ETV Bharat / politics

ওজৰ-আপত্তি-অভিযোগ থাকিলেই ফোন কৰক: নগাঁৱত উপস্থিত পঞ্চায়ত নিৰ্বাচনৰ পাঁচগৰাকীকৈ পৰ্যবেক্ষক - PANCHAYAT ELECTIONS 2025

পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ নিৰ্বাচন আয়োগ । পঞ্চায়ত নিৰ্বাচন মুক্ত আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰিব পৰাটোৱে নিৰ্বাচন আয়োগৰ মূল উদ্দেশ্য ।

PANCHAYAT ELECTIONS 2025
পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ নিৰ্বাচন আয়োগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 14, 2025 at 1:10 PM IST

3 Min Read

নগাঁও: ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন মুক্ত আৰু স্বচ্ছ কৰাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগ । স্বচ্ছ, নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেই ৰাজ্যিক নিৰ্বাচন আয়োগে জিলাই জিলাই নিয়োগ কৰিছে নিৰ্বাচনী পৰ্যবেক্ষক ।

সেই অনুসৰি নগাঁও নিৰ্বাচনী জিলাত ৩ গৰাকী, ৰহা সমজিলা আৰু কলিয়াবৰ সমজিলাৰ বাবে একোগৰাকীকৈ সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে ৰাজ্যিক নিৰ্বাচন আয়োগে । জিলাখনৰ বিভিন্ন জিলা পৰিষদীয় সমষ্টিৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে দায়িত্বপ্ৰাপ্ত আটাইকেইগৰাকী পৰ্যবেক্ষক ১১ এপ্ৰিলত জিলাখনত উপস্থিত হৈ নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰা স্থানসমূহৰ পৰ্যবেক্ষণ কৰাৰ লগতে ১২ এপ্ৰিলত মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা স্থানসমূহত উপস্থিত থাকি নিৰীক্ষণ কৰে ।

PANCHAYAT ELECTIONS 2025
পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ নিৰ্বাচন আয়োগ (ETV Bharat Assam)

জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ বাবে নিয়োজিত পাঁচগৰাকী সাধাৰণ পৰ্যবেক্ষকৰ ভিতৰত হেমন্ত ভূঞা উৰিয়াগাঁও, বাজিয়াগাঁও, ভকতগাঁও, আমলক্ষী চহৰীয়া, শিঙিমাৰী আৰু বঢ়মপুৰ জিলা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিয়োজিত হৈছে । একেদৰে সত্যজ্যোতি বৰুৱা বেচামাৰী, বালিসত্ৰ, জুৰীয়া, ফাকালী, গড়াজান, ভোটাই পাঠৰী আৰু কাছমাৰী জিলা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিয়োজিত হৈছে । ঋতুপৰ্ণা চক্ৰৱৰ্তী আলিটেঙণি দগাওঁ, লহকৰ, মেহেৰীপাৰ বৰঘুলি, যমুনামুখ, কঠীয়াতলী আৰু পুৰণিগুদাম জিলা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিয়োজিত হৈছে ।

আনহাতে, ৰহা সমজিলাৰ জিলা পৰিষদীয় সমষ্টি চাপৰমুখ, পাখিমৰিয়া, জামুগুৰি, ফুলগুৰি বাৰপুজীয়া আৰু মাধৱপাৰা বাবে নিৰ্বাচনী পৰ্যবেক্ষক অসম অসামৰিক সেৱাৰ বিষয়া গৌৰীশংকৰ দাস আৰু কলিয়াবৰ সমজিলাৰ জিলা পৰিষদীয় সমষ্টি আমবাগান, চতিয়াল, পূবথৰিয়া, দুৱাৰ বাগৰি আৰু দুবাৰ শালনাৰ বাবে অসম অসামৰিক সেৱাৰ বিষয়া প্ৰণতি মজুমদাৰক নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

শনিবাৰে বিয়লি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জিলাখনৰ বাবে নিয়োজিত পাঁচগৰাকী নির্বাচনী পৰ্যবেক্ষকে জিলাৰ সমাগত পঞ্চায়ত নির্বাচনৰ বাবে গঠন কৰি দিয়া প্ৰতিটো কোষৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ পৰা নির্বাচনী প্ৰস্তুতি আৰু কাম-কাজৰ বুজ লয় ।

ইয়াৰোপৰি পৰ্যবেক্ষককেইগৰাকীয়ে জিলাখনৰ আইন, শৃংখলা, সুৰক্ষা আদিৰ ক্ষেত্ৰত গ্ৰহণ কৰা যাৱতীয় ব্যৱস্থাসমূহৰ বিষয়ে জিলা আৰক্ষী অধীক্ষকৰ পৰা সবিশেষ বুজ লয় । নির্বাচনী পৰ্যবেক্ষক কেইগৰাকীয়ে জিলাখনত আগন্তুক পঞ্চায়ত নিৰ্বাচন যাতে নিকা, মুক্ত আৰু স্বচ্ছভাৱে অনুষ্ঠিত হয়, তাৰ বাবে সকলো কোষৰ বিষয়াক নিষ্ঠা সহকাৰে আৰু সু-শৃংখলিতভাৱে কাম কৰিবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে নিৰ্বাচন সংক্ৰান্তীয় কোনো ওজৰ-আপত্তি তথা অভিযোগ থাকিলে সাধাৰণ পৰ্যবেক্ষক হেমন্ত ভূঞা মোবাইল নং- ৮৮১১০-১৪৪২৫, সাধাৰণ পৰ্যবেক্ষক সত্যজ্যোতি বৰুৱা, মোবাইল নং- ৭০০২৭-১৭৮০১, সাধাৰণ পৰ্যবেক্ষক ঋতুপৰ্ণা চক্ৰৱৰ্তী মোবাইল নং- ৯৪৩৫০-১০৪৩৪, ৰহা সমজিলাৰ সাধাৰণ পৰ্যবেক্ষক গৌৰীশংকৰ দাস মোবাইল নং- ৯৬৭৮০-০২৭০৩, কলিয়াবৰ সমজিলাৰ সাধাৰণ পৰ্যবেক্ষক প্ৰণতি মজুমদাৰ মোবাইল নং- ৮০১১৩-২৩৩৫৯ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও নগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়াই প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ।

এই সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা অতিৰিক্ত আয়ুক্ত (নিৰ্বাচন) পংকজ নাগবংশী, নির্বাচনী বিষয়া শেখৰণ ফুকন, কলিয়াবৰ সমজিলাৰ সম আয়ুক্ত ৰাজ বৰুৱা, ৰহা সমজিলাৰ সম আয়ুক্ত ফিলিছ ভি এল এইছ হ্ৰংচাল, নিৰ্বাচনৰ বিভিন্ন কোষৰ দায়িত্বত থকা জিলাৰ অতিৰিক্ত আয়ুক্তসকল আৰু সহকাৰী আয়ুক্তসকল উপস্থিত থাকে ।

লগতে পঢ়ক: মন্ত্ৰী-বিধায়কৰ বাবে অগ্নিপৰীক্ষা পঞ্চায়ত নির্বাচন: গাঁৱে গাঁৱে প্ৰচাৰ অভিযান, বৈঠকৰ পাছত বৈঠক - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.