চনৰ জুলাই মাহৰ ভিতৰত ক্ৰয় কৰা । এই ভূ-সম্পত্তিৰ বৰ্তমানৰ বজাৰ মূল্য প্রায় ২ কোটি টকা ।

BTC ELECTIONS 2025
হাগ্ৰামা মহিলাৰীৰ শপতনামা (ETV Bharat Assam)

ইয়াৰ বাহিৰেও তেওঁৰ কোকৰাঝাৰ চহৰ, গোসাইগাঁও চহৰ, চিদলী আদিকে ধৰি মুঠ ১৬ টা স্থানত অনাকৃষি ভূমিৰ ভূ-সম্পত্তি আছে । তদুপৰি গোসাইগাঁৱত থকা আৰ এন বি মটৰ্ছ নামৰ ব্যৱসায়িক প্রতিষ্ঠানটোৰ লগতে কোকৰাঝাৰ চহৰকে ধৰি মুঠ ৫ টা স্থানত ব্যৱসায়িক সম্পত্তি আছে । অৱশ্যে সম্পত্তিৰ তালিকাত শিউলি মহিলাৰীৰ নামত প্ৰায় ১০ কোটি টকাৰ ঋণ থকা বুলি দেখুওৱা হৈছে । ক্ষমতাত নাথাকিলেও হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পৰিবাৰ বিশাল সম্পত্তিৰ গৰাকী । উল্লেখ যে হাগ্ৰামা মহিলাৰীয়ে আজি দেবৰগাঁও সমষ্টিৰ বাবেও মনোনয়ন দাখিল কৰে ।

প্ৰমোদ বড়ো আৰু তেওঁৰ পত্নীৰ সম্পত্তি :

ইফালে বি টি আৰৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি হাজাৰ হাজাৰ সমৰ্থকক লৈ দোতমা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন দাখিল কৰে । মনোনয়ন পত্রৰ লগত দিয়া শপতনামা অনুসৰি প্ৰমোদ বড়োৰ হাতত জমা আছে ৩ হাজাৰ ২০০ টকা । প্ৰমোদ বড়োৰ পত্নীৰ হাতত জমা আছে ১৫ হাজাৰ ৭০০ টকা । আনহাতে প্ৰমোদ বড়োৰ তিনিটা একাউণ্ট জমা আছে ৩১ লাখ ৯৯ হাজাৰ ৯৪৪ টকা ।

BTC ELECTIONS 2025
প্ৰমোদ বড়ো আৰু পাৰুল ভৰালী বড়ো (ETV Bharat Assam)

প্ৰমোদ বড়োৰ পত্নী পাৰুল ভৰালী বড়োৰ বেংকত জমা আছে ১৯ লাখ ৩৭ হাজাৰ ১৮৪ টকা । প্ৰমোদ বড়োৰ আছে প্ৰায় ১২ লাখ ৬৫ হাজাৰ টকাৰ বীমা পলিচী । প্ৰমোদ বড়োৰ আছে এখন ইন’ভা গাড়ী আৰু পত্নীৰ আছে এখন অল্ট’ গাড়ী । প্ৰমোদ বড়োৰ আছে ১ লাখ ৫০ হাজাৰ টকা মূল্যৰ সোণ আৰু পত্নীৰ আছে ৪ লাখ ৮০ হাজাৰ টকা মূল্যৰ সোণ ।

BTC ELECTIONS 2025
প্ৰমোদ বড়োৰ শপতনামা (ETV Bharat Assam)

প্ৰমোদ বড়োৰ মুঠ অস্থাৱৰ সম্পত্তিৰ মূল্য ৫৪ লাখ ৪৬ হাজাৰ ২৫৩ টকা আৰু পত্নীৰ মুঠ অস্থাৱৰ সম্পত্তিৰ মূল্য ২৬ লাখ ৩২ হাজাৰ ৮৮৪ টকা । প্ৰমোদ বড়োৰ নামত তামুলপুৰত আছে ৬ বিঘা ৭ লেছা কৃষিভূমি । প্ৰমোদ বড়োৰ পত্নীৰ নামত আছে ৩ বিঘা ১০ লেছা কৃষিভূমি । প্ৰমোদ বড়োৰ নামত কোনো অনাকৃষি ভূমি নাই যদিও পত্নীৰ নামত আছে ২ বিঘা ২ কঠা অনাকৃষি ভূমি । আনহাতে প্ৰমোদ বড়োৰ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৬৪.০২ লাখ টকা । পত্নীৰ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩,৯১,৩০,৩৮৬ টকা ।

BTC ELECTIONS 2025
প্ৰমোদ বড়োৰ শপতনামা (ETV Bharat Assam)

লগতে পঢ়ক : অন্তিমদিনা হাগ্ৰামা-প্ৰমোদ-খাম্পাসহ কেইবাগৰাকীও হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল

চিৰাঙত নিৰ্বাচনৰ গৰম বতাহ, চাৰিগৰাকীকৈ বাঘা বাঘা নেতাৰ মনোনয়ন দাখিল

দেৱৰগাঁৱত হ'ব ৱাটাৰলু যুদ্ধ ! এটা সময়ত একেডাল নলীৰে পানী যোৱা খাম্পা-হাগ্ৰামা আজি সমুখ সমৰত