জোৰদাৰ প্ৰচাৰ প্ৰদ্যুৎ বৰদলৈৰ : মৈৰাবাৰীত সমূহীয়া নামাজত অংশগ্ৰহণ - Lok Sabha ELECTION 2024
মৈৰাবাৰীত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰাইজৰ সৈতে একেলগে আদায় কৰে পবিত্ৰ ঈদ উল ফিটৰৰ নামাজ ৷ কংগ্ৰেছ দলে অসমৰ দুটাকৈ নিউজ চেনেল বৰ্জন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷

Published : April 11, 2024 at 6:04 PM IST
নগাঁও/মৰিগাঁও, 11 এপ্ৰিল : নগাঁও লোকসভা সমষ্টি পুনৰ দখল কৰিবলৈ জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷ সমষ্টিটোৰ বিভিন্ন অঞ্চলত ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷ আজি পবিত্ৰ ঈদৰ দিনা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত থাকি নামাজ আদায় কৰা পৰিলক্ষিত হ’ল প্ৰদ্যুৎ বৰদলৈক ৷ সকলোৰে সৈতে নামাজ আদায় কৰাৰ পিচত উপস্থিত সকলোকে ঈদ উল ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰে বৰদলৈয়ে ৷
বৃহস্পতিবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰীত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰাইজৰ সৈতে একেলগে আদায় কৰে পবিত্ৰ ঈদ উল ফিটৰৰ নামাজ ৷ ঈদৰ দিনা মৈৰাবাৰী শ্বাহী ইদগাহ ময়দানত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নামাজত অংশগ্ৰহণ কৰে ৷
মৈৰাবাৰী শ্বাহী ইদগাহ ময়দানত পুৱা 9 বজাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈ সকলোৰে সৈতে আদায় কৰে নামাজ ৷ ঈদৰ নামাজৰ অন্তত প্ৰাক্তন জিলা পৰিষদৰ সদস্য স্বামিম হাছানৰ বাসগৃহত উপস্থিত হৈ ৰাইজৰ দলৰ মুখপাত্ৰ তথা যুৱ নেতা মেহেবুব মুক্তাৰ, ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি ফাইজুৰ ৰহমান আৰু মৈৰাবাৰীৰ জ্য়েষ্ঠ কংগ্ৰেছ নেতাসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে প্ৰাৰ্থীজনে ৷
ইফালে কংগ্ৰেছ দলে অসমৰ দুটাকৈ নিউজ চেনেল বৰ্জন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷ তেওঁ কয় যে, যি নিউজ চেনেল দেখদেখকৈ পক্ষপাতদুষ্ট হয়, যি নিউজ চেনেলে কংগ্ৰেছক হেয় প্ৰতিপন্ন কৰিবলৈ বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ কৰে তাক বৰ্জন কৰা হৈছে ৷ তেওঁলোকে ধনাত্মক নিউজো ঋণাত্মক কৰি প্ৰচাৰ কৰে বুলি মন্তব্য় কৰে তেওঁ ৷
লগতে পঢ়ক : কলিয়াবৰত কংগ্ৰেছৰ বেলি মাৰ গ’ল: কলিতা-মহন্তই এজাউৰি দিলে কংগ্ৰেছক - Lok Sabha Election 2024

