ETV Bharat / politics

বেজবৰুৱা-চক্ৰৱৰ্তীৰ ঘৰত গগৈ, মহন্তৰ কাষত শইকীয়া: ৰাজনীতিৰ নতুন ইংগিত ! - ASSAM POLITICS

দুই বৰ্ষীয়ান সাংবাদিকৰ কাষত গৌৰৱ গগৈ ৷ দিলীপ শইকীয়া উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত ৷

MP Gaurav Gogoi
বেজবৰুৱা-চক্ৰৱৰ্তীৰ ঘৰত গগৈ, মহন্তৰ কাষত শইকীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 17, 2025 at 10:43 AM IST

3 Min Read

গুৱাহাটী : ৰাজনীতিৰ চকৰি কোন দিশে কেতিয়া ঘূৰে সেয়া অনুমান কৰাটো সহজ কথা নহয় । ৰাজনীতি এক অৱসৰহীন নিৰন্তৰ ব্যস্ততাৰ যাত্ৰা ৷ সমাগত ২০২৬ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আকৰ্ষণীয় হৈছে ৰাজনৈতিক দৃশ্যপট ।

কংগ্ৰেছ-বিজেপি ৰাজ্যৰ দুয়োটা প্ৰধান ৰাজনৈতিক দলেই অব্যাহত ৰাখিছে গণসংযোগ কাৰ্যসূচী । তাৰ মাজতেই দেওবাৰে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰে দুগৰাকী জ্যেষ্ঠ নেতাই ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক আৰু জ্যেষ্ঠ ৰাজনীতিকক সাক্ষাতেৰে সন্মান জনোৱা দেখা গ’ল ৷ এতিয়া দুই ৰাজনীতিকৰ এই সাক্ষাতে ৰাজ্যত লাভ কৰিছে বিশেষ চৰ্চা ৷

Dilip Saikia
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ দিলীপ শইকীয়াৰ (ETV Bharat)

দেওবাৰে বিয়লি বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গুৱাহাটীৰ বাসগৃহত উপস্থিত হয় । আনফালে সন্ধিয়া কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে দুগৰাকী প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা আৰু ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক তেওঁলোকৰ গুৱাহাটীস্থ বাসগৃহলৈ গৈ সৌজন্যমূলক সাক্ষাৎ কৰে ।

MP Gaurav Gogoi
বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাৰ সৈতে গৌৰৱ গগৈ (ETV Bharat)

“ইংৰাজী দৈনিক বাতৰি কাকত দ্য ছেণ্টিনেলৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱাদেৱৰ লগতে বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ডাঙৰীয়াৰ বাসগৃহত আজি উপস্থিত হৈ সৌজন্যমূলক সাক্ষাৎ কৰি তেখেতৰ লগতে পত্নীৰো সুস্বাস্থ্য কামনা কৰো ।” - ৰাজ্যৰ দুই প্ৰবীণ ৰাজনীতিকক সাক্ষাৎ কৰি সামাজিক মাধ্যমত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ।

MP Gaurav Gogoi
বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক সাক্ষাৎ গৌৰৱ গগৈৰ (ETV Bharat)

আনহাতে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক দিছপুৰৰ বাসভৱনত সাক্ষাৎ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ কৰি দিলীপ শইকীয়াৰ সামাজিক মাধ্যমত মন্তব্য, “তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰো আৰু ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত তেখেতৰ সৈতে আলোচনা কৰো । তেখেতেও আমাক বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে । কিছুদিন পূৰ্বে তেখেতৰ স্বাস্থ্যৰ অৱনতি হৈছিল, আজি তেখেতৰ বৰ্তমানৰ স্বাস্থ্য সন্দৰ্ভত আমি পৰিয়ালৰ সৈতে মত বিনিময় কৰো । তেখেতৰ বৰ্তমান স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ পাই সুখী হৈছো ।”

সাংসদ দিলীপ শইকীয়াৰ লগত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু আৰু ৰাজ্যিক সাধাৰণ সম্পাদক পল্লব লোচন দাসো উপস্থিত আছিল ৷ দুটা দলৰ এই দুই ৰাজনীতিকৰ বৰ্ষীয়ান সাংবাদিক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা পৰ্বই ৰাজ্যত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ।

ৰাজনীতিক দুজনে এনে সাক্ষাতক সৌজন্যমূলক বুলি আখ্যা দিলেও ৰাজনীতিৰ ভূ ৰখাসকলে এই সাক্ষাতত নতুন ৰাজনীতিৰ ইংগিত পাইছে বুলি সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈছে ৷

লগতে পঢ়ক : গৌৰৱ গগৈক সহানুভূতি সহকাৰে লৈয়ে আমি গোটেই বিষয়টো বিচাৰ কৰিম: মুখ্যমন্ত্রী

লগতে পঢ়ক : কাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ডিজিপিক নিৰ্দেশ দিলে কেবিনেটে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.