ETV Bharat / politics

ছৈয়দা হামিদৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ জিলাই জিলাই এজাহাৰ দাখিল

অসম বিদ্বেষী মন্তব্য কৰা দিল্লীৱালা নেত্ৰী ছৈয়দা হামিদক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে ৰাজ্যৰ ১৬ খন জিলাত এজাহাৰ দাখিল অসম জাতীয় পৰিষদৰ ।

FIR FILED AGAINST SYEDA HAMEED
ছৈয়দা হামিদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 30, 2025 at 12:03 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম বিৰোধী মন্তব্য কৰা পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছৈয়দা হামিদৰ বিৰুদ্ধে শুকুৰবাৰে অসম জাতীয় পৰিষদে ৰাজ্যজুৰি ১৬ খন এজাহাৰ দাখিল কৰে । অসম জাতীয় পৰিষদৰ অভিযোগ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 'প্ৰপাগণ্ডা মেচিন' ৰ শ্ৰুতলিপি অনুসৰি দিল্লীৱালা নেত্ৰী ছৈয়দা হামিদে অসম বিদ্বেষী মন্তব্য কৰিছে ।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰি অসম জাতীয় পৰিষদৰ নেতাসকলে ছৈয়দা হামিদক গ্ৰেপ্তাৰ কৰি ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ দাবী জনায় ।

উল্লেখ্য যে পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছৈয়দা হামিদে ২৪ আগষ্টত গুৱাহাটীত নাগৰিক সমাজৰ এখন সভাত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত 'অসমত বাংলাদেশী থাকিলে কি অসুবিধা' বুলি প্ৰশ্ন কৰি অবৈধ নাগৰিকৰ হৈ ওকালতি কৰিছিল । ইয়াৰ পিছদিনা দিল্লীত 'অসম এখন ভয়ংকৰ ঠাই' হৈ পৰা আৰু 'অসমীয়া জাতিয়ে ফ্ৰাংকেষ্টাইন' ৰ ভূমিকা গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰিছিল ।

অসম জাতীয় পৰিষদে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মালিকানাধীন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী সাংবাদিকৰ 'অতি ঘনিষ্ঠ' ছৈয়দা হামিদক মুখ্যমন্ত্ৰী শৰ্মাইহে তেনেদৰে বক্তব্য দি অসমত সাম্প্ৰদায়িক পৰিৱেশ ৰচিবলৈ শ্ৰুতলিপি দিছিল । নেত্ৰীগৰাকীৰ উক্ত বক্তব্যই অসমীয়া জাতিক অপমান কৰা আৰু তেওঁৰ বক্তব্যই অসমত গোষ্ঠীগত বিভেদৰ সৃষ্টি কৰিব বুলি আশংকা কৰি আজি অসম জাতীয় পৰিষদে তেওঁৰ বিৰুদ্ধে জিলাই জিলাই বিভিন্ন থানাত এজাহাৰ দাখিল কৰে ।

কামৰূপ মহানগৰ জিলা সমিতিয়ে গুৱাহাটীৰ দিছপুৰ থানাত আৰু বাকী জিলা সমিতিসমূহে সংশ্লিষ্ট জিলাৰ থানাসমূহত এজাহাৰ দাখিল কৰে । কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেও, যোৰহাট, নগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, বজালী, বৰপেটা, নলবাৰী আৰু কৰিমগঞ্জ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰে । ৰাজ্যজুৰি ১৬ খন এজাহাৰ দাখিল কৰা হয় ।

এজাহাৰত নেত্ৰীগৰাকীৰ বিৰুদ্ধে অসমবাসীৰ জাতীয় অনুভূতিত আঘাত কৰা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টিৰ প্ৰয়াস চলোৱাৰ অভিযোগ উত্থাপন কৰা হয়। সেই মৰ্মে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায়িক সংহিতাৰ ১৯৫, ৩৫৩ আৰু ৩৫৬ ধাৰাৰ লগতে অন্য প্ৰয়োজনীয় ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ দাবী কৰে অসম জাতীয় পৰিষদে ।

এই সন্দৰ্ভত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "আমি ইতিপূৰ্বে সংবাদমেলযোগে ছৈয়দা হামিদক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী কৰিছিলো । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ নকৰো বুলি কৈছে । ইয়াৰ পৰাই স্পষ্ট হৈ পৰি যে ছৈয়দা হামিদ কাৰ মানুহ আৰু কাৰ শ্ৰুতলিপিত তেওঁ উক্ত কাম কৰিছে । এইবাৰ আমি এজাহাৰ দাখিল কৰিলো । এইবাৰো যদি গ্ৰেপ্তাৰ নকৰে বা ছৈয়দা হামিদক সাৰি যাবলৈ দিয়ে, তেনেহ'লে প্ৰমাণ হৈ যাব যে ছৈয়দা হামিদৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিতৰুৱা বুজাবুজি আছে ।"

লগতে পঢ়ক: ছৈয়দা হামিদৰ মন্তব্যই ৰাজ্য কঁপাইছে: মুখ্যমন্ত্ৰীৰ পৰা আছুলৈকে সকলো ক্ষুব্ধ - SYEDA HAMEED CONTROVERSIAL COMMENT