১৯ জুনত ৰাজ্যসভাৰ নিৰ্বাচন, কোন কোন আছে এই দৌৰত, জানো আহক...
জুনত ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচন ৷ কোন কোন আছে ৰাজ্যসভাৰ দৌৰত, তৎপৰ বাজপেয়ী ভৱন আৰু আমবাৰী ৷

Published : May 27, 2025 at 5:04 PM IST
গুৱাহাটী : ৰাজ্যসভাৰ অসমৰ দুখন আসন জুন মাহত খালী হ'ব । অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ সাংসদ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল ১৪ জুনত সমাপ্ত হ'ব । খালী হ'বলগীয়া এই দুখন আসনৰ বাবে ১৯ জুনত অনুষ্ঠিত হ'ব নির্বাচন । মিছনৰঞ্জন দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ বিপৰীতে খালী হ'ব হোৱা আসনত হ’ব নির্বাচন ।
ইতিমধ্যে নির্বাচন আয়োগে জাৰি কৰা বিবৃতি অনুসৰি, ২ জুনত ৰাজ্যসভাৰ নিৰ্বাচনৰ আধ্যাদেশ জাৰি কৰা হ'ব । ৯ জুন হ’ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । দহ জুনত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন । ১৯ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন ।

ৰাজ্যসভাত খালী হ'বলগীয়া অসমৰ দুয়োখন আসনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা । ৰাজ্যসভাৰ উক্ত আসন দুখনক লৈ ৰাজনৈতিক মহলত ব্যাপক গুণা-গঁথা আৰম্ভ হৈছে । দুয়োটা দলৰ নেতাসকল ব্যস্ত হৈ পৰিছে ৰাজনৈতিক যোগ-বিয়োগ কৰাত ।
লক্ষণীয় বিষয় যে বিৰোধী দলৰ হাতত ৰাজ্যসভাৰ আসন লাভ কৰিব পৰাকৈ সংখ্যা নাই । যাৰ বাবে বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাটো প্ৰায় নিশ্চিত । সেয়েহে দুয়োখন আসন বিজেপি মিত্রজোঁটে লাভ কৰাটো নিশ্চিত । বৰ্তমান প্রার্থিত্ব কোনে পাব তাক লৈ বিজেপি মিত্রদলত জল্পনা-কল্পনা আৰম্ভ হৈছে ।
- বিজেপিয়ে মিত্রদল অগপক এৰি দিব পূৰ্বৰ আসন :
অগপৰ হাতত থকা ৰাজ্যসভাৰ আসনখন বিজেপিয়ে মিত্ৰদলটোক এইবাৰো এৰি দি মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব । বিজেপিৰ শীৰ্ষ নেতৃত্বই ইতিমধ্যে অগপক এই কথা অৱগত কৰিছে । এই কথা সদৰী কৰিছে অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই । যাৰ বাবে অগপই কাক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব তাক লৈ এতিয়া ব্যাপক চর্চা আৰম্ভ হৈছে ।
ইতিমধ্যে দুবাৰকৈ ৰাজ্যসভাত অগপক প্রতিনিধিত্ব কৰা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তৃতীয়বাৰৰ বাবে ৰাজ্যসভালৈ যোৱাৰ বাবে মন মেলিছে যদিও আঞ্চলিক দলটোৰ আন কেইবাজনো নেতা ৰাজ্যসভালৈ যোৱাৰ বাবে সাজু হৈছে । চৰ্চালৈ আহিছে কেইবাজনৰ নাম ।
- অগপত চৰ্চাত আছে কেইবাজনো নেতা :
কোন হ'ব অগপৰ ৰাজ্যসভাৰ সদস্য, তাকলৈ এতিয়া আমবাৰীত অগপৰ মুখ্য কাৰ্যালয়ত চলিছে ব্যাপক চৰ্চা । বৰ্তমানৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পোনাকণ বৰুৱাৰ নামো ৰাজ্যসভাৰ প্রার্থিত্বৰ দৌৰত আছে ।
উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰ্তমানৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই সমষ্টি হেৰুৱাইছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পশ্চিম গুৱাহাটী সমষ্টিটো বিলুপ্ত হোৱাৰ লগতে ইয়াৰ সীমাৰো ব্যাপক সালসলনি হ'ল ।

পশ্চিম গুৱাহাটী সমষ্টিৰ ঠাইত চেণ্টেল গুৱাহাটী নামেৰে নতুন সমষ্টি কৰা হ'ল । ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা মতামত জানিব বিচাৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰে যোগাযোগ কৰা হৈছিল । যোগাযোগ কৰাত তেওঁ কয়, "মই আগতেই কৈছো যে ২০২৬ৰ বাবে আমাৰ দল সম্পূৰ্ণৰূপে সাজু হৈ আছে । ২০২৬ত মই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলিম । নিৰ্বাচন নেখেলাৰ প্ৰশ্নই নাই । যিহেতু মই বহুবাৰ বিধায়ক হ'লো ৷ গতিকে অনাগত দিনত সংসদীয় ৰাজনীতিলৈ যোৱাৰ কথা চিন্তা কৰিম ।’’

‘‘সংসদীয় ৰাজনীতিলৈ যোৱাৰ ইচ্ছা নিশ্চয় থাকিব । কাৰণ বিধানসভাত মই ৩০টা বছৰ বিধায়ক হৈ আছো । ৰাজ্যসভাৰ প্ৰসংগটো আলোচনা হোৱা নাই । চৰ্চাত আছে যদিও দলে বিচাৰিলে সিদ্ধান্ত ল'ম । আমি আশাতেই জীয়াই আছো । বিধানসভাত মোৰ ৩০ বছৰৰ অভিজ্ঞতা হ'ল । মই ২০২৯ৰ কথা চিন্তা কৰিছিলো যদিও চাও কি হয় ।" ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় ৷
ইফালে পোনাকণ বৰুৱাই প্ৰতিনিধিত্ব কৰা চাবুৱা সমষ্টি লাহোৱালৰ সৈতে সংযুক্ত হৈছে । সেয়েহে দুয়োগৰাকী অগপৰ বিধায়কে নতুন সমষ্টিত নির্বাচন খেলাৰ পৰিৱৰ্তে ৰাজ্যসভাৰ সাংসদ হোৱাৰ বাবে মন মেলিছে । আনহাতে অগপৰ এইবাৰ একাধিক নতুন মুখে ৰাজ্যসভালৈ যাবৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ।
দলৰ ভিতৰ চ'ৰাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিক ৰাজ্যসভালৈ প্ৰেৰণৰো দাবী উত্থাপন হৈছে । যুৱ-প্ৰজন্মৰ ভিতৰত নুৰুল চুলতান, মনোজ শইকীয়া, সুনীল ৰাজকোঁৱৰ, জয়ন্ত খাউণ্ডৰ নাম চৰ্চালৈ আহিছে । দেৰগাঁৱৰ নুৰুল চুলতান সম্প্ৰতি অগপৰ কেন্দ্ৰীয় কমিটীৰ উপ-সভাপতি আৰু মুখপাত্ৰৰ দায়িত্বত আছে ।
ইফালে চৰ্চাত থকা অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই নিজৰ প্ৰতিক্ৰিয়াত কয়, "আমি মিত্রতাত আছো আৰু নিশ্চিতভাৱে এখন আসনত আমাৰ প্ৰাৰ্থী থাকিব । মুখ্যমন্ত্রীয়ে মিত্রতাৰ সময়ত এই কথাখিনি অৱগত কৰিছিল । মোৰ নামটো চৰ্চাত থকাটো হয় আৰু আলোচনা হৈছে ।’’
‘‘বিগত ২৭ বছৰে মই একনিষ্ঠভাৱে এগৰাকী আঞ্চলিকতাবাদী কৰ্মী হিচাপে অগপ দলৰ হৈ কাম কৰি আহিছো । দলৰ ভাল-বেয়া, দুখ-সুখ সকলো সন্মুখৰ পৰাই দেখিছো । এটা সময়ত দলৰ কাৰ্যালয়ত ৰক্ষীয়া হিচাপে থাকিও দলৰ প্ৰতি সেৱা আগবঢ়াইছো । বৰ্তমান মোৰ নামটো চৰ্চাত আহিছে । গতিকে সকলোৰে সহযোগ পালে মই নিশ্চয় আবেদন কৰিম ।দলৰ নেতৃত্বই যিধৰণে দায়িত্ব দিব সেইধৰণে মই পালন কৰিম ।" মনোজ শইকীয়াই কয় ৷
ইফালে জ্যেষ্ঠসকলৰ ভিতৰত ৰাজ্যসভালৈ যোৱাৰ বাবে চৰ্চাত আছে কুমাৰ দীপক দাস, ডাঃ কমলাকান্ত কলিতা, হিৰণ্য কোঁৱৰ, সত্যব্ৰত কলিতা, প্রদীপ হাজৰিকা, প্রবীণ হাজৰিকা, ভূপেন ৰায়, উৎপল দত্ত আদি নেতাৰ নাম । অগপ নেতৃত্বই এইক্ষেত্ৰত কি সিদ্ধান্ত লয় সেয়া শীঘ্ৰেই জানিব পৰা যাব । অৱশ্যে অগপৰ নেতৃত্বই প্রার্থী বাছনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সৈতেও আলোচনাত মিলিত হ'ব ।
- বিজেপিত ৰাজ্যসভাৰ আসনকলৈ কি চৰ্চা চলিছে :
ইফালে বৰাকৰ বিজেপি নেতা মিছন ৰঞ্জন দাসৰ আসনখনকলৈও গেৰুৱা শিবিৰত চলিছে বিভিন্ন জল্পনা-কল্পনা । ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্রই জনোৱা মতে, ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মিছন ৰঞ্জন দাসক ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰাই অনা হ'ব পাৰে । যদিহে মিছন ৰঞ্জন দাসক দিল্লীৰ পৰা ঘূৰাই অনা হয়, তেনেহ'লে তেওঁৰ আসনখনত বৰাকৰ আন এজন নেতা ডাঃ ৰাজদ্বীপ ৰায়ক প্রার্থিত্ব প্ৰদান কৰা হ'ব পাৰে ।

পূৰ্বৰ শিলচৰ সমষ্টিৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰায়ক যোৱাটো লোকসভাৰ নিৰ্বাচনত প্রার্থিত্ব প্ৰদান কৰা হোৱা নাছিল । শিলচৰ সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাৰ বাবেই তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল । এনে পৰিস্থিতিত ডাঃ ৰাজদ্বীপ ৰায়ৰ নামটো বিশেষভাৱে চৰ্চালৈ আহিছে ।
অৱশ্যে বৰ্তমানৰ সাংসদ মিছন ৰঞ্জন দাসে যদিহে ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিব নিবিচাৰে আৰু দলৰ শীৰ্ষ নেতৃত্বয়ো যদি তেওঁক বিচাৰে তেন্তে দ্বিতীয়বাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হ'ব পাৰে মিছন ৰঞ্জন দাস ।

উল্লেখ্য যে, মিছন ৰঞ্জন দাসে বিগত বৰ্ষৰ ২০ আগষ্টতহে ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল । লোকসভালৈ নির্বাচিত হোৱা কামাখ্যা প্ৰসাদ তাছাৰ স্থানত মিছন ৰঞ্জন দাসক দলীয় প্রার্থী হিচাপে মনোনীত কৰা হৈছিল । ১০ মাহতকৈ কম সময় কাৰ্যনিৰ্বাহ কৰা মিছন ৰঞ্জন দাসে পুনৰবাৰ ৰাজ্যসভাৰ মনোনয়ন লাভ কৰিব পাৰে ।
এই সন্দৰ্ভত তেওঁৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, "মই দলৰ ঊৰ্দ্ধত নহয় । দলে মোক যি দায়িত্ব দিব মই তাকে নিষ্ঠা সহকাৰে পালন কৰিম । গতিকে দলে মোক যি দায়িত্ব দিব সেয়া মোৰ বাবে সৰ্বোপৰি । ইয়াত মোৰ ইচ্ছা-অনিচ্ছাৰ কথা নাই ।"
সেইদৰে ডাঃ ৰাজদ্বীপ ৰায়ে নিজৰ প্ৰতিক্ৰিয়াত কয়, "কি চৰ্চা হৈছে মই ইমান ভালৰে নাজানো । মই দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা । দলে মোক যি দায়িত্ব দিব তাক মই পালন কৰাৰ চেষ্টা কৰিম । ইয়াত নিজৰ স্বাৰ্থৰ কথা নাই । দলৰ স্বাৰ্থত আমি কাম কৰিম । দল যি সিদ্ধান্ত ল'ব সেয়া ভালৰ বাবেই ল'ব ।"
ইফালে বিজেপিৰ হাতত থকা আসনখনত বিজেপিৰ পুৰণি নেতাক প্ৰক্ষেপ কৰাৰ গুণাগঁথাও চলিছে । দলটোৰ মাজত ন-পুৰণিৰ সংঘাট দূৰীকৰণৰ লক্ষ্যৰে এনেধৰণৰ চিন্তাচৰ্চা কৰা হৈছে । সেই দৃষ্টিকোণৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ নামটো বিশেষভাৱে চৰ্চালৈ আহিছে । সেইদৰে বাজপেয়ী ভৱনত বিজেপিৰ জ্যেষ্ঠ নেতা শান্তনু ভৰালীৰ নামো চৰ্চা হৈছে ।
- মহিলা প্ৰাৰ্থী দিয়াৰ বাবেও চলিছে চৰ্চা :
লক্ষণীয় বিষয় যে ৰাজ্যখনত অসমৰ পৰা ৰাজ্যসভাৰ এগৰাকীও মহিলা সাংসদ নাই । সাতখন আসনৰ সাতোখনতে আছে পুৰুষ প্ৰতিনিধি । সেয়েহে ৰাজ্যিক বিজেপিৰ একাংশ নেতাই এইবাৰ ৰাজ্যসভালৈ এগৰাকী মহিলা প্রার্থী প্ৰেৰণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে । বিশেষকৈ বাজপেয়ী ভৱনত ইয়াকলৈ বিশেষভাৱে চৰ্চা চলিছে । অৱশ্যে চৰ্চা চলিলেও গেৰুৱা দলটোৱে শেষত কাক প্রার্থিত্ব প্ৰদান কৰে, সেয়া সময়তহে জানিব পৰা যাব ।
- সাংসদ দুয়োগৰাকীৰ কাৰ্যকাল :
২০১৯ চনত ৰাজ্যসভালৈ নির্বাচিত হোৱা অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ কাৰ্যকাল সমাপ্ত হ'ব ১৪ জুনত । একেদৰে কামাখ্যা প্ৰসাদ তাছাৰ স্থানত উপ-নিৰ্বাচনৰ জৰিয়তে ৰাজ্যসভালৈ ২০২৪ চনৰ ২৮ আগষ্টত নিৰ্বাচিত হোৱা মিছন ৰঞ্জন দাসৰ কার্যকাল সমাপ্ত হ'ব চলিত বৰ্ষৰে ১৪ জুনত ।
এনে পৰিস্থিতিত খালী হ'বলগীয়া এই দুয়োখন আসনৰ নিৰ্বাচনৰ বাবে ২ জুনত আধ্যাদেশ জাৰি কৰা হ'ব । ৯ জুন হ’ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । দহ জুনত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন । ১৯ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু ঘোষণা কৰা হ'ব ফলাফল ।
- ৰাজ্যসভাত আছে অসমৰ সাতখন আসন :
ৰাজ্যসভা হ’ল ভাৰতীয় সংসদৰ উচ্চ সদন । সংবিধানৰ ৮০ নং অনুচ্ছেদত ৰাজ্যসভাৰ গঠন প্ৰণালীৰ বিষয়ে উল্লেখ আছে । ৰাজ্যসভাৰ সর্বোচ্চ সদস্যৰ সংখ্যা ২৫০ জন সংবিধানে নিৰ্ধাৰণ কৰি দিছে । ইয়াৰে ২৩৮ জন সদস্য বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা পৰোক্ষ পদ্ধতিৰ দ্বাৰা নির্বাচিত আৰু ১২ জন সদস্যক ৰাষ্ট্রপতিয়ে সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি বিষয়ত অভিজ্ঞ ব্যক্তিসকলৰ মাজৰ পৰা মনোনীত কৰে ।
অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা ৭ খন । ৰাজ্যসভাৰ সদস্যসকলক পৰোক্ষ পদ্ধতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয় । লোকসভাৰ দৰে জনসাধাৰণে পোনপটীয়াকৈ ইয়াৰ সদস্যসকলক নিৰ্বাচিত নকৰে । প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে একক হস্তান্তৰিত্বমূলক গোপন ভোটৰ জৰিয়তে আনুপতিক প্ৰতিনিধিত্বৰ ভিত্তিত ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচিত কৰে ।
ভাৰতবৰ্ষত ৰাজ্যৰ পৰা ৰাজ্যসভালৈ পঠাবলগীয়া সদস্য সংখ্যা একে নহয় । ৰাজ্যৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি সদস্যৰ সংখ্যা নিৰ্ধাৰণ কৰা হয় । জনবহুল ৰাজ্যবিলাকৰ পৰা বেছি সংখ্যক সদস্য আৰু কম জনসংখ্যা থকা ৰাজ্যৰ পৰা কম সংখ্যক সদস্য ৰাজ্যসভাত নিৰ্বাচিত কৰি পঠোৱা হয় ।
অসমৰ জনসংখ্যাৰ ভিত্তিত সদস্য সংখ্যা ৭ গৰাকী । সংবিধানৰ চতুৰ্থ সূচীত কোন ৰাজ্যৰ পৰা কিমান সদস্য পঠাব লাগিব সেইটো লিপিবদ্ধ কৰা আছে । ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল ৬ বছৰ । ইয়াৰ এক-তৃতীয়াংশ সদস্য প্রত্যেক দুই বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে আৰু নতুনকৈ সিমানসংখ্যক সদস্য নির্বাচিত হৈ সেই খালী ঠাই পূৰণ কৰা হয় ।
ৰাজ্যসভাৰ সকলোবোৰ সদস্য একেসময়ত অৱসৰ গ্ৰহণ নকৰে । ইফালে অসম বিধানসভাৰ আসনৰ সংখ্যা হৈছে ১২৬ খন । ইয়াৰে ৭৯ খন শাসকীয় মিত্রদলৰ দখলত আছে । বিজেপিৰ ৬৩ খন, অগপৰ ৯ খন আৰু ইউ পি পি এলৰ ৭ খন । আনহাতে বিৰোধী দল কংগ্ৰেছৰ দখলত আছে ২৬ খন, এ আই ইউ ডি এফৰ ১৬ খন, চি পি আই এমৰ এখন আৰু ৰাইজৰ দলৰ এখন আসন ।

