ETV Bharat / politics

এদিনত কংগ্ৰেছৰ দুটাকৈ গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচী : প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহাৰ যোগদানে দিছে কিহৰ ইংগিত ? - IPS Brajenjit Singha joins congress

Assam Congress joining programme: অশোক শৰ্মাৰ উপৰিও শুকুৰবাবে কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহাই ৷ তদুপৰি দলটোত যোগদান কৰে প্ৰাক্তন বিজেপি বিধায়ক, প্ৰাক্তন APS বিষয়া, প্ৰাক্তন DTO, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ লগতে AJYCPৰ নেতাই ৷

Assam congress joining programme
কংগ্ৰেছত যোগদান প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 9, 2024 at 10:18 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ৯ আগষ্ট : শুকুৰবাৰে কংগ্ৰেছৰ দুটাকৈ যোগদান কাৰ্যসূচীয়ে অসমত কংগ্ৰেছত নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দাঙি ধৰাৰ সন্দৰ্ভত সৰ্বত্ৰে চৰ্চা হৈছে ৷ মন কৰিবলগীয়া যে পুৱা নলবাৰীত বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ যোগদানৰ পিচত বিয়লি বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাই ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

ব্ৰজেনজিৎ সিনহা কংগ্ৰেছৰ উপ-নিবাচনৰ প্ৰাৰ্থী হ’ব !

শেহতীয়াকৈ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত যোগদানৰ কৰা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাই কংগ্ৰেছৰ প্ৰাৰ্থী হৈ বঙাইগাঁও সমষ্টিৰ পৰা উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব নেকি ? ইয়াকে ব্যাপক চৰ্চা হৈ আছে ৷ কংগ্ৰেছত যোগ দিলে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট কংগ্ৰেছ দলে দিব বুলি চৰ্চা চলি আহিছিল ৷ দলীয় টিকট প্ৰদানক লৈ ইতিমধ্যে কথা-বতৰা আৰম্ভ হৈছে বুলি জানিব পৰা‌ গৈছে যদিও এই সন্দৰ্ভত ব্ৰজেনজিৎ সিনহাক আছুতীয়াকৈ এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কোনো মন্তব্য নকৰিলে ৷

তেওঁ কয়, ‘‘ৰাজনৈতিকভাৱে ৰাইজৰ সেৱা কৰাৰ বাবে আগবাঢ়ি আহিছো । কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰিছো । অকল নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ‌ স্বাৰ্থত দলটোত যোগদান কৰা নাই । এইক্ষেত্ৰত কি হয়, সেয়া সময়হে‌ ক’ব ৷’’

গুৱাহাটীত কোনে কোনে যোগদান কৰিলে ?

আজি গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথেৰ উপস্থিতিত দলটোত যোগদান কৰে প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহাৰ লগতে প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণ, প্ৰাক্তন APS বিষয়া মনোজ কুমাৰ লহকৰ, প্ৰাক্তন DTO ৰফিকুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুমী বুঢ়াগোহাঁই, AJYCPৰ নেতা জিতু চৌধুৰী, আটাছুৰ লখিমপুৰ জিলাৰ সম্পাদক নীলমণি চাংমাই, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰেন্দ্ৰ নাৰায়ণ দেৱসহ বহুকেইগৰাকী লোকে ৷

২০২৬ ত অসমত ৰাজনৈতিক সংকল্প লৈছে কংগ্ৰেছে : ভূপেন বৰা

অনুষ্ঠানত ভাষণ দি ভূপেন বৰাই কয়, ‘‘২০২৬ৰ বাবে অসমত ৰাজনৈতিক সংকল্প লৈছে কংগ্ৰেছে । কংগ্ৰেছৰ দলৰ অসমত শেহতীয়াকৈ যিধৰণৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, ৰাইজে আকোঁৱালি লৈছে, তাৰ পৰা নিশ্চিত যে অসমত অহাবাৰ কংগ্ৰেছ চৰকাৰলৈ আহিব ৷’’

তেওঁ কয়, ‘‘বি জে পিৰ অপশাসন, সাম্প্ৰদায়িক নীতি বুজি পাবলৈ ধৰিছে । কংগ্ৰেছত শেহতীয়াকৈ বহুত ৰাজনৈতিক সচেতন ব্যক্তি, ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট ব্যক্তিয়ে যোগদান কৰিছে । এই ধাৰা আগলৈ অব্যাহত থাকিব ৷’’

লগতে পঢ়ক : মুখ্য়মন্ত্ৰী হিমন্ত থকালৈকে অসম আক্ৰমণৰ সপোনো দেখিব নোৱাৰে মিঞাই: বিজেপি

কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ: বিজেপিত ভয়-ভাবুকিৰ ৰাজনীতি চলাৰ ভয়ংকৰ অভিযোগ

কংগ্ৰেছত থাকিও যেন অশোক শৰ্মাই আৰ এছ এছৰ কথা, হিন্দুৰ কথা কৈ থাকে : মুখ্যমন্ত্ৰী