ETV Bharat / politics

কট্টৰ কংগ্ৰেছী লাগে গৌৰৱ গগৈক: আহমেদাবাদৰ পৰা ছদ্মবেশী কংগ্ৰেছীক সকীয়নি - GAURAV AT CWC MEETING

এখন ভৰি কংগ্ৰেছত আনখন বিজেপিত থোৱা কংগ্ৰেছীক বহিষ্কাৰৰ পোষকতা গোৰৱ গগৈৰ ।

Gaurav at CWC Meeting
আহমেদাবাদৰ চি ডব্লিউ চি বৈঠকত গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 7:52 PM IST

5 Min Read

গুৱাহাটী: বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলতে দুখন ভৰি থৈ কংগ্ৰেছ কৰি থকাসকললৈ গৌৰৱ গগৈৰ সতৰ্কবাণী ৷ গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ চি ডব্লিউ চিৰ সভাত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত বিজেপিৰ প্ৰতিনিধি হিচাপে কংগ্ৰেছত কাম কৰা কংগ্ৰেছীক উদ্দেশ্যি সকীয়নিভৰা বাৰ্তা গৌৰৱ গগৈৰ ।

নতুন দিল্লীত জিলা কংগ্ৰেছৰ সভাপতিসকলৰ সৈতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ বৈঠকৰ পিছত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক । কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত নিজৰ বক্তব্য আগবঢ়াই কংগ্ৰেছ নেতা তথা অসমৰ সাংসদ গৌৰৱ গগৈয়ে কেইবাখনো ৰাজ্যৰ বিধানসভাৰ আগন্তুক নিৰ্বাচনত সফলতা লাভৰ বাবে কেইবাটাও দিশত গুৰুত্ব আৰোপ কৰে ।

আহমেদাবাদৰ চি ডব্লিউ চি বৈঠকত গৌৰৱ গগৈ (ETV Bharat Assam)

তাৰ ভিতৰত কট্টৰ কংগ্ৰেছীক নিৰ্বাচিত কৰি আগবঢ়াই দিয়া আৰু কংগ্ৰেছত এখন ভৰি থৈ আন দলতো এখন ভৰি থৈ কাম পৰা কংগ্ৰেছীক চিনাক্ত কৰি বহিষ্কাৰ কৰা— এই দুটা দিশত গুৰুত্ব আৰোপ গৌৰৱ গগৈৰ ।

কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত সমূহ কংগ্ৰেছীক পুনৰ এবাৰ মনত পেলাই সকীয়নিবাৰ্তা গৌৰৱ গগৈৰ— কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰাটো কংগ্ৰেছত সহ্য কৰা নহ’ব । ৰাজনৈতিকভাৱে দুই নাৱত দুই ভৰি থৈ দিয়া কংগ্ৰেছীক ইতিমধ্যেই ৰাহুল গান্ধীয়ে কিছু দিন পূৰ্ব গুজৰাটৰ পৰাই সকীয়নি দিছিল । সেই কথাকে কংগ্ৰেছ ৱৰ্কিং কমিটিত আকৌ এবাৰ কংগ্ৰেছীক সোঁৱৰাই দিলে গৌৰৱ গগৈয়ে ।

Gaurav at CWC Meeting
চি ডব্লিউ চি বৈঠকত উপস্থিত হোৱাৰ সময়ত অন্যান্য কংগ্ৰেছ নেতাৰ সৈতে গৌৰৱ গগৈ (ETV Bharat Assam)

গৌৰৱ গগৈৰ মন্তব্য, “মই মনত পেলাই দিব খোজো যে ৰাহুল গান্ধীদেৱে গুজৰাটলৈ আহোঁতে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিল । তেওঁ কৈছিল— যিসকলে কংগ্ৰেছত এখন ভৰি আৰু আন এখন ভৰি বেলেগ দলত থৈ দি আহিছে, সেইসকলক চিনাক্ত কৰি কংগ্ৰেছ দলৰ পৰা বাহিৰ কৰি লাগে । এই কথাই মই আপোনালোকৰ পৰা শুনিবলৈ পাইছো ।”

অসম কংগ্ৰেছত বিজেপিৰ হৈ কাম কৰি অহা বহু কংগ্ৰেছী আছে বুলি সময়ে সময়ে ব্যাপক চৰ্চা হৈ আহিছে । আনকি মাজে মাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কংগ্ৰেছত নিজৰ এজেণ্ট আছে বুলি কৈ সেই সন্দেহৰ জুইকুৰাত ঘিউ ঢালি আহিছে । তাৰ মাজতেই ৰাহুল গান্ধীৰ বাৰ্তাকেই কংগ্ৰেছ ৱৰ্কিং কমিটীত গৌৰৱ গগৈয়ে পোষকতা কৰাটোৱে অসম কংগ্ৰেছৰ ভিতৰছোৱাত থকা বিজেপিৰ শুভাকাংক্ষীসকলকো সকীয়নি দিয়া বুলি ভবাৰ থল আছে ।

Gaurav at CWC Meeting
বৈঠকত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী (ETV Bharat Assam)

ইয়াৰ উপৰি অহা ডেৰ বছৰৰ ভিতৰত দেশৰ কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । সেই নিৰ্বাচনবোৰত কট্টৰ কংগ্ৰেছীসকলক চিনাক্ত কৰি আগবঢ়াই দিয়াত গুৰুত্ব আৰোপ কৰে গৌৰৱ গগৈয়ে ।

গৌৰৱ গগৈৰ মন্তব্য, “আজিও এই কথা কংগ্ৰেছ নেতৃত্বক জনাব খোজো যে আহিবলগীয়া দিনবোৰত যদি আমি বিধানসভা নিৰ্বাচনবোৰত জিকিব লাগে, তেন্তে আমি কট্টৰ কংগ্ৰেছীসকলক চিনাক্ত কৰিব লাগিব ।”

কট্টৰ কংগ্ৰেছী কোন তাৰো ব্যাখ্যা এনেদৰে আগবঢ়ালে গৌৰৱ গগৈয়ে, "সেইজনেই কট্টৰ কংগ্ৰেছী যিজনে পুলিচৰ লাঠিৰ কোব খাইছে । যিয়ে আজিও কংগ্ৰেছ কৰি আছে তেৱেঁই কট্টৰ কংগ্ৰেছী । যিজনক ধমকিওৱা হৈছে, ভয় খুওৱা হৈছে, কিন্তু ভয় খোৱা নাই । এই কট্টৰ কংগ্ৰেছীসকলক বিচাৰি উলিয়াই আমি আগুৱাই লৈ যাব লাগিব । মোৰ দৃঢ় বিশ্বাস এইসকলক বিচাৰি উলিয়ালে আমি প্ৰতিটো বিধানসভা নিৰ্বাচনতেই সফলতা লাভ কৰিম ৷ সেয়া গুজৰাটেই হওক, উত্তৰাখণ্ডই হওক, কেৰালা বা অসম যি ৰাজ্যই নহওক— আমি সফলতা লাভ কৰিম ৷"

Gaurav at CWC Meeting
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

লগতে গৌৰৱ গগৈৰ মন্তব্য যে কংগ্ৰছে আৰু বিজেপিৰ সংগঠনৰ মাজত বৃহৎ প্ৰভেদ আছে ৷ এই বিষয়ে সাংসদ গগৈয়ে এইদৰে কয়, “বিজেপিয়ে তেওঁলোকৰ সংগঠন এটা প্ৰাইভেট কোম্পানী লিমিটেডৰ দৰে চলাইছে ৷ আমি কংগ্ৰেছে এটা পৰিয়ালৰ দৰে দল চলাব বিচাৰে ৷ সেয়ে মই বিচাৰো আমি সকলোৰে কাষত পৰিয়ালৰ দৰে থিয় হ’ব লাগিব । আমাৰ কংগ্ৰেছী কৰ্মকৰ্তাক বেছি একো নালাগে, আপুনি কান্ধত হাতখন দি ক’লে হ’ল, তেওঁ এমাহলৈ কামত ব্যস্ত হ’ব ৷ আপোনাৰ কি খবৰ বুলি সুধিলেই তেওঁলোকে প্ৰচণ্ড গৰমতো কংগ্ৰেছৰ পতাকাখন উৰুৱাই থাকিব ৷ সেয়ে মই ক’ব খোজো— আমি এক পৰিয়াল ।"

কংগ্ৰেছ দল ৰাষ্ট্ৰীয়তাবাদী হৈয়ো কিদৰে আঞ্চলিকতাবাদক সন্মান কৰি আহিছে সেই কথা নিজৰ ভাষণত চি ডব্লিউ চিৰ বৈঠকত উল্লেখ কৰে গৌৰৱ গগৈয়ে ৷ গগৈৰ মন্তব্য, “কংগ্ৰেছৰ সংস্কৃতি কি ? আমি যদি গৰ্বেৰে জয় হিন্দ বুলি কওঁ, তেন্তে সমানেই গৰ্বেৰে তেলেংগানাত জয় তেলেংগানা বুলি কওঁ । পশ্চিমবংগলৈ গৈ আমি জয় বাংলা বুলিও কওঁ । আমৰ এয়া সংস্কৃতি যে আমি জয় হিন্দ বুলি কোৱাৰ লগতে অসমলৈ গৈ জয় আই অসম বুলিও কওঁ । সকলো প্ৰান্তকে আমি সন্মান কৰো ৷ ৰাষ্ট্ৰীয়তাবাদৰ সমান্তৰালভাৱে আমি আঞ্চলিকতাবাদকো সন্মান কৰো ।”

লগতে পঢ়ক :গৌৰৱ গগৈয়ে মাজুলীলৈ আহিবলৈ সময় নাপায় : পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI
লগতে পঢ়ক :অসমত বনাঞ্চল হ্ৰাস: সংসদত উদ্বেগ প্ৰকাশ গৌৰৱ গগৈৰ - GAURAV GOGOI ON FOREST REDUCTION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.