ETV Bharat / politics

ছেপ্টেম্বৰৰ শেষৰ পৰা হ'ব বি পি এফৰ চৰকাৰ: হাগ্ৰামা মহিলাৰী

বি পি এফে চৰকাৰ গঠন কৰিবৰ বাবে নাচ-গান কৰিছে ।

Hagrama Mohilary Election campaign
দিহিৰা পৰিষদীয় সমষ্টিৰ ডুমুনীত হাগ্ৰামা মহিলাৰীৰ প্ৰচাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 29, 2025 at 10:45 PM IST

2 Min Read
Choose ETV Bharat

বাক্সা: বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে হেনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ উৰাজাহাজত যাবলৈকে নাই ভাড়া । তেওঁৰ বোলে উৰাজাহাজৰ ভাড়া দিবলৈকে নাই ধন । এই কথা আমি কোৱা নাই । বি পি এফৰ সভাপতিগৰাকীয়ে নিজেই ক'লে এই কথা ।

দিহিৰা পৰিষদীয় সমষ্টিৰ ডুমুনীত শুকুৰবাৰে আগষ্টুচ তীগ্গাৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰাৰ পিচতেই সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয়," উৰাজাহাজৰ ভাড়াই দিব পৰা নাই ।" অহা ছেপ্টেম্বৰৰ শেষৰ পৰা বিটিচিত বিপিএফৰ চৰকাৰ হ'ব বুলি দাবী কৰিলে দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে । বি পি এফ দলে নিৰ্বাচনী প্ৰচাৰ সভাত নাচ-গান কৰা সম্পৰ্কত মন্তব্য় কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "আমাৰ চৰকাৰ ছেপ্টেম্বৰৰ শেষৰ পৰা হ'ব । বিপিএফে চৰকাৰ গঠন কৰিবই বাবে নাচ গান কৰি স্ফূৰ্তি কৰিছো ।"

দিহিৰা পৰিষদীয় সমষ্টিৰ ডুমুনীত হাগ্ৰামা মহিলাৰীৰ প্ৰচাৰ (ETV Bharat Assam)

হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক কটাক্ষ কৰি কয়, "প্ৰমোদ বড়োৱে আজিলৈকে নিজৰ সমষ্টিয়ে বাচনি কৰিব পৰা নাই ।" ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ মহিলাৰীয়ে মঞ্চৰ পৰা ৰাইজৰ মাজলৈ নামি গৈ ব্যতিক্ৰমী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজক প্ৰশ্ন কৰে "এইবাৰ ভোট কি ছবিত দিব-নাঙল নে টৰ্চত ৷" তেওঁ কয় যে ৰাইজে ৰাস্তা, দলং পাইছে আমি মানিছো; কিন্তু আপোনালোকৰ ঘৰত থকা বি এ পাছ, এম এ পাছ কৰা ল'ৰা ছোৱালীৰ ভবিষ্যত কি হ'ব ?

Hagrama Mohilary Election campaign
দিহিৰা পৰিষদীয় সমষ্টিৰ ডুমুনীত হাগ্ৰামা মহিলাৰীৰ প্ৰচাৰ (ETV Bharat Assam)

তেওঁ পুনৰ কয় যে ৰাইজে বি পি এফক কিয় ভোট দিব, নিশ্চয় কিবা এটা আশা আছে । ৰাইজৰ সেই আশা পূৰণ কৰিব নোৱাৰিলে বিপিএফ ৰাইজৰ ওচৰলৈ নাহে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।

লগতে পঢ়ক:বি টি আৰ দখলৰ লক্ষ্য: বিজেপিৰ কৌশলী ৰাজনীতি, মিত্রদলক গুৰুত্বহীন কৰি ৩৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা - BTC ELECTION 2025

ভোটাৰক আকৰ্ষণৰ চেষ্টাৰে হেলিকপ্টাৰেৰে চমক হাগ্ৰামা মহিলাৰীৰ, বি টি চিত আকৰ্ষণীয় নিৰ্বাচনী প্ৰেক্ষাপট - BTC ELECTION 2025