চিমেণ্ট কোম্পানীক ৩০০০ বিঘা ভূমি; আদালতৰ হস্তক্ষেপক আদৰণি গৌৰৱ গগৈৰ
চিমেণ্ট কোম্পানীক ডিমা হাচাওৰ ৩ হাজাৰ বিঘা ভূমি গতাই দিয়াক লৈ আদালতে গ্ৰহণ কৰা ভূমিকাত সন্তুষ্টি প্ৰকাশ গৌৰৱ গগৈৰ ।

Published : August 21, 2025 at 10:18 AM IST
গুৱাহাটী : ডিমা হাচাও জিলাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ এলেকাত ৩ হাজাৰ বিঘা ভূমি এটা চিমেণ্ট কোম্পানীক গতাই দিয়াৰ বিতৰ্কক লৈ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰিছে । যাক সমৰ্থন জনাইছে কংগ্ৰেছ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে ।
"৩০০০ বিঘা ! এয়া ধেমালি নেকি ?"—বুলি বিস্ফোৰিত নেত্ৰৰে এটা চিমেণ্ট কোম্পানীক ষষ্ঠ অনুসূচীৰ ডিমা হাচাও জিলাত ৩০০০ বিঘা ভূমি আবণ্টন কৰা কাৰ্যত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশে আশ্বৰ্য প্ৰকাশ কৰি কি প্ৰক্ৰিয়াৰে আবণ্টন দিয়া হ'ল সেয়া জানিবলৈ বিচাৰিছে । ন্যায়ালয়ৰ এই হস্তক্ষেপক প্ৰশংসা কৰাৰ লগতে সমৰ্থন জনাই গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে । গৌৰৱ গগৈয়ে বুধবাৰে সামাজিক মাধ্যমযোগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিকাক ‘সজাগ অভিভাৱকৰ ভূমিকা’ আখ্যা দি প্ৰশংসা কৰে ৷
The Hon'ble Gauhati High Court expressed profound concern upon learning that 3000 Bighas of land was granted to a private entity to establish a cement factory in the NC Hills.
— Gaurav Gogoi (@GauravGogoiAsm) August 20, 2025
The Hon'ble Court thereafter has directed the NC Hills Autonomous Council to obtain the records…
তেওঁ পোষ্টটোত লিখিছে, "এন চি পাহাৰত চিমেণ্ট কাৰখানা স্থাপনৰ বাবে এটা ব্যক্তিগত প্ৰতিষ্ঠানক ৩০০০ বিঘা মাটি প্ৰদান কৰা বুলি জানিব পাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে । ইয়াৰ পিছত মাননীয় ন্যায়ালয়ে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদক ইমান বিশাল পৰিমাণৰ মাটি এটা কাৰখানালৈ আবণ্টন দিয়াৰ নীতিৰ তথ্যসমূহ দিবলৈ নিৰ্দেশ প্ৰদান কৰে । মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সাংবিধানিক নীতিৰ সজাগ অভিভাৱকত্ব আৰু আইনৰ শাসন বৰ্তাই ৰখাৰ ক্ষেত্ৰত অদম্য দায়বদ্ধতাৰ বাবে আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ দুৰ্ভাগ্যজনকভাৱে অসমৰ সকলো প্ৰধান জিলা আৰু ষষ্ঠ অনুসূচীৰ এলেকাত এই ব্যৱস্থা বিদ্যমান ।"
উল্লেখ্য যে চলিত মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত মহাবল চিমেণ্ট কোম্পানীলৈ অসমৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন ৩০০০ বিঘা মাটি আবণ্টনৰ বিষয়টো পোহৰলৈ আহিছিল । দুখন লেখ আবেদনৰ শুনানি লৈ প্ৰসংগক্ৰমে ৩ হাজাৰ বিঘা ভূমি এটা কোম্পানীৰ হাতত গতাই দিয়া বিষয়টোত আচৰিত হৈ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে চিমেণ্ট কোম্পানীটোৰ অধিবক্তাক প্ৰশ্ন কৰিছিল ৷
তেতিয়াৰে পৰা বিষয়টোৱে অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰাজনৈতিক নেতাসকলৰ বহুতে অভিযোগ কৰা মতে মহাবল চিমেণ্ট কোম্পানীটো হৈছে দেশৰ উদ্যোগপতি গৌতম আদানীৰ । অতি ষড়যন্ত্ৰমূলকভাৱে অসমৰ 'মিনি ছুইজাৰলেণ্ড' খ্যাত সৌন্দৰ্যৰ ৰম্যভূমি ডিমা হাচাও জিলাৰ ভূমি এনেদৰে পুঁজিপতিক গতাই দিয়াৰ অভিযোগ তুলি অসম চৰকাৰক সমালোচনাও কৰিছে বহুতে । তাৰ মাজতে আদানী গ্ৰুপে এক বিবৃতি জাৰি কৰি স্পষ্ট কৰি দিয়ে যে মহাবল চিমেণ্টৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই । গ্ৰুপটোৱে কয় যে এই প্ৰতিবেদন আৰু উল্লেখ কৰা বিষয়সমূহ ভিত্তিহীন, মিছা আৰু বিভ্ৰান্তিকৰ । অৱশ্যে অহা ১ ছেপ্টেম্বৰত পুনৰ এই গোচৰটোত শুনানি হ'ব ।
লগতে পঢ়ক : ৩০০০ বিঘা জনজাতীয় লোকৰ ভূমি আৰু অসমজুৰি প্ৰতিক্ৰিয়া, কিয় ? - 3000 BIGHAS TRIBAL LAND CONTROVERSY

