ৰণৰ বাবে সাজু বিজেপি, ভেটি মজবুত কৰিবলৈ ডিব্ৰুগড়ত কাৰ্যনিৰ্বাহক
বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ লগতে অনুষ্ঠিত হ’ব ক'ৰ কমিটীৰ বৈঠক । মুখ্যমন্ত্ৰীৰ উপস্থিতত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনক লৈও হ’ব আলোচনা ।

Published : October 9, 2025 at 4:40 PM IST
ডিব্ৰুগড়: বি টি এ ডি নিৰ্বাচনৰ ফলাফলৰ পাছতে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে বিজেপি দল । দলৰ মণ্ডল পৰ্যায়লৈকে সাংগঠনিক কাম-কাজৰ বুজ লোৱাৰ চেষ্টা কৰিছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই । ইয়াৰ মাজতে বৃহস্পতিবাৰে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভা । ডিব্ৰুগড় আৰক্ষী ছাউনীৰ বহুমুখী উপযোগিতা ভৱনত অনুষ্ঠিত কৰা হৈছে এই সভা ।
বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ লগতে অনুষ্ঠিত হ’ব ক’ৰ কমিটীৰ বৈঠক । এই সভাতেই আগন্তুক সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা কৰিব এই সভাত । এই সভাত ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, গোলাঘাট, যোৰহাট, মাজুলী, ঢকুৱাখানা, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সাংগঠনিক কাম-কাজৰ লগতে ৰণনীতি প্ৰস্তুত কৰাক লৈ অনুষ্ঠিত হ'ব আলোচনা । ইয়াৰ পাছতে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব । নিশা অনুষ্ঠিত হ'ব ক'ৰ কমিটীৰ বৈঠক ।
আনহাতে ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু । ৰাজ্যিক নেতৃত্বৰ পৰা জানিব পৰা মতে এই চাৰিখন গুৰুত্বপূৰ্ণ সভাত আগন্তক চাৰিমাহত বিজেপিয়ে কৰিবলগীয়া কাম-কাজ সন্দৰ্ভত আলোচনা কৰা হ'ব । বিশেষকৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ৰণনীতি তথা পৰিকল্পনাক লৈ আলোচনাত মিলিত হ'ব বৈঠকত । ইতিমধ্যে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহি উপস্থিত হৈছে ডিব্রুগড়ত ।

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ হ'ব আলোচনা:
এই অনুষ্ঠানত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়,"সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচন হ'ব গতিকে এই নিৰ্বাচন সম্পৰ্কে আলোচনা হ'ব । আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আলোচনা হ'ব । বিধানসভা নিৰ্বাচনৰ বাবে কিছু নীতি-নিয়ম আৰু কৌশলৰ কথা আলোচনা কৰা হ'ব । সামগ্ৰিকভাৱে ৰাইজৰ বাবে চৰকাৰেখনে কাম কৰি আছে আৰু কেনেকৈ উত্তৰণৰ বাবে কাম কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰা হ'ব । সংগঠনৰ বিভিন্ন বিষয় বুথৰ পৰা মণ্ডল, জিলা আদি কেনেকৈ শক্তিশালী কৰিম সেই বিষয়ে আলোচনা কৰা হ'ব । আনহাতে ইউ পি পি এলৰ সৈতে চলি থকা মিত্ৰতা সম্পৰ্কে কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰা হ'ব বুলি কয় ৰাজ্যিক সভাপতিগৰাকীয়ে ।"

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত জয় লাভ কৰিব বিজেপি:
অসম প্ৰদেশ বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অংশ কৰিবলৈ অহা মন্ত্ৰী যোগেন মহনে কয়, "ভাৰতীয় জনতা পাৰ্টীৰ এই সভা অতি গুৰুত্বপূৰ্ণ হ'ব । আজিৰ সভাখনত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ বিষয়টোৱে মূল স্থান পাব । এই সভাৰ পাছত প্ৰতিজন কৰ্ম-কৰ্তাই নিজৰ স্থানত সাংগঠনিক কাম-কাজ কৰাত জোৰ পাব । আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেঁটি শক্তিশালী । সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত আমি জয়লাভ কৰিবলৈ সক্ষম হয় ।"

