ETV Bharat / politics

ৰাজ্যসভাৰ বাবে অগপৰ প্ৰাৰ্থী হ’ব নেকি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা ? - ASSAM RAJYA SABHA POLLS

ৰাজ্যসভা নিৰ্বাচনক লৈ তৎপৰ শাসকীয় মিত্ৰদল । মিত্ৰদলৰ এখন আসন অগপৰ বাবে । চৰ্চাত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ নাম ।

Girindra Kumar Baruah is in AGP candidates list  for the Rajya Sabha
ৰাজ্যসভাৰ আসনৰ বাবে চৰ্চাত গিৰীন্দ্ৰ কুমাৰ বৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2025 at 9:15 AM IST

5 Min Read

নগাঁও: দেশৰ উচ্চ সদনৰ বাবে খালী হ’ব অসমৰ দুখনকৈ আসন । অহা ১৪ জুনত অন্ত পৰিব ৰাজ্যসভাৰ দুই সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল । আঞ্চলিক দল অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ মিছন ৰঞ্জন দাসৰ খালী হ’বলগীয়া আসন দুখনৰ বাবে অহা ১৯ জুনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ।

ৰাজ্যসভাৰ দুখন আসনৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসকীয় মিত্ৰদল । দুয়োখন আসন শাসকীয় মিত্ৰদলেই দখল কৰাটো একপ্ৰকাৰ নিশ্চিত হোৱাত বিশেষ কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই বিৰোধী দলৰ মাজত । ৰাজ্যসভাৰ খালী হ'বলগীয়া অসমৰ আসন দুখনৰ এখনত পূৰ্বেও অগপ দলৰ দখল থকাৰ দৰে এইবাৰো এখন আসন মিত্ৰদল অগপক এৰি আন এখন আসনত বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰ বিপৰীতে আন এখন আসনত বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰাৰ কথাও উল্লেখ কৰি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে দলৰ মজিয়াত আবেদন জনোৱাৰ কথাও মঙলবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

অসমৰ এখন আসনত পুনৰ বিজেপিৰ মিত্ৰ আঞ্চলিক দল অগপক এৰি দিয়াৰ কথা ঘোষণা কৰাৰ পূৰ্বৰ পৰাই এখন আসনত অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ অগপ দলক দাবী উত্থাপন কৰি আহিছে বিভিন্ন মহলে । আঞ্চলিকতাবাদী নেতা হিচাপে বিশেষকৈ নগাঁৱৰ বিভিন্নজনে সামাজিক মাধ্যমতো গিৰীন্দ্ৰ কুমাৰ বৰুৱাক ৰাজ্যসভাৰ এখন আসনত অধিষ্ঠিত কৰিবলৈ নগাঁৱৰ বহু সচেতন ব্যক্তিয়েও দাবী উত্থাপন কৰে ।

ৰাজ্যসভাৰ এখন আসনৰ বাবে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাক মনোনীত কৰিবলৈ দাবী উত্থাপন কৰি বিশিষ্ট লেখক তথা অলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই ফোনযোগে ই টি ভি ভাৰতক কয়, “এগৰাকী নিকা ভাৱমূৰ্তিৰ আঞ্চলিকতাবাদী নেতা হিচাপে গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ ৰাজনৈতিক দক্ষতা, অভিজ্ঞতা, অসমৰ সমস্যাৰ স্পষ্ট ধাৰণা, অসমীয়া সমাজ জীৱনৰ সৈতে থকা নিবিড় সম্পৰ্কৰ লগতে ৰাজনীতি বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হিচাপে থকা খ্যাতিৰ বাবেই গিৰীন্দ্ৰ কুমাৰ বৰুৱাক যোগ্য বুলি আমি বিবেচনা কৰি জ্যেষ্ঠ নেতাগৰাকীক ৰাজ্যসভালৈ নিৰ্বাচিত কৰিবলৈ অগপ দলক দাবী জনাইছোঁ ।”

গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ ৰাজনৈতিক জীৱনৰ কিছু আভাস:

ৰাজনৈতিক বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ১৯৮৫ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হৈ প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় । প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈয়েই প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰথমখন চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীত্বও লাভ কৰিছিল সেই সময়ৰ টীম প্ৰফুল্ল কুমাৰ মহন্তৰ অন্যতম নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ।

পৰৱৰ্তী সময়ত ১৯৯৬ চনত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত নগাঁও সদৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা গিৰীন্দ্ৰ কুমাৰ বৰুৱা একেৰাহে ২০০১ আৰু ২০০৬ চনৰ বিধানসভা নিৰ্বাচনতো অৱতীৰ্ণ হৈ নগাঁও সদৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । অৱশ্যে পৰৱৰ্তী ২০১১ চনৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ডাঃ দুৰ্লভ চমুৱাৰ সৈতে পৰাজিত হোৱা জ্যেষ্ঠ অগপ নেতাগৰাকী ২০১৬ আৰু ২০২১ চনৰ নিৰ্বাচনত অগপ বিজেপি মিত্ৰতা হোৱা বাবেই দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল ।

সুদীৰ্ঘ সময়ৰ অন্তত শেহতীয়াকৈ ৰাজ্যসভাৰ খালী হোৱা আসনৰ বাবে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ নাম চৰ্চালৈ আহিছে । কিন্তু ৰাজ্যসভা নিৰ্বাচনক লৈ এই পৰ্যন্ত কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ।

ই টি ভি ভাৰতক কি ক’লে গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ?

ৰাজ্যসভাৰ আসনৰ বাবে অগপৰ প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ নাম চৰ্চালৈ অহা সন্দৰ্ভত ফোনযোগে ই টি ভি ভাৰতক অগপ নেতাগৰাকীয়ে কয়, “নগাঁৱৰ বহুকেইগৰাকী সচেতন ব্যক্তিৰ লগতে বিভিন্ন মহলে ৰাজ্যসভাৰ আসনৰ বাবে আবেদন কৰিবলৈ মোক দাবী জনোৱাই নহয়, একাংশই মোক হেঁচা প্ৰদানো কৰিছে । অৱশ্যে মই এই পৰ্যন্ত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই । এই সন্দৰ্ভত দুই এদিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।”

এইক্ষেত্ৰত অগপৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলিয়েই জানিবলৈ দিছে যদিও দুই এদিনৰ ভিতৰত ৰাজ্যসভাৰ আসনৰ বাবে আবেদন জনোৱাৰ সম্ভাৱনা আছে বুলিও অগপ নেতাগৰাকীৰ এক ঘনিষ্ঠ সূত্ৰে জানিব পৰা গৈছে । অৱশ্যে এইক্ষেত্ৰত দলে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়াও এই মুহূৰ্তত স্পষ্ট হোৱা নাই । ৰাজ্যসভাৰ খালী হ'বলগীয়া আসনৰ বাবে অগপ দলৰেই আন কেইবাগৰাকী নেতাই আবেদন কৰাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: ৰাজ্যসভাৰ আসনৰ বাবে ১৩ জনীয়া তালিকা ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ বিজেপিৰ - ASSAM RAJYA SABHA POLLS

১৯ জুনত ৰাজ্যসভাৰ নিৰ্বাচন, কোন কোন আছে এই দৌৰত, জানো আহক... - ASSAM RAJYA SABHA POLLS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.