ETV Bharat / politics

ৰাণী নৰহৰ পাখি কোনেও কাটিব নোৱাৰে !

"কেৱল ভাগৱত-ৰামায়ণ গালেই নহ’ব, দলৰ বাবে কাম কৰিবও লাগিব । ৰামায়ণ-মহাভাৰত সবেই জানে, এতিয়া কাকো শিকোৱাৰ প্ৰয়োজন নাই ৷" সংবাদমেলত মন্তব্য ৰাণী নৰহৰ ৷

Former Union Minister Ranee Narah
প্ৰাক্তন কেন্দ্রীয় মন্ত্রী ৰাণী নৰহৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 28, 2024 at 5:21 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: ৰাজনীতিৰ পথাৰত এতিয়াও শক্তিশালী প্ৰাক্তন কেন্দ্রীয় মন্ত্রী ৰাণী নৰহ । সোমবাৰে লখিমপুৰত এক সংবাদমেল আয়োজন কৰি এই কথা দোহাৰিলে ৰাণী নৰহে । তেওঁ কয়, "মই ক্ৰিকেটত অ’পেনাৰ আছিলো ৷ আজিৰ দিনটোতো মই অ’পেনাৰ, ৰাজনীতিতো ময়েই অ’পেনাৰ ৷ মই টুৱেলভথ মেন নহওঁ ৷ মোক কোনেও বহুৱাই ৰাখিব নোৱাৰে ৷"

তেওঁ লগতে কয়, "ৰাণী নৰহৰ পাখি কোনেও কাটিব নোৱাৰে ।" বিগত লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হ’লেও কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি সদায় অগাধ বিশ্বাস আছে বুলি কয় ৰাণী নৰহে । টিকট বঞ্চিত হ‘লেও দলৰ প্ৰতি কোনো ক্ষোভ নাই বুলিও তেওঁ কয় । তথাপি তেওঁ নাম নোলোৱাকৈ লোকসভা নিৰ্বাচনৰ টিকট বঞ্চিত হোৱাৰ ক্ষোভ উজাৰিলে সংবাদ মেলখনত ।

প্ৰাক্তন কেন্দ্রীয় মন্ত্রী ৰাণী নৰহৰ সংবাদমেল (ETV Bharat Assam)

আগন্তুক ২০২৬ চনত অসমৰ ৰাইজে কংগ্রেছৰ চৰকাৰ অসমত বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয়, "কংগ্ৰেছৰ চৰকাৰ অসমত আনিবলৈ অসমৰ নেতৃত্বই কি বিচাৰে সেয়া তেওঁৰ বাবে বিচাৰ্যৰ বিষয় নহয় ।" ভূপেন বৰাৰ নাম নোলোৱাকৈ ৰাণীয়ে কটাক্ষ কৰি ক’লে, কেৱল ভাগৱত-ৰামায়ণ গালেই নহ’ব, দলৰ বাবে কাম কৰিবও লাগিব । ৰামায়ণ-মহাভাৰত সবেই জানে, এতিয়া কাকো শিকোৱাৰ প্ৰয়োজন নাই ৷"

প্ৰাক্তন কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে ষড়যন্ত্ৰমূলকভাৱে লোকসভা নিৰ্বাচনত পোৱা টিকট হেৰুৱাব লগা হ’ল বুলি আক্ষেপ প্রকাশ কৰে । তেওঁৰ টিকটৰ ক্ষেত্রত সৰহভাগ দলীয় শীর্ষ নেতৃত্বৰ ইমানেই সমৰ্থন আছিল যে মল্লিকাৰ্জুন খৰ্গেই আজিও নাজানে লোকসভা নিৰ্বাচনত ৰাণীয়ে টিকট বঞ্চিত হোৱাৰ কথা ৷ এই বুলিও আক্ষেপেৰে প্ৰকাশ কৰে ৰাণী নৰহে ।

আনহাতে উত্তৰ-পূৰ্বাঞ্চলীয় সামাজিক সাংস্কৃতিক সংস্থা-নেচক'ৰ ৩৯ সংখ্যক আৰু বেচৰকাৰী সংস্থা জনকল্যাণৰ ২৮ সংখ্যক অধিবেশনখন অহা ৩০ আৰু ৩১ অক্টোবৰত লখিমপুৰৰ বগীনদীত অনুষ্ঠিত কৰা হ‘ব বুলিও তেওঁ সংবাদমেলত জানিবলৈ দিয়ে । উল্লেখ্য যে, ৰাণী নৰহ নেচক' আৰু জনকল্যাণৰ অধ্যক্ষ । তেওঁ অধিবেশনখনত সকলোৰে সহযোগিতা কামনা কৰে ।

লগতে পঢ়ক: বিহালীত মূল যুঁজ কংগ্ৰেছ-বিজেপিৰ মাজত হোৱাৰ সম্ভাৱনা