ETV Bharat / politics

নিৰ্বাচনৰ পিছতেই সকলোকে অৰুণোদয় আঁচনিত সুমুৱাই ল'ম: মুখ্যমন্ত্ৰী - ASSAM CM ON ORUNODOI SCHEME

২২ লাখৰ পৰা ৪০ লাখলৈ বৃদ্ধি পাব অৰুণোদয় হিতাধিকাৰী ৷ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ ঘোষণা ৷

PANCHAYAT ELECTION CAMPAIGN
চিলাপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 8:06 PM IST

3 Min Read

ধেমাজি: এতিয়া চৰকাৰৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য় কি ? এই সন্দৰ্ভত মন্তব্য় আগবঢ়ালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । পঞ্চায়ত নিৰ্বাচনৰ পিছতেই হেনো চৰকাৰে দায়িত্ব আৰু কৰ্তব্য় সম্পূৰ্ণৰূপে পালন কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত এক নিৰ্বাচনী প্ৰচাৰ সভাত এই সন্দৰ্ভত কৰিলে মন্তব্য় ।

পঞ্চায়ত নিৰ্বাচনৰ সময়তেই মুখ্য়মন্ত্ৰীয়ে দিলে আশাৰ বতৰা । এইবাৰ সকলো দুখীয়া মহিলাকেই চৰকাৰে সামৰি ল'ব অৰুণোদয় আঁচনিত । অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ প্ৰ-পত্ৰৰ ব্যৱস্থা কৰা হৈছে । যিসকল দুখীয়া মহিলাই এই আঁচনিৰ ধন পোৱা নাই পঞ্চায়ত নিৰ্বাচনৰ সময়ত জিলা পৰিষদৰ সদস্য়, আঞ্চলিক পঞ্চায়তৰ সদস্য়ই গাঁৱে গাঁৱে গৈ ডায়েৰীত তেওঁলোকৰ নাম লিখি ল'ব । পঞ্চায়ত নিৰ্বাচনৰ পিছতেই তেওঁলোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনাৰে থকাসৰকা কৰে ।

চিলাপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল তথা শাসক-বিৰোধীৰ প্ৰাৰ্থীসকলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ সকলোৱে গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে ভোটাৰ ৰাইজৰ কাষ চাপিছে ৷ ধেমাজি জিলাৰ ১২টা জিলা পৰিষদৰ সমষ্টি, ৬৫টা গাঁও পঞ্চায়ত আৰু ৫টা আঞ্চলিক পঞ্চায়ত সমষ্টিৰ বাবে সোমবাৰে চিলাপথাৰ জনজাতি হাইস্কুল প্ৰাংগনত বিজেপি আৰু মিত্ৰজোঁটৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ পঞ্চায়ত নিৰ্বাচনৰ এই প্ৰথমখন প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে ।

PANCHAYAT ELECTION CAMPAIGN
চিলাপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

২২ লাখৰ পৰা ৪০ লাখলৈ বৃদ্ধি পাব অৰুণোদয় হিতাধিকাৰী :

অৰুণোদয় আঁচনিৰ বিষয়ে ব্য়াখ্য়া কৰিবলৈ গৈ মুখ্য়মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰি কয়, "কংগ্ৰেছৰ খং যে বিজেপিয়ে কিয় অৰুণোদয় দিছে । বিজেপিয়ে টকা খোৱা নাই নহয় । দুখীয়া মানুহক অৰুণোদয়ৰ প্ৰয়োজন আছে কাৰণেহে দিছো । কাইলৈ যদি কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিয়ে বা মই যদি অৰুণোদয় বন্ধ কৰি দিও আপোনালোকে ভাল পাব নেকি ? বেয়া পাব ৷ কংগ্ৰেছে বুজি নাপাই দুখীয়া মানুহৰ কাৰণে এই ১,২৫০ টকাই কিমান সহায় কৰিছে । ২০১৯ চনত আমি ৮৩০ টকা দি ২২ লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো । এতিয়া আমি অৰুণোদয় আঁচনি ২২ লাখৰ পৰা ৪০ লাখলৈকে লৈ যাম ।"

মুখ্য়মন্ত্ৰীগৰাকীয়ে আৰু কয়, "পঞ্চায়ত নিৰ্বাচনৰ সময়ত জিলা পৰিষদৰ সদস্য়, আঞ্চলিক পঞ্চায়তৰ সদস্য়ই গাঁৱে গাঁৱে যাব । দুখীয়া মানুহে ক'ব যে 'মা মোৰ অৰুণোদয়ত নাম অহা নাই, বাবা মোৰ অৰুণোদয়ত নাম অহা নাই ৷' ধুনীয়াকৈ ডায়েৰীত নাম লিখি ল'ব আৰু নিৰ্বাচনৰ পিছতেই আমি তেওঁলোককো দিম, আমি সকলোকে অৰুণোদয় আঁচনিত সুমুৱাই ল'ম । এইটোৱেই হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য় ।"

সেয়ে সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে পদুম ফুল আৰু হাতীৰ ছবিত ভোট দিবলৈ আহ্বান জনাই মুখ্য়মন্ত্ৰীগৰাকীয়ে । এই সভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূৱন পেগু আদি ।

লগতে পঢ়ক:জুই জ্বলিলেহে ধোঁৱা ওলাব, দুৰ্নীতিৰ লাইচেঞ্চ দিয়া কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে: পীযুষ হাজৰীকা - PANCHAYAT ELECTION 2025

গাঁৱৰ ৰাইজৰ ক্ষমতা ৰাইজক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ; পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.