নগাঁও: বিধায়িকা শিৱামণি বৰাসহ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰা ঘটনাই লৈছে নতুন মোৰ । দেওবাৰে প্ৰদ্যুৎ বৰদলৈয়ে এই ঘটনাৰ আঁৰত বিজেপিৰ হাত থকা বুলি আওপকীয়াকৈ অভিযোগ উত্থাপন কৰিছিল । কিন্তু এদিন নৌহওতেই ঘটনাই অন্য়ফালে গতি কৰিলে ।
দেওবাৰে সন্ধিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা সময়তেই ধিং সমষ্টিৰ ওপৰ ডুমডুমীয়া নতুন বজাৰত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাসহ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত এটা দুৰ্বৃত্তৰ দলে কৰা ভয়ংকৰ আক্ৰমণৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তেই উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াই । এই ঘটনাটোক লৈ তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষীও ।
অসম আৰক্ষীৰ আই জি পি উপস্থিত হৈ সোমবাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি সাংসদ আক্ৰমণত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰিবলৈ সক্ষম হয় । নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক লগত লৈ আই জি পি অখিলেশ কুমাৰ সিঙে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । ঘটনা সংঘটিত হোৱাৰ লগে লগে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমীয়া আৰক্ষী চকীৰ আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল সাংসদগৰাকীয়ে ।
সোমবাৰে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণৰ ঘটনাত বহিষ্কৃত কংগ্ৰেছ নেতা জড়িত থকা বুলি উল্লেখ কৰে নগাঁও আৰক্ষীয়ে । লাহৰীঘাট সমষ্টিৰ ভূৰাগাঁৱৰ ইমদাদুল ইছলাম নামৰ বহিষ্কৃত কংগ্ৰেছ নেতাৰ নেতৃত্বতেই দেওবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰাৰ তথ্য নগাঁও আৰক্ষীয়ে লাভ কৰা বুলি সংবাদ মাধ্যমক সদৰী কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।

ইমদাদুল ইছলামৰ লগত জড়িত থকা আন অভিযুক্তৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আমি নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছো । তদন্ত কৰি কিছু তথ্য় পাইছো । এজন লোকক আমি চিনাক্ত কৰিছো আৰু তেওঁ হৈছে কংগ্ৰেছৰ বহিস্কৃত ইমদাদুল ইছলাম । তেওঁৰ ঘৰ ভূৰাগাঁৱত । তেওঁৰ লগত আন কেইজনমান জড়িত আছে ।"

দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীত এৰি যোৱা ক্লুৰ ভিত্তিত নগাঁও আৰক্ষীয়ে দুৰ্বৃত্তক চিনাক্ত কৰিবলৈ সক্ষম হোৱা বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । ঘটনাক ৰাজনৈতিক নহয়, অপৰাধৰ ঘটনা হিচাপে লৈ তদন্ত আৰম্ভ কৰা বুলিও উল্লেখ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে । ইপিনে, এই ঘটনাত জড়িত কোনো এগৰাকী দোষী সাৰি যাব নোৱাৰে বুলি মন্তব্য কৰি অসম আৰক্ষীৰ আই জি পি অখিলেশ কুমাৰ সিঙে কয়, "ঘটনাস্থলী পৰিদৰ্শন কৰিলো । এই ঘটনাত মৰিগাঁও আৰু নগাঁৱৰ কেইজনমান অভিযুক্ত জড়িত হৈ আছে । ইতিমধ্য়ে চিনাক্ত কৰা হৈছে ।"
উল্লেখ্য় যে দেওবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়িকা শিৱামণি বৰাৰ বাহনত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাত বিজেপিৰ হাত থকাৰ অভিযোগ উত্থাপন কৰিছিল শিৱামণি বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । কিন্তু আৰক্ষীৰ তদন্তত বহিস্কৃত কংগ্ৰেছ নেতাৰ নেতৃত্বতহে আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ তথ্যহে পোহৰলৈ আহিছে ।