ETV Bharat / politics

মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰিলে হাগ্ৰামা মহিলাৰীয়ে

আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে মুঠ ৩৬ গৰাকী পাৰিষদে । প্ৰটেম অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে শপত বাক্য পাঠ কৰায় পাৰিষদসকলক ।

Hagrama Mohilary took the oath as the chief executive member of BTC
আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে মুঠ ৩৬ গৰাকী পাৰিষদে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 10, 2025 at 8:12 AM IST

5 Min Read
Choose ETV Bharat

কোকৰাঝাৰ: বৃহস্পতিবাৰে বিটিচি সচিবালয়ৰ বিধান পৰিষদৰ মজিয়াত আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰে নৱনিৰ্বাচিত পাৰিষদসকলে । প্ৰটেম অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে নৱনিৰ্বাচিত পাৰিষদসকলক শপত গ্ৰহণ কৰোৱায় । বিগত ৫ অক্টোবৰত বিটিচিৰ সচিব প্ৰধান আকাশদ্বীপৰ কাৰ্যালয় কোঠাত প্ৰটেম অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰোৱাৰ পিছত বৃহস্পতিবাৰে তেওঁৰ অধ্যক্ষতাত বিধানসভাত ভাৰতীয় সংবিধানৰ নীতি নিৰ্দেশনা অনুসৰি নৱ-নিৰ্বাচিত পাৰিষদসকলক শপত গ্ৰহণ কৰায় ।

ইতিমধ্যে পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীসহ মুঠ ৩৬ গৰাকী পাৰিষদে শপত গ্ৰহণ কৰে ।

আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে মুঠ ৩৬ গৰাকী পাৰিষদে (ETV Bharat Assam)

কোকৰাঝাৰ বডোফা নগৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত ৰাষ্ট্ৰীয় সংগীতেৰে দিনৰ ১০ বজাত আৰম্ভ হোৱা শপত গ্ৰহণ অনুষ্ঠানত মুঠ ৪০ গৰাকী পাৰিষদৰ ভিতৰত ৩৬ গৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে পাৰিষদ হিচাপে শপত লয় । পাৰিষদসকলৰ ভিতৰত বিপিএফ দলৰ ২৭ গৰাকী, ইউপিপিএল দলৰ ৫ গৰাকী আৰু বিজেপিৰ ৪ গৰাকী পাৰিষদে শপত গ্ৰহণ কৰে ।

বিটিচি বিধান পৰিষদৰ শপত বাক্য পাঠ কৰা পাৰিষদসকলৰ ভিতৰত ১৫ গৰাকীয়ে বড়ো ভাষাত , ১৪ গৰাকীয়ে ইংৰাজী ভাষাত আৰু ৭ গৰাকী পাৰিষদে অসমীয়া ভাষাত শপত লয় ৷

Hagrama Mohilary took the oath as the chief executive member of BTC
শপত বাক্য পাঠ কৰিলে হাগ্ৰামা মহিলাৰীয়ে (ETV Bharat Assam)

তেওঁলোকৰ ভিতৰত মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী, বিধায়ক তথা পাৰিষদ ৰবিৰাম নাৰ্জাৰী, অজামুল হক, দেৰহাছাৎ বসুমতাৰী, গণেশ কছাৰী, যুবিৰাজ বসুমতাৰী, বিৰোধী দলপতি খাম্পা বৰগয়াৰী, মহেশ্বৰ বসুমতাৰী, মুণমুণ ব্ৰহ্ম, পানী ৰাম ব্ৰহ্ম, পল টপ্প আৰু উইলচন হসদাই ইংৰাজী ভাষাত শপত গ্ৰহণ কৰে ।

লগতে বিজেপিৰ বিজিৎ গৌড়া নাৰ্জাৰী, লৌমশ্ৰাও দৈমাৰী বিধায়ক তথা পাৰিষদ চৰণ বড়ো, ইউপিপিএল দলৰ দাওবৈছা বড়ো, ধনঞ্জয় বসুমতাৰী, বিপিএফৰ , দিগন্ত গয়াৰী, ফ্ৰেছ মুছাহাৰী, জেমচ বসুমতাৰী, ইউপিপিএল দলৰ মণ্টু বড়ো, বিপিএফৰ মৃত্যুঞ্জয় নাৰ্জাৰী, প্ৰকাশ বসুমতাৰী, শুকুৰ সিং মুছাহাৰী, উইলিয়াম নাৰ্জাৰীয়ে বড়ো ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে আখটাৰা আহমেদ ধীৰাজ বৰগয়াৰী, দিগন্ত বৰুৱা, খলিলুৰ ৰহমান আৰু শ্যাম চুণ্ডীয়ে অসমীয়াত নিজৰ শপত বাক্য পাঠ কৰে ।

Hagrama Mohilary took the oath as the chief executive member of BTC
শপত গ্ৰহণৰ পাছত হাগ্ৰামা মহিলাৰী (ETV Bharat Assam)

উল্লেখ্য যে, ১০ বজাত প্ৰটেম অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠান ১০:৪৫ বজাত স্থগিত ৰখা হয় । তাৰ পিছত বিধায়ক তথা নৱ-নিৰ্বাচিত পাৰিষদ ৰবিৰাম নাৰ্জাৰীৰ অধ্যক্ষতাত পুনৰ বিধানসভাৰ কাৰ্যসূচী আৰম্ভ হয় আৰু উক্ত কাৰ্যসূচী ক্ৰমে আব্দুল জব্বৰ, ড৹ মান সিং ৰংপি, ডি পি লাপাং, চীবু চৰেণ, আৰু অসমৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ শান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনায় ।

তাৰ পিছতেই আগন্তুক পাঁচ বছৰৰ বাবে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰা হয় আৰু বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে পূৰ্বে তেওঁৰ নেতৃত্বাধীন পৰিষদীয় চৰকাৰত সুদক্ষ তাৰে বিটিচি বিধান সভাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰা পাৰিষদ ত্ৰিদীপ দৈমাৰীৰ নাম প্ৰস্তাৱ কৰে । তেওঁৰ সতীৰ্থ তথা পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে সমৰ্থন জনোৱাৰ পিছত বিনা প্ৰতিদ্বন্দিতাৰে ত্ৰিদীপ দৈমাৰী অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় ।

আনহাতে এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিল ইউপিপিএলৰ সভাপতি তথা পাৰিষদ প্ৰমোদ বড়ো, ৰাকেশ ব্ৰহ্ম আৰু বিজেপিৰ পাৰিষদ ৰেখাৰাণী দাস বড়ো । বিধায়ক তথা পাৰিষদ ৰবিৰাম নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত শাসকীয় দল তথা বিৰোধী দলৰ সকলো নৱ-নিৰ্বাচিত পাৰিষদে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰিছিল । কাৰণ এগৰাকী জনপ্ৰতিনিধি হিচাপে ৰাইজৰ বাবে কাম কৰিবলৈ সংবিধানৰ শপত গ্ৰহণ কৰাটো উচিত । কিন্তু ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম আৰু বিজেপিৰ পাৰিষদ ৰেখা ৰানী দাস বড়োৱে কাৰ্যসূচীত অংশগ্ৰহণ নকৰা কাৰ্যৰ সমালোচনা কৰি এয়া দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।

ইফালে বিটিচি বিধান পৰিষদৰ সচিবালয়ত শপত গ্ৰহণৰ পাছতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত বিপিএফ দলৰ ২৮ গৰাকী পাৰিষদ, বিজেপিৰ চাৰিগৰাকী পাৰিষদসহ সচিবালয়ৰ বিষয়াবৰ্গৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে চীফ হুইপ দেৰহাছৎ বসুমতাৰীয়ে ৷

Hagrama Mohilary took the oath as the chief executive member of BTC
বিটিচি সচিবালয় (ETV Bharat Assam)

দেৰহাছৎ বসুমতাৰীয়ে কয়, "আমাৰ বিধান পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । বিধান পৰিষদৰ সভাত হৰিশিঙা সমষ্টিৰ পাৰিষদ ত্ৰিদীপ দৈমাৰীক সৰ্বসন্মতিমৰ্মে বিটিচিৰ বিধান পৰিষদৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় । আগন্তুক পাঁচ বছৰৰ বাবে নিৰপেক্ষ ভূমিকা লৈ বিধান পৰিষদখন চলাই নিব বুলি আমি আশাবাদী আৰু উপাধ্যক্ষ পৰৱৰ্তী অধিবেশনত নিৰ্বাচিত কৰা হ’ব ৷ ইয়াৰ পাছতে বিটিচিৰ প্ৰধান সচিবসহ বিষয়া বৰ্গকলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সভাপতিত্ব পাৰিষদ সকলকলৈ এখন গুৰুত্বপূৰ্ণ প্ৰথমখন চৰকাৰীভাৱে বৈঠক অনুষ্ঠিত হয় ।"

লগতে পঢ়ক: ৰণৰ বাবে সাজু বিজেপি, ভেটি মজবুত কৰিবলৈ ডিব্ৰুগড়ত কাৰ্যনিৰ্বাহক

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেতিয়াও আপোচ নকৰে: দিলীপ শইকীয়া