ETV Bharat / politics

বিহাৰৰ দৰে অসমতো মুখ্যমন্ত্ৰীৰ নেতৃত্বত জংঘলৰাজ আৰম্ভ হৈছে: গৌৰৱ গগৈ - ASSAM PANCHAYAT ELECTION 2025

পুলিচক ব্যৱহাৰ কৰি পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ হ'ব নোৱাৰি ৷

Assam Panchayat Polls
বিহাৰ দৰে মুখ্যমন্ত্ৰী নেতৃত্বত অসমত জংঘলৰাজ আৰম্ভ হৈছে : গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2025 at 3:08 PM IST

3 Min Read

যোৰহাট: সমাগত পঞ্চায়ত নিৰ্বাচন ৷ বিহুৰ সমানে সমানে ৰাজ্যত বলিছে নিৰ্বাচনৰ বা ৷ শাসক, বিৰোধী সকলো ব্যস্ত হৈ পৰিছে পঞ্চায়তৰ ক্ষমতা দখল কৰাৰ বাবে । কিন্তু শাসকপক্ষই নিৰ্বাচনৰ সময়ত মূল হাথিয়াৰ হিচাপে আৰক্ষী যন্ত্ৰক ব্যৱহাৰ কৰিছে ৷ যোৰহাটত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা যোৰহাট লোকসভা সমষ্টি সাংসদ গৌৰৱ গগৈয়ে ।

  • পঞ্চায়ত নিৰ্বাচনত আৰক্ষীক ব্যৱহাৰ কৰা হৈছে

সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে ৰাইজে ইতিমধ্যে গম পাই গৈছে, তেওঁলোকে পুলিচক ব্যৱহাৰ কৰি আমাৰ কৰ্মী আৰু সাধাৰণ ৰাইজৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে ৷ পুলিচক ব্যৱহাৰ কৰি পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱা মই কেতিয়াও দেখা নাই ।’’

বিহাৰৰ দৰে অসমতো জংঘলৰাজ আৰম্ভ হৈছে : গৌৰৱ গগৈ (ETV Bharat Assam)
  • কিয় বিহাৰ দৰে অসমত জংঘলৰাজ আৰম্ভ হৈছে

সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘অসমত ভুৱা এনকাউণ্টাৰ আৰম্ভ কৰা লগতে সাংবাদিক, অধিবক্তা, বিৰোধী নেতা, বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ ওপৰত এতিয়া ভুৱা গোচৰ জাপি দিছে চৰকাৰে ৷ ফলত বিহাৰৰ দৰে জংঘলৰাজ অসমত লাহে লাহে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হ’বলৈ গৈ আছে ৷ আমি পহিলা ব’হাগত সংকল্প লৈছো যে ৰাইজৰ মাজত বিজেপি চৰকাৰে সুমুৱাই দিয়া ভয় নাইকিয়া কৰিম ।’’

যোৰহাট লোকসভা সমষ্টিৰ উন্নয়নৰ দায়িত্ব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গ্ৰহণ কৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, ‘‘ বিধায়ক, সাংসদ, ৰাজ্য চৰকাৰ, কেন্দ্ৰ চৰকাৰ- উন্নয়নৰ দায়িত্ব সকলোৰে থাকে ৷ সকলোৱে একেলগ হৈ উন্নয়নৰ দায়িত্ব পালন কৰিব লাগিব ৷ কাৰণ ৰাজ্যসভাৰ সাংসদৰ নিজা সমষ্টি নাই । সকলোৱে সমূহীয়াকৈ উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰিলেই আমি উন্নয়নৰ ধাৰাত আগবাঢ়ি যাব পাৰিম ।’’

  • অসমৰ মুখ্যমন্ত্ৰী এতিয়া ফ্লাইঅভাৰৰ মুখ্যমন্ত্ৰী''

সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘অসমৰ কোনো এখন পৌৰসভা ভাল বুলি ক’ব নোৱাৰি ৷ পঞ্চায়ত কৰ্মীসকলক যেনেদৰে প্ৰশিক্ষণ দিয়া হয় তেনেদৰে পৌৰসভাকো প্ৰশিক্ষণ দিব লাগে ৷ লগতে পৌৰসভাৰ মাজত প্ৰতিযোগিতাৰ এক পৰিৱেশ গঢ়ি তুলিব লাগে ৷’’

‘‘যিখন পৌৰসভাই ভাল ফলাফল লাভ কৰিব সেই পৌৰসভালৈহে পুঁজি মুকলি কৰি দিব লাগে ৷ কিন্তু এইক্ষেত্ৰত গুৰুত্ব দিব কোনে ? কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনে ফ্লাইঅভাৰতহে গুৰুত্ব দিয়ে ৷ যদি এখন ফ্লাইঅভাৰৰ ওপৰত আৰু এখন দিব লাগে বুলি ভাবে তেওঁ সেয়াও কৰিব ৷ সেয়েহে অসমৰ মুখ্যমন্ত্ৰীজন এতিয়া ফ্লাইঅভাৰৰ মুখ্যমন্ত্ৰী হিচাপে পৰিণত হৈছে ৷’’ গগৈয়ে কয় ৷

লগতে পঢ়ক : ৫০ লাখ টকাটো ২ হাজাৰ কোটি কেনেকৈ হ'ল ? অংকটো বুজি পোৱা নাই ড° শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.