ETV Bharat / politics

কোন মাদানী ? আকৌ মুখ্যমন্ত্ৰী শৰ্মাৰ বুঢ়া আঙুলি মাদানীক

মাদানীৰ সংবাদমেলৰ পিছতেই হোজাইত সংবাদ মাধ্যমৰ সন্মুখত মাদানীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে মুখ্যমন্ত্ৰী ।

Madani controversy
হোজাইত মাদানীক বুঢ়া আঙুলি দেখুৱালে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 7:50 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : জমিয়ত নেতা মাদানীয়ে আইন বিৰুদ্ধ এটা কথা ক’লেই গোচৰ তৰি তেওঁক জে’লত ভৰাবলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । লগতে, মাদানীক ৰাজহুৱাকৈ অংগুষ্ঠ প্ৰদৰ্শন মুখ্যমন্ত্ৰীৰ । অসমৰ উচ্ছেদথলী ভ্ৰমণ কৰি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপত সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ লগতে আক্ৰোশত একপক্ষীয়ভাৱে নহয়, উচ্চতম ন্যায়ালয়ৰ নীতিমতেহে উচ্ছেদ চলাবলৈ মঙলবাৰে আহ্বান জনাইছে জমিয়ত উলেমা-ই-হিন্দৰ নেতা মৌলানা মেহমুদ মাদানীয়ে ৷

পিছে অসম ভ্ৰমণ কৰা মাদানীক বুঢ়া আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মাদানীৰ সংবাদমেলৰ কিছু সময়ৰ পিছতেই হোজাইত চৰকাৰী অনুষ্ঠানত ভাগ লোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত মাদানীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে মুখ্যমন্ত্ৰী শৰ্মা । তাৰ পূৰ্বে পুৱাবেলা মাদানীৰ ওপৰত প্ৰশাসনে দৃষ্টি নিবদ্ধ ৰাখিছে বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুঢ়া আঙুলি আৰু মাদানীৰ অসমৰ উচ্ছেদথলী ভ্ৰমণ (ETV Bharat Assam)

মাদানীৰ ভ্ৰমণক লৈ সাংবাদিকে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাৰ লগে লগে যেন গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বেছি কৰিলে মাদানীক জে'লত ভৰাবলৈয়ো কুণ্ঠাবোধ নকৰিব মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, “মাদানী কোন হয় ? মাদানী ভগৱান নেকি ? কংগ্ৰেছ থাকিলেহে মাদানী চলে । বিজেপি থাকিলে মাদানী-ফাদানী এইবোৰ একো নাই । বেছি কৰিলে ময়ে মাদানীক ভৰাই দিম । চি এম মইহে ৷ মাদানী নহয় ৷ মাদানীক ভয়ে নকৰোঁ (বুঢ়া আঙুলি প্ৰদৰ্শন মুখ্যমন্ত্ৰীৰ) ৷”

কোনো কোনো সংগঠনে মাদানীক কিয় উচ্ছেদথলীলৈ যাবলৈ দিলে বুলি যোৱা কেইবাদিনো ধৰি প্ৰশ্ন তুলি তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৷ তাৰ উত্তৰত কিয় মাদানীক গোৱালপাৰাৰ উচ্ছেদথলীলৈ যাব দিলে সেয়াও ক’লে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীৰ মন্তব্য, “যাব দিছোঁ, তেওঁ নিজে চাই আহক— মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে । নিজে চাই আহিছে কালি ৷ এতিয়া আৰু বেলেগক নকয়— মাটি দখল কৰ বুলি নকয় । কাৰণ এই মানুহবিলাকে চালেহে তেওঁলোক কঁপিব যে বিজেপি কেনেকুৱা হয় ? গম পাব বিজেপিয়ে কাকো ভয় নকৰে । ভি জি আৰ-বি জি আৰত থাকিলে উচ্ছেদ হ’বই । কালি তেওঁলোক গৈ গম পাই আহিছে ৷”

আনহাতে, মাদানীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে টানি আনিলে তিনি গগৈৰ প্ৰসংগও । মুখ্যমন্ত্ৰীয়ে কয়, “তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে ৷ হাজাৰ গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে । কাৰ ফালে গধুৰ হ’ব । মাদানীৰ কোনো ভেল্যু নাই । (পুনৰ বুঢ়া আঙুলি প্ৰদৰ্শন) ।”

কেৱল সেয়াই নহয়, মাদানীক বিশেষ গুৰুত্ব নিদিবলৈ সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে আইনৰ বিৰুদ্ধে এটা কথা ক’লেই গোচৰ ঢালি দিবলৈ তেওঁ অপেক্ষা কৰি আছে । মুখ্যমন্ত্ৰীয়ে এইদৰে কয়, “মাদানী-ফাদানী এইবোৰ হ’ল ফাল্টু মানুহ ৷ আপোনালোকে তেওঁক ইমান গুৰুত্ব দি নাথাকিব । নিজেই দুই-তিনিটা বিয়া কৰি থৈছে । এইবিলাক মানুহৰ কি ভেল্যু আছে ? ইয়াত আইনৰ বিৰুদ্ধে এটা কথা কওক, মই ঢালি দিম । মই ৰৈ আছোঁ ।”

লগতে পঢ়ক :উচ্ছেদৰ সময়ত চৰকাৰে পক্ষপাতিত্বৰ সলনি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলক: মেহমুদ মাদানী - MAHMOOD MADANI PRESS MEET
লগতে পঢ়ক :আৰক্ষীৰ তীক্ষ্ণ নিৰীক্ষণত জমিয়ত নেতাৰ গোৱালপাৰা ভ্ৰমণ: মুখ্যমন্ত্ৰী - ASSAM CM ON JAMIAT