গৌৰৱ সভাপতি হ’ল, চাৰিওফালৰ পৰা গগৈলৈ বৰষিছে সমালোচনাৰ বাণ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ পাচতে সোমবাৰৰ পৰা বিজেপিৰ কোনে কি ক’লে জানেনে? মুখ্যমন্ত্ৰী, দিলীপ শইকীয়া, পবিত্ৰ মাৰ্ঘেৰিটাৰ সমালোচনাৰ পিছত মুখ বন্ধ মুখপাত্ৰৰ ৷ একেলগে পঢ়ক...

Published : May 27, 2025 at 4:03 PM IST
গুৱাহাটী : সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ পিছতে কংগ্ৰেছ শিবিৰত দেকা গৈছে উৎসাহ ৷ আনহাতে গৌৰৱৰ নিযুক্তিৰ লগে লগে বিজেপিৰ মাজত সমালোচনাৰ জোৱাৰ দেখা গৈছে । কংগ্ৰেছ বিৰোধী শাসকীয় বিজেপিৰ শীৰ্ষ নেতৃত্বই প্ৰকাশ কৰিছে ভাগে ভাগে মন্তব্য ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটালৈকে প্ৰকাশ কৰিছে গৌৰৱ গগৈক লৈ মন্তব্য ৷ তাৰ মাজতে বিজেপিৰ দলীয় নিৰ্দেশনা যে গৌৰৱ গগৈ প্ৰসংগত কোনো বিজেপি মুখপাত্ৰই প্ৰকাশ কৰিব নোৱাৰিব মন্তব্য ।
Heartiest congratulations Shri @GauravGogoiAsm on being appointed as the President of Assam Pradesh Congress Committee.
— Assam Congress (@INCAssam) May 26, 2025
Your vision, dedication, and leadership come at a crucial time for Assam and the Congress family.
We are confident that under your leadership, we will… pic.twitter.com/AGSKWto85T
এক কথাত গৌৰৱ গগৈক এপিচিচিৰ সভাপতি নিযুক্তিয়ে প্ৰতিদ্বন্দ্বী দল বিজেপিক কৰি তুলিছে সজাগ ৷ বিজেপিৰ নেতাসকলৰ গৌৰৱ গগৈক লৈ সোমবাৰৰ পৰা কি কি মন্তব্য সেয়া জানো আহক ৷
- হিমন্ত বিশ্ব শৰ্মা : কংগ্ৰেছত ভূপেন বৰাই হওক নাইবা হিমন্ত বিশ্ব শৰ্মা বা আন যিকোনোৱেই নহওক - সাধাৰণ ঘৰৰ পৰা অহা মানুহে যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে সেয়া এই নিযুক্তিয়ে প্ৰমাণ কৰিলে ৷
- পবিত্ৰ মাৰ্ঘেৰিটা : যিটো পৰিয়ালৰ ৪ জন সদস্যৰ ৩ জনেই বিদিশী ৰাষ্ট্ৰ নাগৰিক, তেওঁ আমাক ভাৰত প্ৰেমৰ কি নীতি শিক্ষা দিব ?
- দিলীপ শইকীয়া : মনটো বেয়া লাগিছে ভূপেন বৰাৰ প্ৰতিহে । কি হ’ব ভপেন বৰাৰ ভৱিষ্যত ? ইমান কষ্ট কৰি দলটো তেওঁ আগবঢ়াই লৈ গৈছিল !
- এপ্ৰিল-মে’ত গৌৰৱ গগৈক সভাপতি পাতিব, জানিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই :
গৌৰৱ গগৈ পাকিস্তানত আইএছআইৰ প্ৰশিক্ষণ লোৱা এজন পাকিস্তানী এজেণ্ট বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক অভিযোগ আনি ধাৰাবাহিক আক্ৰমণ কৰি আহিছে গৌৰৱক । সভাপতি নিযুক্তিৰ পিছতেই গৌৰৱ গগৈৰ নিযুক্তিক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰতিফলন আখ্যা দিয়ে মুখ্যমন্ত্ৰীৰ শৰ্মাই ৷
First reactions: Newly appointed Assam PCC President @GauravGogoiAsm pic.twitter.com/zsH8qPLdNF
— Assam Congress (@INCAssam) May 26, 2025
শৰ্মাৰ দাবী যে তেওঁ আগতেই জানিছিল এপ্ৰিল-মে’ত ভূপেন বৰাৰ ঠাইত গৌৰৱ গগৈক সভাপতি পতা হ’ব বুলি । গৌৰৱ গগৈক সভাপতি হিচাবে নিযুক্তি দিয়াৰ পাচত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে, “কংগ্ৰেছৰ এপ্ৰ’ছটোৱেই প্ৰ’ পাকিস্তান । ভাৰততকৈ যে পাকিস্তানৰ লগত কংগ্ৰেছৰ লগত সম্পৰ্ক বেছি এই নিযুক্তিটোৱে তাকেই আকৌ এবাৰ প্ৰমাণ কৰিলে ৷ দ্বিতীয়তে কংগ্ৰেছত ভূপেন বৰাই হওক নাইবা হিমন্ত বিশ্ব শৰ্মা বা আন যিকোনোৱেই নহওক - সাধাৰণ ঘৰৰ পৰা অহা মানুহে যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেয়া এই নিযুক্তিয়ে প্ৰমাণ কৰিলে ৷”
“মই আজিৰ পৰা কেইমাহমান আগতে আমাৰ সভাপতি দিলীপ শইকীয়া, মই আৰু ভূপেন বৰা একেখন ফ্লাইটত । দিলীপ শইকীয়া সাক্ষী আছে, মই তেতিয়া ভূপেন বৰাক কৈছিলো যে তোমাক এপ্ৰিল মাহত সভাপতি ভাঙি দিব ।”
- দলটো ভাল কৰিবলৈহে সাধাৰণ ঘৰৰ মানুহ লাগে কংগ্ৰেছক :
“কংগ্ৰেছত এটা সময় থাকে যেতিয়া পাৰ্টীটো ভাঙি যায়, তেতিয়া ভাল কৰিবৰ কাৰণে আপোনাৰ-মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব । যেতিয়া ইলেকচন আহে টিকট আদি দিয়াৰ সময় হয় ৷ তেতিয়া তেওঁলোকে এই নীলা তেজৰ মানুহ লগত লয় ।” মুখ্যমন্ত্ৰীৰ মন্তব্য ।
Congratulations @GauravGogoiAsm on being appointed as the President of Assam PCC. pic.twitter.com/Fn4p1TSNkQ
— Assam Congress (@INCAssam) May 26, 2025
“এতিয়া আমাৰ বাবে এটি কথা ভাল হ’ল যে ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈয়ে যেতিয়া আমাৰ উত্তৰ দিব লাগিলহেঁতেন কেৱল সাংসদ হিচাবে ৷ এতিয়া গোটেই পাৰ্টীটো লৈয়ে ডুবিব ।” এয়া আছিল গৌৰৱক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য ৷
অহা ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কি তথ্য-প্ৰমাণ ৰাজহুৱা কৰে তাৰ বাবে অপেক্ষাৰ বাদে উপায় নাই বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।
- পবিত্ৰ মাৰ্ঘেৰিটাৰ ক্ষোভ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম বিশেষ আস্থাভাজন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটায়ো গৌৰৱ গগৈক লৈ কৰে বিশেষ কটাক্ষ ৷ গৌৰৱ গগৈক কংগ্ৰেছৰ সভাপতি নিযুক্তি দলটোৰ বাবে দুৰ্ভাগ্যজনক আখ্যা পবিত্ৰ মাৰ্ঘেৰিটাই উত্থাপন কৰিলে গৌৰৱ গগৈৰ বিদেশী পত্নীৰ পাকিস্তান লিংক প্ৰসংগ ।

“এয়া আমাৰ বাবে নহয়, কংগ্ৰেছৰ বাবে দুৰ্ভাগ্যজনক । কিয়নো যিটো পৰিয়ালৰ ৪ জন সদস্যৰ ৩ জনেই বিদেশী ৰাষ্ট্ৰ নাগৰিক । তেওঁ আমাক ভাৰত প্ৰেমৰ কি নীতি শিক্ষা দিব ? যি মানুহৰ পৰিয়ালৰ সদস্যই বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ পৰা দৰমহা লয় বুলি কংগ্ৰেছে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে । সেই ব্যক্তিয়ে নিজৰ দলৰ যুৱ প্ৰজন্মৰ কি দায়িত্ব গ্ৰহণ কৰিব ? ১০-১৫ দিন পাকিস্তানত থাকি অহা ব্যক্তিজনে দেশৰ বাবে কি কৰিব ?”
- বোকা-পানী খচিব লাগিব গৌৰৱ গগৈয়ে : দিলীপ শইকীয়াৰ ভূপেন বৰা প্ৰীতি
‘‘গৌৰৱ গগৈ এতিয়া সভাপতি হ’ল । অসমৰ চাৰিওফালে ঘূৰিব লাগিব । বোকা-পানী খচিব লাগিব ৷ কেৱল ধুবুৰী বা গোৱালপাৰাত ঘূৰিলেই নহ’ব । সকলোতে যাওক আশা কৰিম আমি ৷ প্ৰতিযোগিতাত নামিম। গগৈ আৰু শইকীয়াৰ প্ৰতিযোগিতা কি হয় আগন্তুক দিনত কি হয় চাওঁ । আশা কৰো শইকীয়াৰ মনোবাঞ্চা পূৰ্ণ হ’ব ৷”
বিদায়ী সভাপতি ভূপেন বৰাৰ ভৱিষ্যতকলৈহে উদ্বিগ্ন দিলীপ শইকীয়া । শইকীয়াৰ মন্তব্য, “মনটো বেয়া লাগিছে ভূপেন বৰাৰ প্ৰতিহে । কি হ’ব ভূপেন বৰাৰ ভৱিষ্যত ? ইমানোকষ্ট কৰি দলটো তেঁও আগবঢ়াই লৈ গৈছিল ৷ এতিয়া তেঁওৰ চিন্ত-চৰ্চাবোৰ গৌৰৱ গগৈয়ে আগবঢ়াই লৈ যায় নে নাযায় ?”
পিছে শীৰ্ষ নেতাসকলৰ মন্তব্যৰ পিছত গৌৰৱ গগৈ প্ৰসংগত এতিয়া মুখ বন্ধ বিজেপিৰ মুখপাত্ৰসকলৰ । বিজেপিৰ এগৰাকী মুখপাত্ৰৰ তথ্য অনুসৰি, বিজেপিৰ তৰফৰ পৰা মুখপাত্ৰসকলক নিৰ্দেশ দিয়া হৈছে যে গৌৰৱ গগৈ প্ৰসংগত এতিয়া মুখ বন্ধ ৰাখিব লাগে ।
এতিয়া সকলোৰে অপেক্ষা, পৰৱৰ্তী সময়ত ২০২৬ৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ ৰাজনীতিৰ ৰণখনে কেনে ৰূপ পৰিগ্ৰহ কৰে ? ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ পাকিস্তান লিংকৰ তথ্য কি দাঙি ধৰে ? সেয়াও হ’ব লক্ষণীয় ।

