মুখ্যমন্ত্ৰীয়ে পৈশাচিক আনন্দ লৈছে, মই শেষ নিশ্বাস থকালৈকে যুঁজি যাম: ৰকিবুল হুছেইন
ৰাজপথত সাংসদক আক্ৰমণ, আৰক্ষী থানাত এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ । লোকসভাৰ অধ্যক্ষকো কৰিলে অৱগত । আক্ৰমণত গভাইত ডকাইত জড়িত থকাৰ অভিযোগ হুছেইনৰ ।

Published : February 21, 2025 at 7:53 PM IST
নগাঁও: বৃহস্পতিবাৰে নগাঁৱৰ ৰূপহীহাটৰ ৰাজপথত দিন দুপৰতে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক এটা দুৰ্বৃত্তৰ দলে কৰা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সাংসদ ৰকিবুল হুছেইনে ।
শুকুৰবাৰে পুত্ৰ তাঞ্জিল হুছেইন, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰসহ কেইবাগৰাকী কংগ্ৰেছ নেতাকৰ্মীক লগত লৈ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৰকিবুল হুছেইনে ।
আৰক্ষী থানাত এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰকিবুল হুছেইন । বৃহস্পতিবাৰে সংঘটিত হোৱা সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাত জেল ফিৰত কেইবাটাও দাগী অপৰাধী তথা ডকাইত জড়িত বুলি স্পষ্ট অভিযোগ উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভয় দেখুৱাই আগন্তুক নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰকিবুল হুছেইনে ।
সাংসদগৰাকীয়ে কয়,"এনে ঘটনাৰ জড়িয়তে মুখ্যমন্ত্ৰীয়ে পৈশাচিক আনন্দ লাভ কৰিছে । অপশাসনৰ ওৰ পৰাৰ উমান পায়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এবাৰ গৌৰৱ গগৈ, এবাৰ ৰকিবুল হুছেইনক লক্ষ্য কৰি লৈছে । মই তথা কংগ্ৰেছ দলে ভয় কৰাৰ বিপৰীতে শেষ নিশ্বাস থকালৈকে যুঁজি যাম ।"
আৰক্ষীৰ ৰেকৰ্ডত থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীক পুনৰ এবাৰ উগ্ৰপন্থী বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰী এগৰাকী ভয়াতুৰ লোক বুলিও অভিহিত কৰি ৰকিবুল হুছেইনৰ মন্তব্য,"মুখ্যমন্ত্ৰীয়ে এতিয়া অপৰাধীৰ সৈতে কথা পাতে । যাৰ প্ৰৰোচনাত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । মোৰ সৈতে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পাছতেই Whatsapp call যোগে কথা পাতিছিল ।"
আৰক্ষী অধীক্ষকে ৰকিবুল হুছেইনৰ ফোন ব্লক কৰি থোৱা বুলিও অভিযোগ উত্থাপন কৰি ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীকো জগৰীয়া কৰা ৰকিবুল হুছেইনে ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে । কেৱল এয়াই নহয় গৃহ বিভাগৰ দায়িত্বৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰো পদত্যাগ দাবী কৰে ৰকিবুল হুছেইনে । ঘটনা সন্দৰ্ভত ২২ জনকৈ লোকক অভিযুক্ত কৰি নগাঁও সদৰ আৰক্ষী থানাত শুকুৰবাৰে এজাহাৰ দাখিল কৰে ৰকিবুল হুছেইনে ।

