ETV Bharat / politics

লাকুৱাত মঙলবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে - PANCHAYAT ELECTION 2025

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ লগতে বিৰোধীয়ে কিয় ঠায়ে ঠায়ে প্ৰাৰ্থী দিয়াত ব্য়ৰ্থ হৈছে তাৰ কাৰণ ব্য়াখ্য়া কৰিলে মন্ত্ৰী যোগেন মহনে ।

Jogen Mohan on panchayat polls
মৰাণত মন্ত্ৰী যোগেন মহনৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 3:33 PM IST

3 Min Read

মৰাণ: ৰঙালীৰ আনন্দ-উছাহৰ মাজতে এতিয়া ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা ৷ অহা ২ মে'ত ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰি সমষ্টিত পঞ্চায়ত দখল কৰিবলৈ ব্যাপক প্ৰচাৰত নামিছে বিজেপিৰ লগতে‌ বিৰোধী দলসমূহ । বিজেপিৰ প্ৰচাৰ সন্দৰ্ভত মন্তব্য় আগবঢ়াইছে মন্ত্ৰী যোগেন মহনে ।

সোমবাৰে মৰাণত সাংবাদিকৰ আগত মন্ত্ৰী যোগেন মহনে কয়, "চৰকাৰীভাৱে প্ৰাৰ্থীসকলৰ নাম ঘোষণা‌ হোৱাৰ পাছতে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত বিজেপি দলৰ প্ৰাৰ্থীয়ে জোৰদাৰ গতিত প্ৰচাৰ অভিযানত নামি পৰিছে । ২২ এপ্ৰিল'ত লাকুৱাত গোমধৰ কোঁৱৰ খেলপথাৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । পঞ্চায়ত নিৰ্বাচনক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ । যিহেতু কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আছে সেয়ে ৰাইজ বিজেপিৰ দলৰ সৈতে আছে । পঞ্চায়তত ৰাইজে উন্নয়ন আৰু পৰিৱৰ্তনৰ বাবে ভোট দিব ।"

মৰাণত মন্ত্ৰী যোগেন মহনৰ সংবাদমেল (ETV Bharat Assam)

পঞ্চায়তীৰাজ ব্যৱস্থা অধিক শক্তিশালী কৰাত গুৰুত্ব দিছে চৰকাৰে:

পঞ্চায়তীৰাজ ব্যৱস্থা অধিক শক্তিশালী কৰাত চৰকাৰে গুৰুত্ব দিছে বুলি মন্তব্য় কৰি মন্ত্ৰী যোগেন মহনে কয়,"বিজেপি চৰকাৰে শিক্ষা,স্বাস্থ্যকে ধৰি সকলো বিভাগত পৰিৱৰ্তনৰ আনিবলৈ সক্ষম হৈছে । পঞ্চায়তীৰাজ ব্যৱস্থা অধিক শক্তিশালী কৰিব লাগিব, কাৰণ দুখীয়া মানুহৰ সপোন তাত লুকাই থাকে । বিগত বৰ্ষত পঞ্চায়ত প্ৰতিনিধিসকলে পঞ্চায়তৰ সকলো কাম সুন্দৰকৈ কৰিছে । পঞ্চায়তত আঁচনি ৰূপায়ণৰ যাতে দুৰ্নীতি নহয় তাৰ বাবে চৰকাৰৰ বিধায়ক, মন্ত্ৰীসকলে চকু ৰাখিছিল । সেয়ে বিজেপি চৰকাৰৰ দিনত পঞ্চায়তত কোনো অনিয়ম দুৰ্নীতি হোৱা নাই, কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত অলেখ দুৰ্নীতি হ'ল পঞ্চায়তত ।" বিজেপিয়ে পঞ্চায়ত নিকাকৈ চলাব পাৰিব বুলি ৰাইজৰ বিশ্বাস আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

বিৰোধী একত্ৰিত হ'লেও নাই যোগ্য প্ৰাৰ্থী:

পঞ্চায়তৰ কিছু কিছু সমষ্টিত বিৰোধী একত্ৰিত হোৱাক লৈ মন্ত্ৰীগৰাকীয়ে কয়, "পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ তিনিটা দল এক লগ হ'লেও তেওঁলোকে প্ৰাৰ্থিত্ব দিবলৈ যোগ্য প্ৰাৰ্থী নাপালে । নিৰ্বাচন আয়োগে দিয়া গাইডলাইন মতে বিৰোধীৰ প্ৰাৰ্থীসকলে মনোনয়ন দিবলৈ নোৱাৰিলে, তাৰ বাবে মনোনয়ন নাকচ হৈছে । বহুতো ভুৱা তথ্য দাখিল কৰিছে বিৰোধী প্ৰাৰ্থীয়ে। পঞ্চায়ত নিৰ্বাচন নিকা আৰু সততাৰে হ'ব লাগে । ভুৱা তথ্য দাখিল কৰিব লগাটোৱেই প্ৰমাণ কৰে বিৰোধীৰ যোগ্য প্ৰাৰ্থী নাই ।"

কংগ্ৰেছে নিৰ্বাচনৰ আগতেই চৰকাৰ বনায়,পঞ্চায়ত বনায়:

কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ লগতে ২৬ৰ বিধানসভা নিৰ্বাচনত ভাল ফল দেখুৱাবলৈ সক্ষম হম বুলি দাবী কৰাক লৈ মন্ত্ৰী গৰাকীয়ে কয়, "কংগ্ৰেছ দলে নিৰ্বাচনৰ আগতে চৰকাৰ বনায়,পঞ্চায়ত বনায়; কিন্তু পিছত কংগ্ৰেছ শূন্য বা একতেই থাকে । এইবাৰ পঞ্চায়তত সেই একেই অৱস্থা হ'ব । ৰাইজ যিদৰে বিজেপিৰ লগত আহিছে কংগ্ৰেছে জয়লাভ কৰাটো দেখা নাই । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'ব লাগে তেতিয়া যোগ্যজন ৰাইজৰ আগত ওলাই পৰে ।"

লগতে পঢ়ক:পঞ্চায়ত প্ৰাৰ্থীসকলৰ লগত জিলা প্ৰশাসনৰ আলোচনা - ASSAM PANCHAYAT ELECTION 2025

জুই জ্বলিলেহে ধোঁৱা ওলাব, দুৰ্নীতিৰ লাইচেঞ্চ দিয়া কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে: পীযুষ হাজৰীকা - PANCHAYAT ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.