ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ; ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ প্ৰতিবাদ

বিজেপি আৰু ৰাইজে কংগ্রেছক উচিত প্ৰত্যুত্তৰ দিব । লখিমপুৰত সকীয়ালে বিধায়ক মানৱ ডেকাই ।

BJP protest against congress
কংগ্ৰেছৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 7:10 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ : "কংগ্রেছে ফেচিষ্ট চৰিত্ৰ প্ৰকাশ কৰিছে । আগন্তুক সময়ত পাব ইয়াৰ উচিত প্ৰত্যুত্তৰ ।" সোমবাৰে গোলাঘাটত মুখ্যমন্ত্রীৰ কনভয়লৈ বটল নিক্ষেপ কৰা ঘটনাৰ তীব্র প্রতিবাদ জনাই লখিমপুৰত আয়োজিত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক মানৱ ডেকাই এনেদৰে কয় ।

মঙলবাৰে বিয়লি লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রৰ পৰা জিলা বিজেপিৰ উদ্যোগত শ শ বিজেপিৰ নেতা-কৰ্মীয়ে প্ৰতিবাদী সমদল উলিয়ায় । তাৰ পিছত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে প্ৰতিবাদকাৰীসকলে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে, প্ৰতিবাদত অংশগ্ৰহণ কৰি বিধায়ক মানৱ ডেকাই সময়ত ৰাইজ তথা বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি কংগ্রেছক সকীয়াই দিয়ে ।

তেওঁ কয়, "এই ঘটনাই কংগ্রেছ দল যে অগণতান্ত্রিক আৰু ফেচিবাদত বিশ্বাসী সেই কথা পুনৰ প্ৰতীয়মান কৰিছে । মুখ্যমন্ত্রী এজন ব্যক্তি নহয় । ৰাইজে নিৰ্বাচিত কৰা তেওঁ এজন মুখ্যমন্ত্রী । গণতান্ত্রিকভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে । কিন্তু মুখ্যমন্ত্রীজনে এখন জিলাৰ উন্নয়নৰ হকে যাওঁতে এনেদৰে বটল দলিয়াই আক্রমণ কৰাটোত আমি তীব্র প্রতিবাদ জনাইছোঁ ।

তেওঁ লগতে কয়, "বটলটো গাড়ীত লগাহ'লে দুৰ্ঘটনা ঘটাৰো সম্ভাৱনা আছিল । কংগ্রেছৰ এনে কাৰ্যক আমি তীব্র গৰিহণা দিছোঁ । নিৰ্বাচন আহি আছে । আগন্তুক নিৰ্বাচনত বিজেপি দল আৰু ৰাইজে ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিব ।"

এই প্ৰতিবাদী কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মাসহ শ শ বিজেপি কৰ্মীয়ে অংশগ্রহণ কৰি কংগ্রেছবিৰোধী শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

শিলচৰত প্ৰতিবাদী সমদল

শিলচৰ : গোলাঘাটত প্ৰতিবাদৰ নামত কংগ্ৰেছী কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ বাহনত বটল নিক্ষেপৰ ঘটনাৰ তীব্ৰ বিৰোধিতাৰে ৰাজপথত নামে কাছাৰ বিজেপি ৷ শিলচৰ চহৰৰ ৰাজপথত প্ৰতিবাদী সমদল কৰি গোলাঘাটৰ ঘটনাৰ গৰিহণা দিয়ে কাছাৰ বিজেপিয়ে ৷

জিলা সভাপতি ৰূপম সাহাৰ নেতৃত্বত বিশাল প্ৰতিবাদী সমদলে চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰে ৷ ৰাজনৈতিক যুঁজত ধাৰাবাহিকভাৱে পৰাজিত হৈ এতিয়া মুখ্যমন্ত্ৰীক কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপন কৰি এই ঘটনাৰ তীব্ৰ গৰিহণা জনায় বিজেপিয়ে ৷

আনহাতে, এই ঘটনাৰ আঁৰত পাকিস্তান লিংক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি বিজেপিৰ জিলা সভাপতিগৰাকীয়ে কয়, "ঘটনাৰ উচিত তদন্তৰ অতি প্ৰয়োজন ৷ ৰাজনৈতিক হাতাশাত ভুগি থকা কংগ্ৰেছে এনেধৰণে গণতন্ত্ৰ হত্যা কৰিছে ৷ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গণতন্ত্ৰক বিশ্বাস কৰিব পৰা নাই ৷ মুখ্যমন্ত্ৰীক আক্ৰমণ কোনোপধ্যে মানি লোৱা নহ'ব ।"

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ: ৬ কংগ্ৰেছীক আটক আৰক্ষীৰ - GOLAGHAT CONGRESS WORKERS DETAINED
লগতে পঢ়ক :গৰুক কাটি কাটি খোৱা মানুহে এতিয়া গৰুৰ বাবে আন্দোলন কৰে: মুখ্যমন্ত্ৰী - CM ON GIR COW CONTROVERSY