ETV Bharat / politics

পহলগামৰ মৃতকৰ পৰিয়ালক অপমানিত কৰিছে মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ - GAURAV GOGOI SLAMS ASSAM CM

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতেই হিমন্ত বিশ্ব শৰ্মাক গহীন হ'বলৈ শিকিবলৈ আহ্বান গৌৰৱ গগৈৰ ।

GAURAV GOGOI ON TERRORIST ATTACK
মাজুলীত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 8:35 PM IST

3 Min Read

মাজুলী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ মাজত চলি থকা বাকযুদ্ধ তুংগত । পহলগামৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই নাম নোলোৱাকৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক বৃহস্পতিবাৰে পুনৰ আক্ৰমণ কৰিছিল । আজি এই সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই সময়ত হিমন্ত বিশ্ব শৰ্মাক গহীন হ'বলৈ আহ্বান জনায় ।

মুখ্যমন্ত্ৰীয়ে একেই ৰেকৰ্ড বাৰম্বাৰ চলাই আছে :

শনিবাৰে সাংসদগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ উপস্থিত হয় সত্ৰ নগৰী মাজুলীত । আজিৰ দিনটোত সাংসদগৰাকীয়ে ৭ খনকৈ সভাত নিৰ্বাচৰ প্ৰচাৰ চলায় । প্ৰথমে বনগাঁও,কমলাবাৰী,উখলচুক আৰু বিয়লি কাকৰিকটা,মুদৈবিল,পানীখাটি,নয়াবজাৰত প্ৰচাৰ চলায় সাংসদ গৰাকীয়ে । ইয়াৰ মাজতেই সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয়, "একেই ৰেকৰ্ডখন বাৰম্বাৰ চলাই আছে । আমি নতুন কথা শুনিবলৈ বিচাৰো আৰু কি সময়ত কৈ আছে, কি সম্পৰ্কত কৈ আছে । পহলগামৰ ঘটনাত আমি সকলোৱে একগোট হৈছো । পাকিস্তানী সন্ত্ৰাসবাদীসকলক আমি গৰিহণা দিছো । আমি বৰ্তমান চৰকাৰক সমৰ্থন কৰিছো । আমি কৈছো তেওঁলোকে এটা শক্তিশালী প্ৰতিক্ৰিয়া দিয়ক । লগতে চৰকাৰক জবাবদিহি বিচাৰিছো ।"

মাজুলীত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

আজিও বিজেপিয়ে স্থানীয় ৰাজনীতি কৰিছে :

সাংসদগৰাকীয়ে পুনৰ কয়, "আজিও বিজেপিয়ে বিভিন্ন ৰাজ্য়ত স্থানীয় ৰাজনীতি কৰিছে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও দায়ী । ইয়াতেই একেই স্থানীয় ৰাজনীতি কৰিছে, কিমান দুখৰ কথা । ইমান ডাঙৰ ঘটনা এটা ঘটাৰ সময়ত মুখ্যমন্ত্ৰীয়ে গাদীখনক অপমানিত কৰিছে, অসমৰ ৰাইজৰ বিবেকশক্তিক অপমানিত কৰিছে, স্থানীয় ৰাজনীতি পহলগামৰ ঘটনালৈ আনি পহলগামৰ মৃতকসকলৰ পৰিয়ালক অপমানিত কৰিছে । মুখ্যমন্ত্ৰীৰ লগত মোৰ যুঁজ চলি থাকিব । মই আশা কৰো এই সময়ত তেওঁ গহীন হ'বলৈ শিকিব ।"

GAURAV GOGOI ON TERRORIST ATTACK
মাজুলীত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

ইপিনে,মাজুলী জিলা বিজেপিৰ কাৰ্যলয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বেনাৰ পোষ্টাৰ নলগোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয়, "আজিৰ তাৰিখত দুটা ভাগত বিভক্ত হৈছে বিজেপি দল,যাৰবাবে আজি সৰ্বানন্দ সোণোৱালৰ ফটো এখনো বিজেপিৰ কাৰ্যলয়ত নাই । আমাৰ যি বেনাৰ থাকে তাত আমাৰ সকলোৰে ফটো থাকে । বিজেপিৰ ন-পুৰণিৰ মাজত যে এখন শীতল যুদ্ধ হৈ আছে সেয়া দিলীপ শইকীয়া সভাপতি হোৱাৰ পাছত হোৱা দেখা গৈছে ।"

লগতে পঢ়ক:অলপ গহীন হ'বলৈ শিকক, মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা বুজিবলৈ চেষ্টা কৰক: গৌৰৱ গগৈ - GAURAV GOGOI SLAMS ASSAM CM

ব্যক্তিগত ৰাজনীতি কৰি তেওঁ মুখ্যমন্ত্ৰীৰ চকীখনক অপমান কৰিছে: নাম নোলোৱাকৈয়ে হিমন্ত বিশ্ব শৰ্মালৈ শেল এৰিলে গৌৰৱে - PAHALGAM TERRORIST ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.