ETV Bharat / politics

দেৱৰগাঁৱত হ'ব ৱাটাৰলু যুদ্ধ ! এটা সময়ত একেডাল নলীৰে পানী যোৱা খাম্পা-হাগ্ৰামা আজি সমুখ সমৰত

হাগ্ৰামা মহিলাৰীক পৰাজিত কৰিবলৈ দেৱৰগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে । মনোনয়ন দাখিল কৰি পুনৰ চৰকাৰ গঠনৰ দাবী প্ৰমোদ বড়োৰ ।

BTC ELECTION 2025
ইউ পি পি এলৰ অন্তিমখন তালিকা প্ৰকাশ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 1, 2025 at 4:49 PM IST

7 Min Read
Choose ETV Bharat

কোকৰাঝাৰ/বাক্সা: অপেক্ষাৰ অন্তত অৱশেষত ইউ পি পি এল দলৰ অন্তিমখন তালিকা প্ৰকাশ পালে ৷ দলটোৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে সোমবাৰে পুৱা গোঁসাইগাঁৱৰ ইউ পি পি এলৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ছয়জনীয়া অন্তিমখন তালিকা প্ৰকাশ কৰে ৷

আজি ঘোষণা কৰা প্ৰাৰ্থী কেইগৰাকীৰ ভিতৰত ৮ নম্বৰ দোতমা সমষ্টিত বি টি আৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৰ নাম ঘোষণা কৰা হৈছে । আনহাতে ১০ নম্বৰ দেৱৰগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে । একেদৰে ১৭ নম্বৰ সুবাইঝাৰ সমষ্টিত ফণীন বড়ো, ৩৫ নম্বৰ মুদৈবাৰী সমষ্টিত ৰমেশ হাজৰিকা, ৩৬ নম্বৰ হৰিশিঙা সমষ্টিত পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰী আৰু ৩৯ নম্বৰ পাঁচনৈ সেৰফাঙত ৰামকৰণ গৌড়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷

গোসাঁইগাঁৱৰ ইউ পি পি এলৰ কাৰ্যালয়ত দলৰ অন্তিমখন তালিকা প্ৰকাশ (ETV Bharat Assam)

এই প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছত ৰাজু নাৰ্জাৰীয়ে কয়," শান্তি, প্ৰগতি আৰু উন্নয়নৰ বাবে হাগ্ৰামা মহিলাৰীক পৰাজিত কৰিবৰ কাৰণে জ্যেষ্ঠ নেতা খাম্পা বৰগয়াৰীক দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু এইবাৰ হাগ্ৰামাৰ পৰাজয় হোৱাটো নিশ্চিত। দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীক পৰাজিত কৰি অশান্তি, হিংসাৰ দাবানল, এ কে-৪৭ ৰাজনীতি, বোমা বাৰুদৰ ৰাজনীতি সকলো শেষ কৰি হাগ্ৰামাক চিৰদিনৰ বাবে বিদায় দিয়া হ’ব ৷"

উল্লেখ্য যে বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে দোতমা আৰু গৃহ সমষ্টি গয়বাৰীৰ পৰা, প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে দেৱৰগাঁও আৰু ১৪ নম্বৰ ছিৰাংদুৱাৰ সমষ্টিৰ পৰা,কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে নিচিমা আৰু বাওখুংগ্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ আনহাতে ৰঞ্জিত বসুমতাৰী আৰু খাম্পা বৰগয়াৰীক দুটাকৈ সমষ্টিত টিকট দিয়াত একাংশ দলীয় কৰ্মীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে ৷

মনোনয়ন দাখিল কৰি পুনৰ চৰকাৰ গঠনৰ দাবী প্ৰমোদ বড়োৰ :

মনোনয়ন দাখিল কৰি পুনৰ চৰকাৰ গঠনৰ দাবী প্ৰমোদ বড়োৰ (ETV Bharat Assam)

বিটিচি পৰিষদীয় নিৰ্বাচন আজি মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিন ৷ তামুলপুৰ জিলাৰ ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে মনোনয়ন পত্ৰ প্ৰদান কৰে ৷ মনোনয়ন পত্ৰ প্ৰদান কৰি তেওঁ সাংবাদিকৰ আগত কয়," বিটিচিত পুনৰ ইউপিপিএল দলেই চৰকাৰ গঠন কৰিব ৷ যিহেতু ইউপিপিএলে বিটিচিত শান্তি স্থাপন কৰি জাতি-জনগোষ্ঠীৰ মাজত ঐক্য, শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে, সেয়েহে ৰাইজে আমাক আকোৱালি ল'ব ৷ বিজেপি, বিপিএফ, কংগ্ৰেছ সকলো দলেই নিৰ্বাচন খেলিব; কিন্তু আমিয়েই চৰকাৰ গঠন কৰিম ৷ স্বাধীনতাৰ পিছত যি কাম কৰিব নোৱৰিলে আমি চৰকাৰ গঠন কৰি সেই কাম সমাধান কৰিব পাৰিছো ৷ আজি ইউপিপিএল, বিপিএফৰ লগতে কেইবাগৰাকী নিৰ্দলীয়ই মনোনয়নপত্ৰ দাখিল কৰে ৷

কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল :

অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিতব্য় বি টি চি পৰিষদীয় নিৰ্বাচনৰ কাৰণে সোমবাৰে ইউ পি পি এল ,জি এছ পি, অবড়ো সুৰক্ষা পাৰ্টী, নিৰ্দলীয়কে ধৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । আটাইকেইগৰাকী প্ৰাৰ্থীয়ে বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ত নিজা নিজা সমষ্টিৰ নিৰ্বাচনী কোষত জমা দিয়ে মনোনয়ন পত্ৰ ।

Katiram Boro filed nomination paper in Baksa
বাগানপাৰা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ মনোনয়ন পত্ৰ দাখিল (ETV Bharat Assam)

২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী কাতিৰাম বড়ো , ২২ নং ককিলাবাৰী সমষ্টিৰ প্ৰাক্তন ইউ পি পি এলৰ এম চি এল মণ্টু বড়ো, ২৪ নং মুছলপুৰ সমষ্টিৰ ইউ পি পি এলৰ ৰাকেশ ব্ৰহ্ম, ২৩ নং দিহিৰা সমষ্টিৰ সমষ্টিৰ পৰা প্ৰাক্তন এম চি এল এ তথা জি এছ পিৰ প্ৰাৰ্থী ঘনশ্যাম দাস, ২৩ নং দিহিৰা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বিকাশ পাঠকে দাখিল কৰে মনোনয়ন পত্ৰ ।

মনোনয়ন পত্ৰ দাখিল কৰি কাতিৰাম বড়োৱে কয়, "যোৱা ২০২০ চনত ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ পৰা ইউ পি পি এল দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল আৰু দ্বিতীয়বাৰ বাগানপাৰা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছো ৷ যোৱা পাঁচ বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা বি টি চি চৰকাৰে ৰাইজৰ কাৰণে বহু কাম কৰিলে ৷ বি টি চিত মই অধ্যক্ষ হিচাপে থকা কাৰ্যকালত কোকৰাঝাৰত বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছিল । তদুপৰি বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়া হয় ৷"

তেওঁ পুনৰ কয়,"২৫ নং বাগানপাৰা সমষ্টিত এইবাৰ প্ৰাক্তন বিধায়ক বি পি এফ দলৰ মনেশ্বৰ ব্ৰহ্ম, বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োৱে প্ৰতিদ্বন্দ্বী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে ৷" এই ক্ষেত্ৰত ইউ পি পি এলৰ প্ৰাৰ্থী কাতিৰাম বড়োৱে কয় যে তেওঁ এইবাৰো বিজয়ী হ'ব । বিজেপি প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৰ কোনো গণভিত্তি নাই বুলি তেওঁ মন্তব্য় কৰে ৷ লগতে বি পি এফৰ বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্মই বাগানপাৰা সমষ্টিত কোনো উন্নয়ন কৰা নাই বুলিও তেওঁ কয় ।

১২ টা সমষ্টিত ২৯ গৰাকীয়ে দাখিল কৰিলে মনোনয়ন :

বিটিচি পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে আজি কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিত ৰথী- মহাৰথীকে ধৰি ২৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

১ নম্বৰ পৰ্বতঝোৰা সমষ্টিৰ পৰা ইউ পি পি এলৰ প্ৰসেন কুমাৰ ব্ৰহ্ম আৰু কংগ্ৰেছৰ সোহেন কুমাৰ ব্ৰহ্ম, ২ নম্বৰ গুমা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰনঞ্জয় কুমাৰ ব্ৰহ্ম আৰু ৰবিৰাম নাৰ্জাৰী, ইউ পি পি এলৰ মুৰ্চিদা বেগম, বি পি এফৰ এণ্টাজ আলী, আম আদমি পাৰ্টীৰ প্ৰদীপ কুমাৰ মুছাহাৰীকে ধৰি ৫ গৰাকীয়ে, ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলী, ইউ পি পি এলৰ উইলিয়াম হাসদা, বি পি এফৰ মুখলেসুৰ ৰহমানকে ধৰি ৩গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

একেদৰে ৪ নম্বৰ যমদুৱাৰ সমষ্টিত বি পি এফৰ উইলিয়াম নাৰ্জাৰী, ইউ পি পি এলৰ চৰনজিৎ বসুমতাৰী,আৰু নিৰ্দলীয় প্ৰাৰ্থী পাইনাল ৰাভাকে ধৰি ৩ গৰাকীয়ে, ৫ নম্বৰ চৰাইবিল সমষ্টিত বি পি এফৰ মৃত্যুঞ্জয় নাৰ্জাৰী, ইউ পি পি এলৰ ৰাজু কুমাৰ নাৰ্জাৰী, গণ সুৰক্ষা পাৰ্টী সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হীৰেণ শৰণীয়া, কংগ্ৰেছৰ ৰণঞ্জয় নাৰ্জাৰীকে ধৰি ৪ গৰাকী,৬ নম্বৰ কচুগাঁও সমষ্টিৰ পৰা বি পি এফ দলৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, ইউ পি পি এলৰ উকীল মুছাহাৰী, কংগ্ৰেছৰ খৗৰৗম মুছাহাৰীকে ধৰি ৩ গৰাকী, সাত নম্বৰ ফকিৰাগ্ৰাম সমষ্টিত একমাত্ৰ প্ৰাৰ্থী ইউ পি পি এল দলৰ আফজল হক সৰকাৰ, ৮ নম্বৰ দোতমা সমষ্টিৰ একমাত্ৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ দৗমু ৰজে গয়াৰী,৯ নম্বৰ বনৰগাঁও সমষ্টিৰ ইউ পি পি এল দলৰ ৰবিৰাম ব্ৰহ্ম আৰু কংগ্ৰেছৰ মতিলাল বসুমতাৰী, ১০ নম্বৰ দেৱৰগাঁও সমষ্টিৰ একমাত্ৰ নিৰ্দলীয় প্ৰাৰ্থী বুদ্ধদেৱ মুছাহাৰী, ১১ নম্বৰ বাওখুংগ্ৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুনীল নাৰ্জাৰী, ইউ পি পি এলৰ ৰঞ্জিত বসুমতাৰী আৰু গণ সুৰক্ষা পাৰ্টী সমৰ্থিত প্ৰাৰ্থী মৃদুল কুমাৰ দাসকে ধৰি ৩ গৰাকী আৰু ১২ নম্বৰ ছালেকাটি সমষ্টিৰ একমাত্ৰ প্ৰাৰ্থী তথা ইউ পি পি এলৰ লৰেন্স ইছলাৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে ৷

প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰি কেইবা শতাধিক সমৰ্থকক লগত লৈ নৃত্য-গীত পৰিবেশন কৰি মনোনয়ন পত্ৰ দাখিল কৰে ৷ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰে ৷

লগতে পঢ়ক:ৰণশিঙা বজাইছে ইউ পি পি এলে, দ্বিতীয়খন দলীয় প্ৰাৰ্থী তালিকা প্ৰকাশ - BTC ELECTION 2025

২২ছেপ্টেম্বৰত বি টি আৰ নিৰ্বাচন : কংগ্ৰেছৰ ৩১ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ - BTR ELECTION 2025