নলবাৰী: "কোনো কাৰণত ৱাকফ বিৰোধীক অসমৰ ৰাজপথত নামিবলৈ দিয়া নহ'ব । যদি আমছু অথবা আন কোনোবাই ৱাকফৰ বিৰুদ্ধে ৰাজপথত নামে, তাৰ সপক্ষেও কোনোবা নামিব । যাৰ বাবে এক অশান্তিৰ পৰিৱেশৰ সৃষ্টি হ'ব ।" এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এনে পৰিৱেশ কেতিয়াও হ'বলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ লগতে কয়, "যদি আইনখনক লৈ কাৰোবাৰ আপত্তি আছে আদালতৰ কাষ চাপক । চৰকাৰৰ লগত কোনো আলোচনা নহয় । কেৱল আদালততহে আলোচনা হ'ব ।"
মঙলবাৰে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ বাঁহজানী মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয়টো শুভ উদ্বোধন কৰাৰ পিছত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীয়ে । পোনতে ৰাজ্যবাসীক ব'হাগ বিহুৰ শুভেচ্ছা জনাই তেওঁ সমূহ অসমবাসীৰ শান্তি-প্ৰগতি কামনা কৰে । তাৰ পিছতে আগন্তক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয়, "গোটেই অসমত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে বিজেপি জয়ী হোৱাটো বিচাৰিছে । কেইবাখনো আসনত কংগ্ৰেছে বিজেপিক ৱাক অভাৰ দিছে । যাৰ বাবে সমগ্ৰ অসমত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল লাভ কৰিব ।" ইপিনে কেইবাটাও প্ৰান্তত একেটা ৱাৰ্ডত বিজেপিৰ ফালৰ পৰা দুজনকৈ প্ৰাৰ্থী প্ৰক্ষেপক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "সেয়া খেলিবলৈ দিয়া হৈছে । খেল হিচাপে লৈ প্ৰাৰ্থীসকলক নিৰ্বাচনত নামি কাৰো বিৰুদ্ধে সমালোচনা নকৰাকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াওক ।"

আনহাতে পহিলা বহাগৰ দিনাই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলক ভাল খবৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই মাহ অৰ্থাৎ এপ্ৰিলৰ শেষৰ ফালে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীয়ে । আনহাতে উক্ত অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰী আৰু নেতাদ্বয় টিহু সমষ্টিৰ বৰনৰ্দ্দী বিষ্ণুযজ্ঞলৈ ৰাওনা হয় ।