ETV Bharat / politics

ঘোঁৰা বিক্ৰী হৈ যাব পাৰে ! লুকুৱাই থৈছে হোটেলত, বাহিৰত জোৰদাৰ পহৰা - ASSAM PANCHAYAT ELECTION 2025

হৰ্ছ ট্ৰেডিঙৰ ভয়ত কম্পমান এটা ৰাজনৈতিক দল । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীসকলক হোটেলত আবদ্ধ কৰি ৰাখিছে দলটোৱে ।

horse trading in Assam
পঞ্চায়ত নিৰ্বাচনতো হৰ্ছ ট্ৰেডিঙৰ আশংকা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 17, 2025 at 7:43 PM IST

2 Min Read

শিলচৰ: পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে কাছাৰৰ ৰাজনীতি । এইবাৰ পঞ্চায়ত নিৰ্বাচনত কাছাৰত কেতিয়াও নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে । বিজেপিৰ হাতত দলীয় প্ৰাৰ্থী বিক্ৰী হোৱাৰ ভয়ত এইবাৰ কাছাৰ জিলা কংগ্ৰেছে হোটেলত লুকুৱাই ৰাখিছে বিভিন্ন জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰাৰ্থীসকলক । শিলচৰসহ জিলাখনৰ বিভিন্ন হোটেলত এতিয়া দলীয় প্ৰাৰ্থীসকলক লুকুৱাই ৰাখি বাহিৰত পহৰা দি আছে কাছাৰ জিলা কংগ্ৰেছৰ কৰ্মীসকলে ।

হৰ্ছ ট্ৰেডিঙৰ ভয়

পঞ্চায়ত নিৰ্বাচনতো হৰ্ছ ট্ৰেডিঙৰ আশংকা (ETV Bharat)

শিলচৰ চহৰৰ মাজমজিয়াত দেখা গৈছে এই দৃশ্য । হোটেলৰ ভিতৰত প্ৰাৰ্থীসকলক বন্দী কৰি ৰাখি বাহিৰত জিলা কংগ্ৰেছৰ কৰ্মীসকলে পহৰা দি আছে । কাৰণ এটাই যাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনালৈকে কোনোপধ্যে কংগ্ৰেছ প্ৰাৰ্থীসকলক সাক্ষাৎ কৰিব নোৱাৰে বিজেপিৰ নেতাই । তেওঁলোকৰ অভিযোগ- বিজেপি নেতাসকলে সুবিধা পালেই কংগ্ৰেছ প্ৰাৰ্থীসকলক ভয়-ভাবুকি দি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিব । সেই আশংকাৰে এতিয়া প্ৰাৰ্থীসকলক হোটেল বন্দী কৰি ৰাখিছে কংগ্ৰেছে । কংগ্ৰেছে লুকুৱাই ৰখা এই প্ৰাৰ্থীসকলৰ মাজত কেইবাজনো মহিলা প্ৰাৰ্থীও আছে বুলি জানিব পৰা গৈছে ।

ইফালে ঘটনা সন্দৰ্ভত কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালে কয়, "কংগ্ৰেছ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পুনৰীক্ষণৰ পাছৰে পৰা বিজেপিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভয়-ভাবুকিসহ বিভিন্ন প্ৰলোভন দি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ বাবে হেঁচা প্ৰয়োগ কৰিছে । বিশেষকৈ কাছাৰৰ হিন্দু অধ্যুষিত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্য আসনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থীসকলক লক্ষ্য কৰি লৈছে বিজেপিয়ে । তেওঁলোকক বিভিন্ন প্ৰলোভনসহ ভয়-ভাবুকি দেখুৱাই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰোৱাই বিনা প্ৰতিদ্বন্দ্বিতাৰে আসন দখল কৰাত নামি পৰিছে বিজেপিৰ নেতাসকল ।" সেয়ে কাছাৰৰ কংগ্ৰেছ প্ৰাৰ্থীসকলক বিভিন্ন স্থানত হোটেলত লুকুৱাই ৰখা হৈছে বুলি নিজ মুখে স্বীকাৰ কৰে সভাপতি অভিজিৎ পালে । তেওঁ লগতে কয় যে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনালৈকে কংগ্ৰেছ প্ৰাৰ্থীসকলক হোটেলত ৰখা হ'ব ৷

লগতে পঢ়ক :বিহাৰৰ দৰে অসমতো মুখ্যমন্ত্ৰীৰ নেতৃত্বত জংঘলৰাজ আৰম্ভ হৈছে: গৌৰৱ গগৈ - ASSAM PANCHAYAT ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.