ETV Bharat / politics

কংগ্ৰেছৰ শাসনত চাকৰিৰ নামত ছোৱালীৰ সতীত্ব হৰণ হৈছিল ! মুখ্য়মন্ত্ৰীয়েই ক'লে

বিনামূলীয়া চাউলৰ লগতে এইবাৰ আহি আছে দাইল, চেনী আৰু নিমখ ৷ তাকো বজাৰতকৈ ২০, ৩০ আৰু ১০ টকা কম মূল্যত ৷

Himanta Biswa Sarma election campaign
শোণিতপুত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 8:23 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটালে আন এক বিস্ফোৰণ । কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰিৰ নামত ছোৱালীয়ে হেনো নকৰিবলগীয়া কামো কৰিছিল । ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এই কাৰ্যৰ বিষয়েও উল্লেখ কৰা সন্দৰ্ভত বৰ্ণনা কৰি পুনৰ কংগ্ৰেছক সমালোচনাৰে থকাসৰকা কৰিলে মুখ্যমন্ত্ৰীয়ে ।

সোমবাৰে শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অংশস্বৰূপে বৰচলা সমষ্টিত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, "বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দিছে যে অকল টকা-পইচা নহয়, চৰকাৰী চাকৰিৰ নামত ছোৱালীৰ সতীত্বও হৰণ হৈছিল ।" কংগ্ৰেছৰ সময়তেই বিপ্লৱ শৰ্মা আয়োগ গঠন কৰা হৈছিল বুলি মুখ্য়মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় ।

শোণিতপুৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্ৰীগৰাকীয়ে পহলগামৰ ঘটনা সন্দৰ্ভত উল্লেখ কৰি কয়, "পহলগামৰ নাৰকীয় ঘটনা পাকিস্তানী সন্ত্ৰসবাদীয়ে সংঘটিত কৰিলে । সেই পাকিস্তানত কংগ্ৰেছ দলৰ সাংসদ গৈ ১৫ দিন থাকি আহে । সাংসদৰ পত্নীয়ে চাকৰি কৰে ভাৰতত, দৰমহা লয় পাকিস্তানৰ পৰা ।" আনকি নিজৰ সন্তানকো ভাৰতৰ নাগৰিক কৰিব বিচৰা নাই বুলি যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ নাম উচ্চাৰণ নকৰাকৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

Himanta Biswa Sarma election campaign
শোণিতপুৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়, "অসমত বিজেপি চৰকাৰে শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰিছে কোনো ধৰণৰ উপঢৌকন নোলোৱাকৈ । কিন্তু চৰকাৰী চাকৰিৰ নামত কংগ্ৰেছে নিজৰ অট্টালিকা নিৰ্মাণ কৰিলে আৰু তাৰ বাহিৰে আন একো নহ'ল ।" মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাতেই অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগতে দাইল, চেনী আৰু নিমখ বজাৰতকৈ ২০, ৩০ আৰু ১০ টকা কম মূল্যত দিয়াৰ প্ৰতিশ্ৰুতি দি কয়, "পূৰ্বতে মহাবিদ্যালয়ত নামভৰ্তি বিনামূলীয়া আছিল যদিও চক্ৰ বিষয়াৰ কাৰ্যালয়, পঞ্চায়তৰ পৰা প্ৰমাণ পত্ৰ লৈহে কৰিব পৰা গৈছিল । এইবাৰৰ পৰা সেয়াও নালাগে, একমাত্ৰ ৰেচন কাৰ্ড থাকিলেই হ'ব ।"

লগতে পঢ়ক:অসমত ৰন্ধন গেছৰ দাম হ'ব ৬০০ টকা, উজ্জ্বলা আঁচনিৰ গেছ লাভ কৰিব ২৫০ টকাত : মুখ্যমন্ত্ৰীৰ ঘোষণা - PANCHAYAT ELECTION 2025

কংগ্ৰেছৰ নেতাসকলে য'তে মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে : মুখ্যমন্ত্ৰী - PRADYUT BORDOLOI ATTACK