অসমক ভাবুকি দিবলৈ আপোনাৰ সাহস কেনেকৈ হ’ল ? মমতাক হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি - Himanta Biswa Sarma
Himanta Biswa Sarma warns Mamata Banerjee : মমতা বেনাৰ্জীয়ে অসমক ৰঙাচকু নেদেখুৱাবলৈ সতৰ্ক কৰি দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ সাহসক লৈও প্ৰশ্ন ড৹ শৰ্মাৰ ৷

Published : August 28, 2024 at 9:37 PM IST
নিউজ ডেস্ক, ২৮ আগষ্ট : ‘‘অসমক ভাবুকি দিয়াৰ সাহস কেনেকৈ কৰিলে ? ৰঙা চকু নেদেখুৱাব অসমক ৷’’- এইবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰেই সতৰ্ক কৰি দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৷
दीदी, आपकी हिम्मत कैसे हुई असम को धमकाने की? हमें लाल आंखें मत दिखाइए। आपकी असफलता की राजनीति से भारत को जलाने की कोशिश भी मत कीजिए। आपको विभाजनकारी भाषा बोलना शोभा नहीं देता।
— Himanta Biswa Sarma (@himantabiswa) August 28, 2024
দিদি, আপনার এতো সাহস কীভাবে হলো যে আপনি অসমকে ধমকি দিচ্ছেন? আমাদের রক্তচক্ষু দেখাবেন না। আপনার অসফলতার… pic.twitter.com/k194lajS8s
উল্লেখ্য যে পশ্চিমবংগৰ এখন সভাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছিল যে কলকাতাৰ মহিলা চিকিৎসকৰ ধৰ্ষণ-হত্যা ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ জৰিয়তে ৰাজ্যখনত জুই জ্বলাবলৈ চেষ্টা কৰিছে ৷ এই অভিযোগেৰে মমতা বেনাৰ্জীয়ে এক সভাত কয়, ‘‘কিছুমানে এই আন্দোলন বাংলাদেশৰ প্ৰতিবাদৰ সৈতে সাদৃশ্য থকা বুলি ভাবে ৷ মই বাংলাদেশক ভালপাওঁ, তেওঁলোকে আমাৰ দৰে কথা কয় । আমাৰ সংস্কৃতিও একে । অৱশ্যে বাংলাদেশ এখন সুকীয়া দেশ ৷’’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয়, ‘‘মোদী বাবু , আপুনি আপোনাৰ মানুহৰ জৰিয়তে বংগত জুই লগাবলৈ চেষ্টা কৰিছে । কিন্তু মনত ৰাখিব যে যদিহে পশ্চিবংগত জুই লগাবলৈ চেষ্টা কৰে তেন্তে অসম, উত্তৰ-পূব, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, আৰু দিল্লীও জ্বলিব । আৰু আপোনাৰো চকীখন থৰক-বৰক হৈ পৰিব ৷’’
মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ‘X’যোগে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "দিদি, অসমক ভাবুকি দিবলৈ আপোনাৰ ইমান সাহস কেনেকৈ হ’ল ? আমাক ৰঙাচকু নেদেখুৱাব ৷ আপোনাৰ বিফলতাৰ ৰাজনীতিৰে ভাৰতক অগ্নিগৰ্ভা কৰিবলৈ চেষ্টা নকৰিব । বিভাজনমূলক ভাষা কোৱাটো আপোনাৰ বাবে শোভা নাপায় ।"
সমান্তৰালকৈ মমতা বেনাৰ্জীৰ এই মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰীকাও ৷ মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মমতা বেনাৰ্জীয়ে গুণ্ডাগিৰি কৰিব নোৱাৰে ৷ আমাক ভাবুকি দিব নোৱাৰে । মই তেওঁক এই মন্তব্যৰ গৰিহণা দিছোঁ । তেওঁ নিজৰ ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু আমাক ভাবুকি দিছে । সেয়া হ’বলৈ নিদিও ৷ মমতা বেনাৰ্জীক অনুৰোধ জনাও যে তেওঁ যথেষ্ট জ্যেষ্ঠ নেত্ৰী ৷ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী ৷ গতিকে ৰাজহুৱা স্থানত কি কথা কোৱা উচিত তেওঁ জনা দৰকাৰ ৷’’
লগতে পঢ়ক : সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ এজাহাৰ
পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

