ETV Bharat / politics

সঁচাকৈয়ে বিজেপিত যোগ দিব নেকি ভূপেন বৰাই ? বেংগালুৰুৰ পৰা আহিয়েই মুখ খুলিলে

যোৱা সময়ছোৱাত অসমৰ ৰাইজক যিবিলাক কথা ক’লো সেইবোৰ কথা আকৌ ওভতাকৈ কোৱাৰ মোৰ বয়স আৰু সময় আছে জানো ? ওলোটাই সুধিলে বৰাই ৷

WILL BHUPEN BORAH JOIN IN BJP
বিজেপিমুখী ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 8:00 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: বিজেপিত যোগ দিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰাই ! প্ৰদেশ কংগ্ৰেছৰ সদ্যপ্ৰাক্তন সভাপতি তথা নিৰ্বাচন পৰিচালনা কমিটীৰ অধ্যক্ষ ভূপেন বৰাই কেতিয়া যোগ দিব বিজেপিত ? কি কয় ভূপেন বৰাই ?

গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ পিছত যোৱা এসপ্তাহ ধৰি ৰাজ্যজুৰি এক ব্যাপক ৰাজনৈতিক চৰ্চাৰ বিষয় হ’ল যে বিজেপিত শীঘ্ৰেই যোগদানৰ বাবে প্ৰস্তুতি চলাইছে ভূপেন বৰাই । আনহাতে এই বিষয়ত কোনো মন্তব্য কৰা নাছিল ভূপেন বৰাই । পুত্ৰৰ শিক্ষাজনিত কাৰণত বেংগালুৰুত সপৰিয়ালে ব্যস্ত আছিল তেওঁ। মঙলবাৰে গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈয়েই এই বিষয়ে মুখ খুলিছে ভূপেন বৰাই ৷

বিজেপিত যোগদান সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য় (ETV Bharat Assam)

মোৰ যুঁজ অব্যাহত থাকিব :

বিজেপিত ভূপেন বৰাই যোগদান কৰিব বুলি ওলোৱা বাতৰিটো কিমান সঁচা ? সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই প্ৰথমেই এই যুঁজ অব্যাহত থাকিব বুলি মন্তব্য কৰি কয়, “অসমৰ ৰাইজৰ মোৰ প্ৰতি যিটো বিশ্বাস আৰু আস্থা, মৰম আৰু আশীৰ্বাদ যাতে কেতিয়াও নকমে তাৰ বাবে মই সৰ্বোপ্ৰকাৰে চেষ্টা কৰিম ৷ বিগত সময়ছোৱাত মই ৰাইজৰ পক্ষত থাকি বিৰোধীৰ সত্বা এটাক প্ৰতিনিধিত্ব কৰি আহিছো । মই বিৰোধীসকলক একত্ৰিত কৰিবৰ বাবে চেষ্টা কৰি আহিছো । চৰকাৰখনৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজাৰ সুযোগ পাইছিলো । দলে মোক যুঁজিবৰ বাবে যি সুযোগ দিছে সেয়া অব্যাহত থাকিব ।”

বিজেপি গমনৰ চৰ্চাক নস্যাৎ :

যোৱা সময়ছোৱাত অসমৰ ৰাইজক যিবিলাক কথা ক’লো সেইবোৰ কথা আকৌ ওভতাকৈ কোৱাৰ মোৰ বয়স আৰু সময় আছে জানো বুলি লগতে সাংবাদিকক প্ৰশ্ন কৰি বিজেপি গমনৰ চৰ্চাক নস্যাৎ কৰিলে ভূপেন বৰাই । ভূপেন বৰাই এই বিষয়ে ক’লে, "অসমৰ ৰাজনীতিত মোৰ ৪০ বছৰ পাৰ হ’ল । মহাবিদ্যালয় জীৱনৰ পৰা মই ৰাজনীতি কৰিছো । যোৱা সময়ছোৱাত অসমৰ ৰাইজক যিবিলাক কথা ক’লো সেইবোৰ কথা আকৌ ওভতাকৈ কোৱাৰ মোৰ বয়স আৰু সময় আছে জানো ?” ভূপেন বৰাই নিজৰ ৰাজনীতিক মূল্যবোধৰ ৰাজনীতি আখ্যা দি কয়, “মোৰ যিটো ৰাজনীতি সেইটো জয়-পৰাজয় বা সাফল্যৰ ৰাজনীতি নহয় । মোৰ ৰাজনীতি মূল্যবোধৰ ৰাজনীতি আৰু উৎসৰ্গাৰ মনোভাৱেৰে ৰাইজৰ বাবে কৰা ৰাজনীতি ।"

লগতে পঢ়ক:উদুলি-মুদুলি ৰাজীৱ ভৱন: ভূপেন বৰাক প্ৰশংসাৰে উপচাই সভাপতিৰ চকীত বহিল গৌৰৱ গগৈ - GAURAV GOGOI TAKE CHARGE

সদন আৰু সাংবিধানিক পদবীৰ গাম্ভীৰ্যটো কিছুমানে বুজি পোৱা নাই: গৌৰৱ গগৈ - APCC PRESIDENT GAURAV GOGOI