ETV Bharat / politics

গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল’লে গোলাপ শইকীয়াই

Congress meeting: কংগ্ৰেছৰ পৰা কোনোবা গ’লেও কংগ্ৰেছ দল শেষ হৈ নাযায় । গোলাঘাটত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকত সকলোৰে মুখত একেই কথা যে কংগ্ৰেছ দল কেতিয়াও শেষ হৈ নাযায় ৷

golap saikia takes over charge as president of golaghat district congress
কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা
author img

By ETV Bharat Assamese Team

Published : February 26, 2024 at 10:58 PM IST

3 Min Read
Choose ETV Bharat
কংগ্ৰেছ নেতৃত্বৰ মন্তব্য

গোলাঘাট, 26 ফেব্ৰুৱাৰী : সোমবাৰে গোলাঘাটত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত দীৰ্ঘসময়ৰে পৰা কংগ্ৰেছ দলৰ সৈতে জড়িত গোলাপ শইকীয়াক গোলাঘাট জিলা কংগ্ৰেছৰ নৱ-নিযুক্ত ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ সোমবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ নৱ নিৰ্বাচিত ভাৰপ্ৰাপ্ত সভাপতি গোলাপ শইকীয়াই আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ কাৰ্যসূচীত জিলাখনৰ বহু কংগ্ৰেছ কৰ্মীয়ে তেওঁক আদৰণি জনায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰৰ অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কংগ্ৰেছ নেত্ৰী ৰ’জলীনা তিৰ্কীৰ লগতে বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ গোলাঘাটত উপস্থিত হৈ বিজেপি কৰ্মীসকল সজাগ হোৱা ভাল, হিমন্ত বিশ্ব শৰ্মাই সোনকালে বিজেপি দল শেষ কৰিব বুলি বক্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে । মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে বৰ্তমান বিজেপি দলত পুৰণি নিষ্ঠাৱান কৰ্মীসকলৰ ক্ৰমাৎ গুৰুত্ব নাইকীয়া হৈছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালে দাদা ব্ৰিগেডৰ মানুহ বিজেপি দললৈ নিছে যদিও বিজেপি দলৰ পুৰণা কৰ্মীসকলক নোহোৱা কৰিছে ৷ ৰঞ্জিত দত্ত, বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, ৰাজেন গোহাঁই, জয়ন্ত দাসকে ধৰি বহু পুৰণি নিষ্ঠাবান কৰ্মী বিজেপি দলৰ পৰা নোহোৱা হৈছে । বিজেপি দলৰ সভাপতিয়ে এতিয়া ৰাবাৰ ষ্টাম্পৰ দৰে কাম কৰিবলগীয়া হৈছে । কংগ্ৰেছ দলটোক যেনেদৰে হিমন্ত বিশ্ব শৰ্মাই শেষ কৰিবলৈ পণ লৈছিল ঠিক তেনেদৰে বিজেপি দলটোও শেষ কৰিব ।

আনহাতে ৰানা গোস্বামীৰ সন্দৰ্ভতো সভানেত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যি কৰিব বিচাৰে সদায় খোলাখুলিকৈ কৰিব লাগে ৷ এজন নেতা যদি দলৰ পৰা গুচি যায় দল শেষ হৈ নাযায় । বেয়া দিনত দল এটাক যি জনে নেতৃত্ব দিব সেইজনহে প্ৰকৃত নেতা । আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব বুলি উল্লেখ কৰি কয় যে আপে নিজে সিদ্ধান্ত ল’লে নহ’ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ শেষ কৰিব বিচাৰিছে যদিও এইক্ষেত্ৰত সফল নহ’ব বুলি উল্লেখ কৰে ৷

কংগ্ৰেছ দল কেতিয়াও দুৰ্বল নহয় সেইয়া আজি কংগ্ৰেছ কৰ্মীয়ে প্ৰমাণ কৰিলে গোলাঘাটত ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি আগন্তুক কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী ৰ’জনীলা তিৰ্কীয়ে বৰ্তমান চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজৰ অসুবিধাৰ কথা উল্লেখ কৰি আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সপক্ষে জনসাধাৰণে ভোটদান কৰিব বুলি মত দিয়ে ৷ আনহাতে আজিৰ এই সভাত জিলাখনৰ প্ৰায় দুশগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷

লগতে পঢ়ক : টিকট বিচাৰি ভৱেশ কলিতাক আৱেদন জয়ন্ত দাসৰ