ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাই জেলৰ ভিতৰত কিতাপ লিখিব লাগিব : ভূপেন বৰা

ধেমাজিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত চৰকাৰক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ ।

Congress election rally in Dhemaji
ধেমাজিত কংগ্ৰেছৰ নিৰ্বাচনী সভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 11:31 AM IST

4 Min Read
Choose ETV Bharat

ধেমাজি : এবছৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জেলৰ ভিতৰত কিতাপ লিখিব লাগিব । কিন্তু হিমন্ত বিশ্ব শৰ্মাই জেলৰ ভিতৰত কিয় কিতাপ লিখিব লাগিব ? ইয়াৰ কাৰণ ব্য়াখ্য়া কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । কেৱল সেয়াই নহয়,মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কিমান দিনলৈ এইদৰে ৰাজহুৱাভাৱে কথা কৈ থাকিব পাৰিব তাৰো সময় সন্দৰ্ভত ভূপেন বৰাই কৰিলে মন্তব্য় ।

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ । নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে প্ৰচাৰ অভিযানত আৰম্ভ কৰিছে বাকযুদ্ধ ৷ সোমবাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে চিলাপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ প্ৰয়াস কৰাৰ পিচতেই মঙলবাৰে কংগ্ৰেছে আৰম্ভ কৰে প্ৰচাৰ । ধেমাজি জিলাৰ চিচিবৰগাঁও জিলা পৰিষদ সমষ্টিৰ অধীনৰ চিৰিপানিত আৰু বৰদলনি জিলা পৰিষদ সমষ্টিৰ বৰবাম দিহিঙীয়া গাঁৱৰ মুকলি মঞ্চত কংগ্ৰেছ দলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰে । এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

ধেমাজিত কংগ্ৰেছৰ নিৰ্বাচনী সভা (ETV Bharat Assam)

ল'ৰা-ছোৱালীবোৰ এতিয়া হতাশ:

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্য়মন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয়, “কথা ক'ব পৰাতো তেওঁৰ মৌলিক অধিকাৰ । গণতন্ত্ৰত বাক স্বাধীনতা সকলোৰে আছে, ক'ব পাৰিব ; তাৰ বিপৰীতে যিখন বাস্তৱিক ছবি সেয়া অসমৰ যুৱ প্ৰজন্মই বুজি উঠিছে ৷ অসমৰ যুৱ প্ৰজন্মই হতাশাত ভুগিছে ৷ কলেজত পঢ়ি থকা ল'ৰা-ছোৱালীবোৰ এতিয়া হতাশ ৷ তেওঁ ল'ৰা-ছোৱালীবোৰক স্কুটি আৰু কিবাকিবি দিব বুলি কৈছে যদিও কাৰো মুখত হাঁহি নাই । ৩২ লাখ নিবনুৱাই বি এ, এম এ পাছে যেতিয়া চতুৰ্থবৰ্গৰ চাকৰিৰ বাবে আবেদন কৰিবলগীয়া হৈছে অসমৰ যুৱ প্ৰজন্মৰ মানসিক অৱস্থা কেনে হৈছে ভাবকচোন ৷ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে আৰু এবছৰ মান কোৱাৰ সুযোগ আছে, তেওঁ যি ক'বলগীয়া আছে কৈ লওক । তাৰ পাছত তেওঁ জেলৰ ভিতৰত কিতাপ লিখিব লাগিব ৷“

Congress election rally in Dhemaji
ধেমাজিত কংগ্ৰেছৰ নিৰ্বাচনী সভা (ETV Bharat Assam)

সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয়, “বহুতে ভাবে কংগ্ৰেছ দল দুৰ্বল হৈ গ’ল ৷ আমি সেইসকলক ক'ব বিচাৰো উজনি-নামনি সকলোতে কংগ্ৰেছ দল সক্ৰিয় হৈ গাঁৱৰ ভিতৰত আছে ৷ বিজেপিয়ে জনজাতিকৰণ কৰিম বুলি কৈ একো নকৰিলে ৷ তেওঁলোকৰ নিজৰ পৰিয়ালৰ মাজত কেনেকৈ মাটি সংগ্ৰহ কৰিব পাৰে আৰু নিজৰ ভায়েকৰ নামত কেনেকৈ কোটি কোটি টকা ঠিকা দিব পাৰে সেয়াহে চিন্তা কৰিছে ৷"

হতাশ হৈ মুখ্যমন্ত্ৰীয়ে আবোল তাবোল বকিছে :

ইয়াৰ পিচতেই তেওঁ পুনৰ সংবাদ মাধ্যমৰ আগত কয় “ যিবোৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইকেইদিন কৈ আহিছে সেইটোৱে প্ৰমাণ কৰে যে তেওঁলোকৰ আগৰ উন্নয়নৰ কথাবোৰ মিচা প্ৰচাৰ । এই মিছা কথাৰ জণসাধাৰণৰ মাজত প্ৰভাৱ নপৰে । সেয়ে হতাশ হৈ মুখ্যমন্ত্ৰীয়ে আবোল তাবোল বকিছে ৷ যদিহে সঁচাকৈয়ে উন্নয়নৰ কাম কৰিলেহেঁতেন, জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া কৰিলে নিজৰ কামৰ বলতেই আজি বিজয় লাভ কৰিলেহেঁতেন ।"

Congress election rally in Dhemaji
ধেমাজিত কংগ্ৰেছৰ নিৰ্বাচনী সভা (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুলিচবাহিনী লৈ ভয় ভাবুকি দিবলৈ চেষ্টা কৰিলে; কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীসকল যেতিয়া ওলাই আহিল সেই ভয়টো নাইকিয়া হ’ল ৷ পুলিচকলৈয়ো যেতিয়া সফল নহ’ল এতিয়া আবোল-তাবোল বকা কথাবোৰ ৰাইজে গ্ৰহণ নকৰে । ৰাইজে গম পাই গৈছে বিজেপি দলটোৱে মাত্ৰ পাঁচজনৰ বাবে চিন্তা কৰে হিমন্ত বিশ্ব শৰ্মা ,জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী পীযুষ হাজৰীকা, মানৱ ডেকা আৰু অশোক সিংহল ৷“

লগতে পঢ়ক:গৌৰৱ গগৈৰ বাবেই বিৰোধী একত্ৰিত হ'ব পৰা নাই: শেল এৰিলে অখিল গগৈয়ে - AKHIL GOGOI SLAMS GAURAV GOGOI

বিহাৰৰ দৰে অসমতো মুখ্যমন্ত্ৰীৰ নেতৃত্বত জংঘলৰাজ আৰম্ভ হৈছে: গৌৰৱ গগৈ - ASSAM PANCHAYAT ELECTION 2025